ওচমানাবাদ জিলাত এই বছৰ যেতিয়া ক’ভিড-১৯ৰ দ্বিতীয় সংক্ৰমণ আৰম্ভ হ’ল, ই কেৱল দুৱাৰমুখলৈ অহাই নহয়, একেবাৰে মানুহৰ দেহত প্ৰৱেশ কৰিলে। তুলজাপুৰ তহচিলত ক’ভিডে সৃষ্টি কৰা সংকট ক্ষীপ্ৰ কৰি তোলাৰ ক্ষেত্ৰত তুলজা ভবানী মন্দিৰক এই মহামাৰীয়ে বাধ্য কৰালে।
ক’ভিড-১৯য়ে এবাৰ মৃত্যুৰ দুৱাৰডলিত থিয় কৰোৱা জয়সিং পাটিলে প্ৰতিজ্ঞা কৰিছে যে সম্পূৰ্ণ নিৰাপদ নোহোৱা পৰ্য্যন্ত মন্দিৰত কাকো সোমাব দিয়া নহ’ব। “মই এজন ভক্ত, মই মানুহৰ বিশ্বাসক সন্মান কৰোঁ। কিন্তু মহামাৰী চলি থকাৰ মাজত মন্দিৰ খুলি ৰখা শুভবুদ্ধিৰ পৰিচায়ক নহয়,” তেওঁ কয়।
তুলজা ভবানী মন্দিৰ ন্যাসত ৪৫ বছৰীয়া পাটিলে কেৰাণী হিচাপে কাম কৰে। “এইবছৰৰ ফেব্ৰুৱাৰীত মোক শ শ ভক্তক শাৰী পতাবলৈ কোৱা হ’ল,” তেওঁ কয়। এই মন্দিৰটো তীৰ্থযাত্ৰীৰ বাবে মহাৰাষ্ট্ৰৰ অতিকৈ জনপ্ৰিয় ধৰ্মপীঠ। প্ৰতিদিনে ভাৰতৰ বিভিন্ন ঠাইৰ হাজাৰ হাজাৰ লোক ইয়ালৈ আহে। “ভক্তসকল আগ্ৰাসী, তেওঁলোকক মন্দিৰত সোমাবলৈ নিদিলে আপোনাৰ ওপৰত ক্ৰুদ্ধ হৈ উঠিব। সম্ভৱতঃ ভিৰ নিয়ন্ত্ৰণ কৰাৰ সময়তে মই ক’ভিড-১৯ত সংক্ৰমিত হ’লো।”
তেওঁ এখন চিকিৎসালয়ত ইণ্টেনচিভ কেয়াৰ ইউনিটত প্ৰায় দুসপ্তাহ অক্সিজেনৰ সহায় লৈ থাকিবলগীয়া হৈছিল। তেওঁৰ তেজত অক্সিজেনৰ হাৰ ৭৫-৮০ শতাংশৰ মাজত উঠা-নমা কৰিছিল। ৯২ শতাংশৰ তললৈ গ’লে অৱস্থা শোচনীয় হ’ব বুলি চিকিৎসকে কৈছিল। “মই কোনোমতে বাচি গ’লো, কিন্তু কেইবামাহৰ পিছতো মোৰ ভাগৰুৱা ভাৱ দূৰ হোৱা নাই।” জয়সিঙে কয়।
তেওঁ অসুস্থ হৈ উঠাৰ এমাহমান আগতে তেওঁৰ ৩২ বছৰীয়া ভাতৃ জগদীশৰ জীৱন একেই ৰোগত কোনোমতে ৰক্ষা পৰিছিল। তেওঁ কমেও তিনি সপ্তাহ চিকিৎসালয়ত আছিল। তেওঁৰ তেজত অক্সিজনেৰ পৰিমাণ ৮০ শতাংশৰ তললৈ গৈছিল। “তেওঁ মন্দিৰৰ পূজাৰী, ক’ভিড পজিটিভ ভক্ত এজনৰ সংস্পৰ্শলৈ অহাৰ পিছত তেওঁ সংক্ৰমিত হয়। আমাৰ দুয়োৰে সেই ভয়লগা অভিজ্ঞতা আছে,” জয়সিঙে কয়।
এই অভিজ্ঞতা ব্যয়বহুলো। দুয়ো ভাতৃয়ে চিকিৎসা ব্যয়ৰ বাবে প্ৰায় ৫ লাখ টকা ভৰিলে। “দৈৱক্ৰমে আমি ৰক্ষা পৰিলো। কিন্তু হাজাৰ হাজাৰ লোক মৃত্যুমুখত পৰিছে আৰু বহুতো পৰিয়াল ধ্বংস হৈ গ’ল। আপুনি কিমান চেষ্টা কৰিছে সেয়া ডাঙৰ কথা নহয়, মন্দিৰলৈ অহা ভক্তৰ ভিৰত শাৰীৰিক দূৰত্ব ৰক্ষাৰ নিয়মৰ ওপৰত সেয়া নিৰ্ভৰ কৰে,” জয়সিঙে কয়।
দ্বাদশ শতিকাত স্থাপিত ধৰ্মপীঠ বুলি বিশ্বাস কৰা তুলজা ভবানী মন্দিৰলৈ বছৰি চাৰিশ কোটি টকা আহে বুলি তুলজাপুৰৰ তহচিলদাৰ সৌদাগৰ তান্দালে কয়। তুলজাপুৰ তহচিলৰ অৰ্থনীতি মন্দিৰৰ ওপৰত নিৰ্ভৰশীল। মিঠাইৰ দোকান, শাড়ী-কাপোৰৰ দোকান, পূজাৰ সামগ্ৰীৰ দোকান, হোটেল-লজ আনকি পুৰোহিত-পূজাৰীসকলৰ পৰিয়ালবোৰেও তেওঁলোকৰ উপাৰ্জনৰ বাবে তীৰ্থযাত্ৰীৰ ওপৰত নিৰ্ভৰ কৰে।
তান্দালে কয় যে ক’ভিড আৰম্ভ হোৱাৰ আগতে প্ৰতিদিনে মন্দিৰত কমেও গঢ়ে ৫০ হাজাৰ লোকৰ সমাগম হৈছিল। “নৱৰাত্ৰী উৎসৱৰ সময়ত (ছেপ্টেম্বৰ-অক্টোবৰ মাহত) প্ৰতিদিনে মন্দিৰলৈ কমেও এক লাখ ভক্তৰ আগমন ঘটিছিল,” তেওঁ কয়। এবাৰ বছৰৰ এটা দিনতে মন্দিৰলৈ সাত লাখ দৰ্শনাৰ্থী আহিছিল।
তহচিল কাৰ্য্যালয়ে আগতীয়াকৈ অনুমতি পত্ৰ প্ৰদান কৰাৰ সিদ্ধান্ত লৈছিল, তুলজাপুৰ নগৰত দৈনিক মাত্ৰ ২০০০ লোকক প্ৰৱেশৰ অনুমতি দিয়া হ’ব। কিন্তু এই সংখ্যা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰে। ২০২১ৰ জানুৱাৰীত মন্দিৰলৈ অহা ভক্তৰ দৈনিক সংখ্যা ৩০ হাজাৰ হ’লগৈ
তান্দালে আমাক জনায় যে তীৰ্থযাত্ৰীসকলৰ ৯০ শতাংশ ওচমানাবাদৰ বাহিৰৰ পৰা আহে। “তেওঁলোক মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ, তেলাংগনা, কৰ্ণাটক আৰু আন ঠাইৰ পৰা আহে।”
২০২০ৰ নৱেম্বৰৰ মাজভাগত ক’ভিড-১৯ৰ প্ৰথম ঢৌ শাম কটাৰ পিছত মন্দিৰ পুনৰ খোলাৰ লগে লগে বিপদ বাঢ়ি যায়। ক’ভিডৰ প্ৰথম ঢৌৰ সময়ত মন্দিৰৰ ভক্তসকলে সংক্ৰমিত লোকৰ তালিকা দীঘল কৰিবলৈ ধৰিলে।
২০২০ৰ ১৭ মাৰ্চৰ পৰা মন্দিৰ যদিও বন্ধ ৰখা হৈছিল, আৰু তাৰ কেইদিনমানৰ পিছতে দেশজোৰা লকডাউন আৰম্ভ হৈছিল, কিন্তু দেৱীক দৰ্শন কৰিবলৈ তেতিয়াও ভক্তসকল আহি আছিল। “তেওঁলোক মূল প্ৰৱেশদ্বাৰলৈ আহিছিল আৰু বাহিৰৰ পৰাই দেৱীলৈ ভক্তি নিবেদন কৰিছিল। লকডাউন চলি থকা স্বত্ত্বেও ভক্তসকলে তুলজাপুৰলৈ কিবা উপায়েৰে আহিছিল। ২০২০ৰ এপ্ৰিল-মে’ মাহত আহি ৫০০০ৰো অধিক তীৰ্থযাত্ৰী পাইছিলো। আনকি লকডাউনৰ পিছতো ইয়াত সংক্ৰমণৰ হাৰ হ্ৰাস পোৱা নাছিল,” নিজৰ নাম প্ৰকাশত অনিচ্ছুক জিলাখনৰ এজন বিষয়াই কৈছিল।
২০২০ৰ মে’ মাহৰ শেষত জিলা প্ৰশাসনে যেতিয়া পুৰোহিতসকলক তুলজাপুৰত স্বাস্থ্যপৰীক্ষা কৰিলে, তেতিয়া প্ৰায় ৩৫০০ জন লোকৰ কমেও ২০ শতাংশৰ ক’ভিড পজিটিভ পোৱা গৈছিল বুলি তান্দালে কয়। তুলজাপুৰত প্ৰৱেশ কৰিবলৈ দিয়াৰ আগতে জুন মাহৰ পৰা তহচিল প্ৰশাসনে মানুহৰ পৰা ক’ভিড নিগেটিভ প্ৰমাণপত্ৰ বিচাৰিলে। “ইয়াৰ ফলত ভক্তৰ ভিৰ কিছু পৰিমাণে নিয়ন্ত্ৰণ হ’ল। ক’ভিডৰ প্ৰথম ঢৌৰ সময়ত তুলজাপুৰত সৰ্বাধিক সংক্ৰমণ হৈছিল।”
ই আশ্চৰ্য্যজনক নাছিল।
কিছুমান ধৰ্মীয় আচাৰ-অনুষ্ঠানৰ অনুশীলনে ক’ৰনা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি কৰিলে। এইবিলাকৰ ভিতৰত এটা হ’ল ‘পুৰাণ পালি’। পূজাৰীৰ ঘৰত মহিলাসকলে তৈয়াৰ কৰা এবিধ চেপেটা মিঠা পিঠা। এই পিঠা তৈয়াৰ কৰাৰ কাৰণে দৰকাৰ হোৱা সামগ্ৰী ভক্তই লৈ আহে আৰু এই পিঠা ভক্তই পূজাৰীৰ ঘৰত খায় আৰু একাংশ মন্দিৰৰ দেৱীলৈ আগবঢ়ায়।
ক’ভিড আৰম্ভ হোৱাৰ আগতে ৬২ বছৰীয়া মন্দাকিনী সৌলাংখিয়ে দৈনিক প্ৰায় ১০০ ভক্তৰ কাৰণে পুৰাণ পালি প্ৰস্তুত কৰিছিল। তেওঁৰ পুত্ৰ ৩৫ বছৰীয়া নাগেশ মন্দিৰৰ এজন পূজাৰী। “উৎসৱৰ সময়ত কিমান এনেকুৱা পুৰাণ পালি তৈয়াৰ কৰা হয়, সেইবিষয়ে নুসুধিব। মই গোটেই জীৱন এই কাম কৰি কটাইছো। জীৱনত প্ৰথমবাৰৰ বাবে মই অলপ জিৰণি পাইছো, কিন্তু ক’ভিডৰ প্ৰথমটো ঢৌ চলি থাকোতেও মানুহ আহিছিল,” তেওঁ কয়।
পুৰাণ পালি তৈয়াৰ কৰা সহজ কাম নহয়। ইয়াৰ সোৱাদ ঠিকে ৰাখিব লাগিব। সেই পিঠাখনৰ দুয়োটা ফাল ভাজিবলৈ এখন গৰম চেপেটা থালি ব্যৱহাৰ কৰা হয়। “হাতত জুয়ে পোৰাৰ দাগ নথকা এগৰাকী মহিলা তুলজাপুৰত পোৱা নাযাব। আমি অলপ জীৰণি পাইছো সঁচা, কিন্তু আমাৰ জীৱিকাও নোহোৱা হ’ল,” নাগেশৰ ৩০ বছৰীয়া পত্নি কল্যাণীয়ে কয়।
নাগেশৰ পূৰ্বপুৰুষসকল পুৰোহিত আছিল। পুৰুষানুক্ৰমে তেওঁলোকে সেই বৃত্তি অৱলম্বন কৰি আহিছে। এয়া তেওঁলোকৰ একমাত্ৰ উপাৰ্জনৰ উৎস। “ভক্তসকলে দাইল, তেল, চাউল আৰু আন খাদ্য-সামগ্ৰী তেওঁলোকৰ লগত লৈ আহে। আমি ইয়াৰ এটা অংশ তেওঁলোকক খুৱাও। অৱশিষ্টখিনি আমি ঘৰত ব্যৱহাৰ কৰোঁ। ভক্তৰ হৈ আমি যেতিয়া পূজা কৰোঁ, তেওঁলোকে আমাক দক্ষিণা হিচাপে অলপ পইছা দিয়ে। আমি পূজাৰীসকলে প্ৰতিমাহে প্ৰায় ১৮ হাজাৰ টকা পাওঁ। এতিয়া সেই উপাৰ্জন সম্পূৰ্ণৰূপে বন্ধ হৈ আছে,” তেওঁ কয়।
তেওঁ লগে লগে স্পষ্ট কৰে যে আচলতে মন্দিৰ খুলিবলৈ তেওঁ দাবী জনোৱা নাই। মানুহে যথেষ্ট অসুবিধাৰ মাজত জীৱন কটাইছে। “অৰ্থনীতি পুনৰ টনকিয়াল কৰিবলৈ মানুহৰ জীৱনৰ শংকা আছে। এই বিশেষ পৰিস্থিতিৰ বিষয়ে আমি জানো। মাত্ৰ আমাক অলপ সাহায্য লাগে,” তেওঁ কয়।
তীৰ্থযাত্ৰীসকলক তুলজাপুৰৰ বাহিৰত ৰাখিবলৈ তহচিল কাৰ্য্যালয়ে পূজাৰী আৰু নগৰখনৰ বাসিন্দাসকলৰ সহায় বিচাৰিলে। তান্দালে কয়, “মুখ্য পূজাৰীৰ সহায়ত আমি পূজাৰ অনুষ্ঠান পৰিচালনা কৰিবলৈ লৈছো। আনকি যোৱা বছৰ নৱৰাত্ৰীৰ সময়ত আমি ভক্তসকলক আহিবলৈ দিয়া নাছিলো। বাহিৰৰ কোনো লোকক আমি মন্দিৰত প্ৰৱেশৰ অনুমতি দিয়া নাছিলো। প্ৰতিবছৰে এখন সুসজ্জিত পালকি আহমদনগৰ (বুৰ্হান্নগড় দেৱী মন্দিৰ)ৰ পৰা ইয়ালৈ আহে, কিন্তু এইবাৰ পালকিখন এখন ট্ৰেক্সিত উঠাই ৰাস্তাত ক’তো নৰখাই ইয়ালৈ পঠাই দিবলৈ ক’লো।”
২০২০ৰ অক্টোবৰত যেতিয়া ক’ভিডৰ প্ৰথমটো ঢৌ হ্ৰাস পালে, মানুহে সাৱধানতা অৱলম্বন কৰিবলৈ বাদ দিলে, মহামাৰী যেন এটা অতীতৰ ঘটনাহে হৈ পৰিল।
তুলজাপুৰ মন্দিৰ পুনৰ খোলাৰ দাবী আৰম্ভ হ’ল আৰু ২০২০ৰ নৱেম্বৰৰ প্ৰথম সপ্তাহত প্ৰতিবাদ আৰম্ভ হ’ল। ৰাজ্যখনৰ বিধানসভাৰ বিৰোধী ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টি (বিজেপি)ৰ নেতৃত্বত এই প্ৰতিবাদ আৰম্ভ হ’ল। “হোটেল, ৰোষ্টোঁৰা আৰু পানশালাসমূহ খোলা হ’ল। তেন্তে মন্দিৰ কিয় বন্ধ ৰাখিব লাগে?” বিজেপিৰ ওচমানাবাদ জিলা সচিব গুলচান্দ ব্যৱহৰে কয়। “মানুহৰ জীৱিকা ইয়াৰ ওপৰত নিৰ্ভৰশীল। ক’ভিড কেৱল মন্দিৰৰ পৰাই বিয়পে নেকি?”
নিজৰ নাম প্ৰকাশ নকৰাৰ চৰ্তত তুলজাপুৰৰ এজন তহচিল কাৰ্য্যালয়ৰ বিষয়াই কয় যে তুলজাপুৰত অৰ্থনীতি, ৰাজনীতি আৰু ধৰ্মীয় বিশ্বাস একাকাৰ হৈ আছে। “ইয়াত বিচ্ছিন্ন ঘটনাৰূপে চাব নোৱাৰে। মানুহে অৰ্থনীতিৰ ওপৰত বেছি গুৰুত্ব আৰোপ কৰিছে। কাৰণ ধৰ্মতকৈ অৰ্থনীতি বিষয়টো অধিক পতিয়নযোগ্য। বাস্তৱত তিনিওটা মিলি মন্দিৰ বন্ধ হোৱাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিছে,” তেওঁ কয়।
মন্দিৰ পুনৰ খোলাৰ অভিযান সমগ্ৰ মহাৰাষ্ট্ৰ বিয়পি পৰিছে। ২০২০ৰ নৱেম্বৰৰ মাজভাগত মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেয়ে মন্দিৰ খুলিবলৈ অনুমতি প্ৰদান কৰিলে।
তুলজাপুৰৰ স্থানীয় প্ৰশাসনে তীৰ্থযাত্ৰীৰ বাবে আগতীয়া অনুমতিপত্ৰ প্ৰদানৰ সিদ্ধান্ত লৈছিল আৰু তুলজাপুৰ নগৰত প্ৰতিদিনে ২০০০ লোকৰ প্ৰৱেশৰ অনুমতি দিছিল। কিন্তু এই সংখ্যা ক্ৰমাৎ বৃদ্ধি কৰা হয়, ২০২১ৰ জানুৱাৰীত দৈনিক তীৰ্থযাত্ৰীৰ সংখ্যা ৩০,০০০লৈ বৃদ্ধি পায়। নিয়ন্ত্ৰণ কৰা অসুবিধাজনক হৈ পৰিল, জয়সিঙে কয়, “৩০ হাজাৰজনক যেতিয়া প্ৰৱেশৰ অনুমতি দিয়া হ’ল, তেতিয়া আন ১০ হাজাৰজনে অনুমতি অবিহনে প্ৰৱেশৰ চেষ্টা কৰিলে। দেৱীৰ আশীৰ্বাদ বিচাৰি দূৰ-দূৰণিৰ পৰা অহা ভক্তই কোনো কাৰণতে ‘নহ’ব’ বোলা কথাষাৰ মানিবলৈ প্ৰস্তুত নহয়। দ্বিতীয় ঢৌ শাম কাটিলেও আমি আত্মসন্তুষ্টি লভিব নোৱাৰো। কিছুমান মানুহে ভাইৰাছৰ বিষয়টো গুৰুত্ব দিব নিবিচাৰে। আপোনাৰ যদি ক’ভিড নহয়, আপুনি এইকথা বুজি নাপাব।”
তুলজাপুৰ মন্দিৰলৈ ভক্তৰ আগমন বৃদ্ধি পোৱাৰ লগে লগে ওচমানাবাদ জিলাত ক’ভিড সংক্ৰমিত লোকৰ সংখ্যাও বৃদ্ধি পালে। ফেব্ৰুৱাৰীত জিলাখনত ৩৮০ জন ক’ভিড পজিটিভ লোক পোৱা গ’ল। মাৰ্চত ক’ভিড পজিটিভৰ সংখ্যা নগুণ বেছি হ’ল। অৰ্থাৎ ৩০৫০ জন হ’ল। এপ্ৰিল মাহত সংক্ৰমিত লোকৰ সংখ্যা ১৭৮০০ জনৰো অধিক হ’ল যিটো ওচমানাবাদৰ স্বাস্থ্যখণ্ডৰ বাবে এক বোজা হৈ পৰিল।
“তুলজাপুৰ মন্দিৰৰ বাদে ওচমানাবাদৰ আন কোনো ঠাইত ইমান বিশাল জনসমাগম নহয়। নিঃসন্দেহে ই ক’ভিডৰ দ্বিতীয় ঢৌ বিয়পাই পেলালে। ই উত্তৰপ্ৰদেশৰ কুম্ভ মেলাৰ লেখীয়া, মাথোন তাৰ তুলনাত জনসমাগম কিছু পৰিমাণে কম হয়,” নিজৰ নাম প্ৰকাশ কৰিব নিবিচৰা এজন জিলা বিষয়াই কয়।
দ্বিতীয় ঢৌৰ সময়ত যেতিয়া তুলজাপুৰৰ পূজাৰীসকলৰ ক’ভিড-১৯ পৰীক্ষা কৰা হ’ল, তেওঁলোকৰ ৩২ শতাংশ ক’ভিড পজিটিভ, কমেও ৫০ জনৰ মৃত্যু হোৱা বুলি তান্দালে কয়।
ওচমানাবাদ জিলাৰ আঠটা তহচিলৰ ভিতৰত ক’ভিড সংক্ৰমণ আৰু ক’ভিডৰ মৃত লোকৰ সংখ্যাৰ দিশৰ পৰা তুলজাপুৰ দ্বিতীয় স্থানত আছে। ওচমানাবাদ তহচিলৰ হিচাপ অনুসৰি সংক্ৰমিত লোক আৰু মৃত লোকৰ সংখ্যা সৰ্বাধিক, কাৰণ জিলাখনৰ আটাইতকৈ ডাঙৰ চৰকাৰী চিকিৎসালয়খন ইয়াত আছে আৰু গোটেই জিলাখনৰ সংকটাপন্ন ৰোগীসকলৰ চিকিৎসা ইয়াত কৰা হয়।
মাৰাঠৱাড়াৰ কৃষি অঞ্চলৰ অন্তৰ্ভূক্ত ওচমানাবাদ খৰাং বতৰ, দুখ-যন্ত্ৰণা আৰু ঋণগ্ৰস্ততাৰে ইয়াৰ কৃষক ভাৰাক্ৰান্ত আৰু মহাৰাষ্ট্ৰৰ ভিতৰতে সৰ্বাধিক কৃষকৰে এই অঞ্চলতে আত্মহত্যা কৰি মৃত্যুক সাৱতি লৈছে। বতৰৰ পৰিৱৰ্তন, পানীৰ অনাটন আৰু কৃষি সংকটে জুৰুলা কৰা জিলাখনৰ লোকসকলে আনকি তেওঁলোকৰ স্বাস্থ্যসেৱাৰ বাবে অনপৰ্য্যাপ্ত স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনিৰ ওপৰত নিৰ্ভৰ কৰিব নোৱাৰে।
এইবছৰৰ এপ্ৰিলত তুলজা ভবানী মন্দিৰ আকৌ বন্ধ ৰাখিবলগীয়া হ’ল, তেতিয়া তুলজাপুৰৰ বাট-পথ জনশূন্য হৈ পৰিল, দোকান-পোহাৰ বন্ধ হ’ল আৰু দ্বিতীয় বছৰৰ কাৰণে অভাৱনীয় নিৰৱতা নামি আহে।
“এই (ৰাজনৈতিক) সময়ত দীঘলীয়া সময়ৰ বাবে মন্দিৰ বন্ধ কৰি ৰখা ক্ষতিকাৰক ঘটনা। ইয়াৰ ফলত আইন-শৃংখলাজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে,” নিজৰ নাম প্ৰকাশ কৰিব নিবিচৰা জিলা প্ৰশাসনৰ এজন বিষয়াই মন্তব্য কৰে।
সংকুচিত হৈ অহা অৰ্থনীতিয়ে প্ৰত্যক্ষভাৱে তেওঁলোকৰ ক্ষতি কৰিলেও তুলজাপুৰৰ সৰ্বসাধাৰণ লোকে নিৰাপদে থাকিব বিচাৰে।
নগৰখনত এখন গেলামালৰ দোকানত থকা সন্দীপ আগৰৱালে কয় যে ক’ভিডৰ আগতে তেওঁৰ দোকানত দৈনিক ৩০ হাজাৰ টকা বিক্ৰী হৈছিল আৰু এতিয়া প্ৰায় শূন্য বুলি ক’ব পাৰি। “সমগ্ৰ দেশত টীকাকৰণ নোহোৱালৈকে মই মন্দিৰ খোলাৰ পক্ষত নহয়। আমি জীৱনকাল এবাৰ মাথো পাওঁ। মহামাৰীৰ পৰা যদি আমাৰ জীৱন ৰক্ষা পৰে, আমি আৰ্থিক অৱস্থা ঘূৰাই আনিব পাৰিম,” নিজৰ বন্ধ দোকানৰ কাষত থিয় হৈ তেওঁ কয়। “ওচমানাবাদত নথকাসকলেহে মন্দিৰ পুনৰ খুলিবলৈ আগ্ৰহী,”
আগৰৱালে ঠিকেই কৈছে।
তুলজা ভবানী মন্দিৰৰ এজন মহন্ত (জ্যেষ্ঠ পূজাৰী) টুকাজি বুৱালৈ মন্দিৰ পুনৰ কেতিয়া খোলা হ’ব বুলি দেশৰ বিভিন্ন ঠাইৰ পৰা দৈনিক কমেও বিশটা টেলিফোন কল আহে। “তেওঁলোকক মই কওঁ যে মানুহৰ জীৱনৰ সংকটাপন্ন। সেয়ে ২০২০ আৰু ২০২১ৰ বছৰ দুটা স্বাস্থ্যসেৱাৰ বাবে উচৰ্গা কৰিছো বুলি ধৰি লওঁক,” তেওঁ কয়। “তোমাৰ ভক্তি আৰু তোমাৰ মাজলৈ ভাইৰাছ আহিব নোৱাৰে। তুমি য’ত আছা তাতে থাকা আৰু তাৰপৰাই দেৱী ভবানীক প্ৰাৰ্থনা জনোৱা।”
মহন্তজনে মোক ক’লে যে তুলজা ভবানীৰ ভক্তসকলে তেওঁৰ কাষলৈ আহি আশীৰ্বাদ ল’ব বিচাৰে। অথবা একো নহ’লেও মন্দিৰৰ প্ৰৱেশপথ স্পৰ্শ কৰিব বিচাৰে।
টুকাজী বুৱাই কথাখিনি কৈ শেষ কৰাৰ লগে লগে তেওঁৰ ফোন বাজিল। তুলজাপুৰৰ পৰা ৩০০ কিলোমিটাৰ দূৰৰ পুণেৰ পৰা এজন ভক্তই ফোন কৰিছিল।
“সাষ্টাংগে প্ৰণাম,” ভক্তজনে তেওঁক অভিবাদন জনালে।
“আপোনাৰ ভালনে?” মহন্ত টুকাজী বুৱাই সুধিলে।
ফোন কৰা পুণেৰ ভক্তজনে কৰযোৰে মিনতি জনালে, “মন্দিৰ সোনকালে খোলাৰ দৰকাৰ আছে। ভগৱানে কাৰো প্ৰতি অন্যায় নকৰে। আমি যোগাত্মক দিশত ভাবিব লাগিব। তুলজা ভবানীৰ কৃপাতে আমি জীয়াই আছো। আনকি চিকিৎসকেও ভগৱানৰ ওপৰত বিশ্বাস ৰাখিবলৈ কয়।”
টুকাজী বুৱাই তেওঁৰ লগত কথা পাতিলে আৰু অনলাইনযোগে পূজাত অংশ ল’বলৈ ক’লে। ক’ভিড-১৯ লকডাউনৰ সময়ৰে পৰা মন্দিৰে পূজাৰ সম্প্ৰচাৰ কৰিবলৈ ধৰিছিল।
কিন্তু ভক্তজন পতিয়ন নগ’ল। “মন্দিৰত ভক্তৰ ভিৰৰ বাবে ক’ভিড বিয়পা নাই।” তেওঁ জ্যেষ্ঠ পুৰোহিতজনক ক’লে আৰু মন্দিৰ পুনৰ খুলিলে পুণেৰ পৰা ৩০০ কিলোমিটাৰ পথ খোজকাঢ়ি আহিব বুলি প্ৰতিশ্ৰুতি দিয়ে।
অনুবাদ: পংকজ দাস