ৰামা আদেল্লু গাণ্ডেৱাড়ৰ মনটো অনবৰতে উদ্বিগ্ন হৈ থাকে। ইয়াৰ কাৰণ তেওঁ নিজে নজনা নহয়। ক’ভিড-১৯ৰ দ্বিতীয় ঢৌৰ আতংক কমিছে যদিও তেওঁ ইয়াৰ ভয়াৱহ স্মৃতিবোৰ মচি পেলাব পৰা নাই। “শ্মশানখনত ভিৰ কমিছে,” তেওঁ কয়। “কিন্তু কি হ’ব যদিহে তৃতীয় ঢৌ আহে? মই সেই ভয়াৱহতাৰ মাজেৰে আকৌ এবাৰ পাৰ হোৱাৰ কথা ভাবিব নোৱাৰোঁ।”
শ্মশানৰ কাম কৰা তিনি কুৰি বছৰ বয়স গৰকা ৰামা মহাৰাষ্ট্ৰৰ ওচমানাবাদ চহৰত থকা কপিলধৰ শ্মশান ভূমিত কৰ্মৰত। তেওঁ তেওঁৰ পৰিয়ালসহ শ্মশানৰ চৌহদতে থাকে। তেওঁৰ পৰিয়ালত আছে তেওঁৰ ৭৮ বছৰীয়া মাতৃ আদিলবাই, ৪০ বছৰীয়া পত্নী লক্ষ্মী আৰু তেওঁলোকৰ চাৰিজনী জীয়েক- ৰাধিকা (১৮), মনিষা (১২), সত্যশীলা (১০), আৰু সাৰিকা (৩)। ৰাধিকাৰৰ বিয়া হৈছে, তেওঁৰ ২২ বছৰীয়া স্বামী গণেশো তেওঁলোকৰ লগতে থাকে।
শ্মশানখন পৰিচালনা কৰাটো ৰামাৰ দায়িত্ব। “মই চিতা সাজু কৰোঁ, মৃতদেহবোৰ সত্কাৰৰ পিছত থাকি যোৱা ছাঁই আদি পৰিস্কাৰ কৰা এনে বহুতো কাম কৰোঁ।” এইবোৰ কামত গণেশে তেওঁক সহায় কৰে। “ইয়াৰ বাবে আমি (ওচমানাবাদ) পৌৰ পৰিষদৰ পৰা মাহে ৫০০০ টকা পাওঁ,” ৰামাই কয়। তেওঁলোক দুয়োজনে মিলি কৰা এই কামটোৰ বাবে পোৱা ধনেই তেওঁলোকৰ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনৰ উত্স।
মূলতে ওচমানাবাদ চহৰৰ পৰা ২০০ কিলোমিটাৰতকৈও দূৰত্বত অৱস্থিত নান্দেড় নিবাসী ৰামা আৰু তেওঁৰ পৰিয়ালটো প্ৰায় ১২ বছৰ আগতেই ইয়ালৈ আহিছিল। তেওঁলোক মছানযোগী সম্প্ৰদায়ৰ, এই সম্প্ৰদায়টো মহাৰাষ্ট্ৰৰ এটা যাযাবৰ জনজাতি ৰূপে পৰিচিত। পৰম্পৰাগতভাৱে মছানযোগীসকলে মৃতদেহ সত্কাৰ কৰে আৰু ভিক্ষা মাগে। গণ্ডেৱাড়ৰ দৰে কিছুমান পৰিয়ালে শ্মশানভূমি আৰু কবৰ স্থানতে বাস কৰে।
ৰামাই কয় যে তেওঁ “তেওঁৰ গোটেই জীৱন” শ্মশানতে কাম কৰিছে। কিন্তু তেওঁ ক’ভিড-১৯ৰ সংক্ৰমণৰ পিছত দেখাৰ দৰে একেলগে ইমানবোৰ মৃতদেহ কেতিয়াও দেখা পোৱা নাছিল। “বিশেষকৈ দ্বিতীয় ঢৌ [২০২১ৰ মাৰ্চ-মে’]ৰ সময়ত,” তেওঁ কয়, “মই এনেকুৱা আগতে কেতিয়াও দেখা নাছিলো। ক’ভিড আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ শবোৰ গোটেই দিন জ্বলি থাকে আৰু সেই ধোঁৱাৰ গোন্ধ আমি গোটেই দিন লৈ থাকো। মই আচৰিত যে আমাৰ কোনো ক’ভিড আক্ৰান্ত হৈ নমৰিলো।”
অতিমাৰীৰ এনে প্ৰকোপ আছিল যে শেষত এই পৰিয়ালটোৱে উশাহ ল’বলৈ অলপ ভাল বতাহৰ বাবে হাঁহাকাৰ কৰি উঠিছিল। শ্মশানৰ প্ৰৱেশদ্বাৰত থকা তেওঁলোকৰ টিনপাতৰ চালি দিয়া ঘৰটো, চিতা জ্বলোৱা ঠাইৰ পৰা মাত্ৰ ১০০-১৫০ মিটাৰ মান আঁতৰতহে। চালিখনৰ সন্মুখতে খৰি এদ’ম গোটাই থোৱা থাকে আৰু ঘৰটোৰ ঢাপৰ পৰা তললৈ প্ৰায় কেইহাতমান দূৰতে চিতাবোৰ সজোৱা হয়। জ্বলি থকা মৰাশবোৰৰ পৰা ওলোৱা তীব্ৰ গন্ধ চালিখনৰ ফালে উৰি আহে।
ক’ভিডৰ কাৰণে যেতিয়া মৃত্যুৰ হাৰ বাঢ়ি আছিল, গাণ্ডেৱাড়ৰ ঘৰখন সকলো সময়তে ধোঁৱাময় হৈ থাকিছিল। ওচমানাবাদ চিভিল হস্পিতালৰ পৰা দাহ-সংস্কাৰৰ বাবে মৰাশবোৰ দিনটোত দুবাৰকৈ লৈ আহিছিল - আবেলি আৰু সন্ধিয়া অলপ দেৰিকৈ। সেইবোৰ আহি পোৱাৰ আগতেই শ্মশানত ৰামা আৰু গণেশে চিতা সাজু কৰি ৰাখিছিল।
“সেই মাহকেইটাত শ্মশানত প্ৰতিদিনে ১৫-২০টা শ জ্বলোৱা হৈছিল। এদিনতো আমি ২৯ টা শৱ জ্বলাইছিলো,” গণেশে কয়। “প্ৰথমটো ঢৌত [২০২০ৰ এপ্ৰিলৰ পৰা জুলাই আৰম্ভণিলৈকে] আমি দিনে ৫ৰ পৰা ৬টাকৈ শ পাইছিলো। তেতিয়া আমি ভাবিছিলো যে সেয়া বহুত। আমি আকৌ এবাৰ ইমান চম্ভালিব নোৱাৰিম। এয়া দেহা মৰা কাম,” তেওঁ লগতে কয়।
প্ৰতিদিনেই মৃতকৰ আত্মীয়ৰ কান্দোনৰ ৰাউচি শুনি তেওঁলোক সাৰ পাই শোৱাপাটি এৰে আৰু জ্বলা-পোৰা কৰা চকুৰে শুবলৈ যায়। কৰ’ণা ভাইৰাছৰ সংক্ৰমণ কমি যোৱাৰ পিছত যদিও তেওঁলোকে অলপ ভালদৰে উশাহ ল’ব পাৰিছে, ৰামাই এতিয়াও সেই সময়ত ঘৰ ভৰি পৰা গোন্ধটো পাহৰিব পৰা নাই।
১৪ অক্টোবৰত ওচমানাবাদ জিলাত ক’ভিড-১৯ৰ ৩৯০ গৰাকী সক্ৰিয় ৰোগী আছে। এই অতিমাৰীত ২০২০ৰ মাৰ্চৰ পৰা ৬৭,০০০ তকৈ অধিক সংক্ৰমণ আৰু ২০০০তকৈ অধিক মৃত্যুৰ ঘটনা ঘটিছে।
শ্মশানত আত্মীয়-স্বজনৰ হাহাকাৰ কান্দোনে ৰামাৰ পিছ এতিয়াও এৰা নাই। কিন্তু তেওঁ কয়, তেওঁলোক আহি শ্মশানভূমিত ভীৰ কৰেহি আৰু বহুতো ক’ভিড প্ৰটকল ভংগ কৰে। “তেওঁলোকৰ লগত অলপ সমবেদনাৰে ব্যৱহাৰ কৰিবলগীয়া হয়,” তেওঁ কয়। “তেওঁলোকক এটা সুৰক্ষিত দূৰত্বত ৰাখিব লাগে আৰু নিজৰ কাম কৰি যাব লাগে। কেতিয়াবা মানুহবোৰে বুজি পায়, আৰু কেতিয়াবা তেওঁলোক উগ্ৰ হৈ পৰে।”
কিন্তু এই সকলোবোৰে ৰামাৰ নিজ পৰিয়ালৰ ওপৰত স্পষ্টৰূপে প্ৰভাৱ পেলাইছে – বিশেষভাৱে দ্বিতীয় ঢৌটোয়ে। শ্মশানৰ এঢলীয়া শিল দিয়া ৰাস্তাটোৰে যেতিয়াই এখন এম্বুলেঞ্চ আহে, তিনি বছৰীয়া সাৰিকাই চিঞঁৰি উঠে “ধোঁৱা, ধোঁৱা”। “শবোৰ এম্বুলেঞ্চৰ পৰা নমোৱাৰ আগতেই তাই চকু দুটা মোহাৰিবলৈ আৰম্ভ কৰে,” বুলি কৈ গণেশে লগতে কয় যে ঘৰৰ দুৱাৰ-খিৰিকি বন্ধ কৰি ৰাখিলেও ধোঁৱা ঘৰৰ ভিতৰলৈ যায়। “দ্বিতীয় ঢৌৰ সংক্ৰমণ কমি অহাৰ পৰা আমি অলপ ৰেহাই পাইছো। এতিয়া অন্ততঃ তাই তেনেকুৱা নকৰে। কিন্তু এনেদৰে ডাঙৰ হ’লে এইবোৰে তাইৰ ওপৰত দীঘলীয়াকৈ প্ৰভাৱ পেলাব। এতিয়া তৃতীয় ঢৌৰ সম্ভাৱনাই বুকু কঁপাই তোলে।”
প্ৰতিদিনে ৰাতিপুৱা ৰামা আৰু তেওঁৰ পৰিয়ালে তেওঁলোকৰ মোবাইলত জিলা প্ৰশাসনৰ পৰা পোৱা ক’ভিড-১৯ত আক্ৰান্তৰ সংখ্যাবোৰ চায়। “প্ৰতিদিনে আমি শুই উঠো, সংখ্যাবোৰ চাওঁ, আৰু তাৰ পিছতহে স্বস্তিৰ নিশ্বাস লওঁ। শেহতীয়াভাৱে, এয়া চিন্তনীয় হৈ পৰা নাই,” বুলি ৰামাই কয়। “কিন্তু যদি তৃতীয় ঢৌ আহে বা যদি [ক’ভিড] সংক্ৰমণৰ সংখ্যাবোৰ বাঢ়ি যায়, সেই বিষয়ে গম পোৱা আমিয়েই প্ৰথম হ’ম।”
যদিও পৰিয়ালটো অতিমাৰীৰ কবলৰ পৰা এতিয়ালৈকে বাচি আছে, ৰামাৰ মাকে ইয়াৰ পৰা হ’ব পৰা দীৰ্ঘস্থায়ী প্ৰভাৱৰ কথা কয়। “আমি সকলোৱেই কেতিয়াবা নহয় কেতিয়াবা বেমাৰত পৰিছো,” আদিলবাইয়ে কয়। “আনকি আমি এতিয়াও কাহি আছো, যদিও এতিয়া ইমান বেছি শ নাই। মই নাভাবো যে মৃত্যুৱে আৱৰি থকা এনে এটা পৰিৱেশত আমি ক’ভিডৰ তৃতীয় এটা ঢৌ সহিব পাৰিম।”
য’তে আছে ত’তে থকাৰ বাহিৰে তেওঁলোকৰ ওচৰত অন্য কোনো বিকল্প নাই। “আমি ক’লৈ যাম?” ৰামাই কয়। “ঘৰ এটা ভাড়ালৈ ল’বলৈ আমাৰ ওচৰত ইমান পইছা নাই। আৰু মই মোৰ গোটেই জীৱনটোত আন একো কাম কৰি পোৱা নাই।”
শ্মশানৰ ওচৰতে থকা নগৰপালিকাৰ আধা একৰ মাটিত পৰিয়ালটোৱে জোৱাৰ আৰু বাজৰাৰ খেতি কৰে আৰু সেয়া তেওঁলোকৰ পৰিয়ালটোৰ বাবে কোনোমতে জোৰে। “শ্মশানৰ কামৰ পৰা আমাৰ হাতলৈ নগদ ধন আহে [৫০০০ টকা]। সেইখিনি নাপালে আমি চলিব নোৱাৰিম,” আদিলবাইয়ে কয়।
পৰিয়ালটোৱে অন্য কোনো আয় নোহোৱাকৈ, এতিয়া প্ৰয়োজন হোৱা মৌলিক সুবিধখিনিও নোহোৱাকৈয়ে জীৱন নিৰ্বাহ কৰিছে। “আমাৰ সুৰক্ষামূলক কোনো গিয়েৰ নাই। আমাৰ ওচৰত আনকি ছেনিটাইজাৰো নই। সকলোবোৰ আমি আমাৰ খালী হাতেৰেই কৰি আহিছো,” আদিলবাইয়ে কয়। কিন্তু কাৰো কাৰণে নাভাবিলেও তেওঁ নিজৰ নাতিনীয়েক কেইজনীৰ কথা ভাবি চিন্তাত পৰে। তেওঁ কয়, “সিহঁত শ্মশানত ডাঙৰ হোৱাটো আৰু ইয়াত কাম কৰাটো মই নিবিচাৰোঁ।”
এই প্ৰতিবেদন সাংবাদিকজনলৈ পুলিটজাৰ চেণ্টাৰে আগবঢ়োৱা স্বতন্ত্ৰ সাংবাদিকতা অনুদানৰ অধীনত কৰা এলানি প্ৰতিবেদনৰ অংশ ।
অনুবাদ: ল’নলী গগৈ