নাগি ৰেড্ডী থাকে তামিলনাডুত, তেওঁ কয় কন্নড় ভাষা আৰু লিখা-পঢ়া কৰে তেলেগুত। ডিচেম্বৰৰ এদিন পুৱা তেওঁক সাক্ষাৎ কৰিবলৈ আমি কেবাকিলোমিটাৰ পথ খোজকাঢ়ি আগবাঢ়িলো। তেওঁৰ ঘৰটো তেওঁ আমাক কোৱামতে বেছি দূৰত নহয়। আচলতে এজোপা বৃহৎ তেঁতেলী গছ পাৰ হৈ পানীৰে উপচি থকা এটা হ্ৰদৰ কাষেৰে ইউকেলিপ্টাছ তিলাটোত উঠি তললৈ নামি আহি আমগছৰ তলেৰে গৈ পহৰাদাৰী কৰা এজাক কুকুৰ, চিঞৰ-বাখৰ কৰি থকা এজাক কুকুৰৰ পোৱালী আৰু গৰুৰ গোহালি পাৰ হৈ তেওঁৰ ঘৰ।
দেশৰ যিকোনো কৃষকে মুৰ পাতি ল’বলগা স্বাভাৱিক সমস্যা আৰু বিৰক্তিৰ উপৰি নাগি ৰেড্ডীৰ আৰু সমস্যা আছে, যাৰ ফলত তেওঁ আগতে যি শস্যৰ খেতি কৰিছিল এতিয়া সলনি কৰিব বিচাৰিছে। তিনিটা বিয়াগোম বস্তুৱে তেওঁৰ পিছ নেৰা হৈছে - মৌট্টাই ৱাল, মাক্কানা আৰু গিৰি।
ইয়াৰ খেতিয়কে জানে যে ইহঁতক সংখ্যাগতভাৱেই হওঁক বা মুখৰ কথাৰেই হওঁক, আওকাণ কৰিব নোৱাৰি। ইহঁত একোটাৰ ওজন চাৰি হাজাৰ/পাঁচ হাজাৰ কিলোগ্ৰাম। এই বৃহৎ আকাৰৰ একোটা হাতীৰ ওজন বা উচ্চতা সঠিকভাৱে জনাব নোৱাৰাৰ কাৰণে স্থানীয় লোকক দোষাৰোপ কৰিব নোৱাৰি।
দুখন ৰাজ্যৰ সীমান্তত অৱস্থিত কৃষ্ণগিৰি জিলাত আমি আছো - তামিলনাডু আৰু কৰ্ণাটক। নাগি ৰেড্ডী থকা সৰু গাওঁ ভদ্ৰা পালায়ম ডেংকানিকোট্টাই তালুকত অৱস্থিত। ই অৰণ্য আৰু হাতীৰ পৰা বেছি দূৰত নহয় আৰু আমি য’ত বহি আছো, এই পকী বাৰান্দাখন তেওঁৰ খেতি পথাৰৰ পৰা কেইমিটাৰমান দূৰত আছে। গাঁৱৰ মানুহে নাগান্না বুলি মতা এই কৃষকজনৰ বয়স ৮৬ বছৰ আৰু তেওঁ অতি পুষ্টিকৰ ৰাগিৰ খেতি কৰে। দশকৰ পিছত দশক ধৰি কৃষিৰ ভাল-বেয়া দিন আৰু প্ৰায়ে ভয়াৱহ হৈ পৰা পৰিস্থিতিৰ তেওঁ সাক্ষী।
“মই যেতিয়া সৰু আছিলো, সেই সময়ত পকা ৰাগিৰ গোন্ধে আকৰ্ষণ কৰা বাবে খেতিৰ বতৰত কেইবাদিনমানৰ কাৰণে বনৰীয়া হাতী আহিছিল। আৰু এতিয়া? সিহঁতৰ মন গ’লে আহে, সিহঁত এতিয়া খাদ্যশস্য আৰু ফল-মূল খোৱাত অভ্যস্ত হৈ পৰিছে।”
নাগান্নাই তামিল ভাষাতে কয়, ইয়াৰ দুটা কাৰণ আছে। “১৯৯০ৰ পিছত এইখন অৰণ্যত হাতীৰ সংখ্যা বৃদ্ধি পোৱাৰ বিপৰীতে অৰণ্যৰ এলেকা আৰু মান নিম্নগামী হ’বলৈ ধৰে। সেয়ে আহাৰ বিচাৰি সিহঁত গাঁৱলৈ আহে। আপুনি ভাল হোটেল এখনৰ পৰা আহি বন্ধুসকলক কোৱাৰ দৰে সিহঁতেও সিহঁতৰ লগৰীয়াবোৰক খবৰ দিয়ে,” তেওঁ হাঁহি মাৰি কয়। তেওঁৰ এই কৌতুকত তেওঁ ৰস পালেও মই আচৰিত হৈছিলো।
































