পুৱা ছটা বাজিছে আৰু সৰন্যা বলৰামনে ইতিমধ্যে গুম্মিৰিপুণ্ডিৰ তেওঁৰ ঘৰ এৰিছে। চেন্নাইৰ কাষৰ তিৰুভাল্লুৰ জিলাৰ এই সৰু চহৰখনৰ ৰেলৱে ষ্টেছনটোত তেওঁ তেওঁৰ তিনি সন্তানৰ সৈতে স্থানীয় ৰেল ধৰিছে। প্ৰায় দুঘণ্টা মূৰত তেওঁ ৪০ কিলোমিটাৰ দূৰৰ চেন্নাই চেন্ট্ৰেল ষ্টেছন নামিছে। ইয়াৰ পৰা মাক আৰু তিনি সন্তানে স্কুল ঢুকি পাবলৈ স্থানীয় ৰেলেৰে আৰু ১০-১২ কিলোমিটাৰ যাব লাগিব।
সন্ধিয়া ৪ বজাত আৰম্ভ হয় উভটনি যাত্ৰা। তেওঁলোক ঘৰ আহি পায় মানে ৭ বাজে।
ঘৰৰ পৰা স্কুললৈ আৰু তাৰ পৰা পুনৰ ঘৰলৈ এই যাত্ৰা প্ৰায় ১০০ কিলোমিটাৰৰ হয়, সপ্তাহত পাঁচটা দিন। সৰন্যাৰ বাবে এয়া একধৰণৰ অসম্ভৱক সম্ভৱ কৰাৰ দৰেই, তেওঁ কয়, “আগতে (বিয়া নহওঁতে) বাছ বা ৰেল কেনেকৈ ধৰে নাজানিছিলো। আনকি ক’ত নামিব লাগে সেয়াও জনা নাছিলো।”

























