ওচৰতে থকা নিমগছ জোপাৰ ওচৰলৈ চাইকেল চলাই গৈ ভায়েক ১২ বছৰীয়া শংকৰ ঘূৰি অহালৈকে ফুলৱাতিয়া ৰৈ আছে। সিহঁতৰ চাইকেলখন এইবাৰ তাই চলাব। হয়তো এয়াই সিহঁতৰ দিনটোৰ শেষ চাইকেল চালনা। ‘মই আজি অকলে অলপ দূৰ চাইকেল চলাম আৰু সোনকালে উভতি আহিম।’ ১৬ বছৰ বয়সীয়া ফুলৱাতিয়ে ক’লে, ‘কাইলৈৰ পৰা ৫ দিন মই চাইকেল চলাব নোৱাৰিম। কাপোৰ ব্যৱহাৰ কৰিলে খুব সমস্যা হয়।’ পথৰ কাষৰ কুকুৰ পোৱালী এটাক মৰম কৰি তাই কয়।
ফুলৱাতিয়া (নাম সলনি কৰা হৈছে)ই ভাবিছে কাইলৈৰ পৰা তাইৰ মাহেকীয়া ঋতুস্ৰাৱ আৰম্ভ হ’ব। আগৰ মাহবিলাকৰ দৰে এইবাৰ স্কুলৰ পৰা বিনামূলীয়া ছেনিটেৰি নেপকিন নাপাব। ‘আমাৰ মাহেকীয়া আৰম্ভ হোৱাৰ লগে লগে আমাক পেড দিয়ে। কিন্তু এইবাৰ ঘৰত পোৱা যিকোনো কাপোৰ ব্যৱহাৰ কৰিম।’
দেশৰ আন ঠাইৰ দৰে উত্তৰ প্ৰদেশৰ চিত্ৰকূট জিলাত থকা তাইৰ স্কুলখনো ক’ভিড-১৯ তলাবন্ধৰ কাৰণে বন্ধ ৰখা হৈছে।
পিতৃ-মাতৃ আৰু দুই ভায়েকৰ সৈতে ফুলৱাতিয়াই কাৰৱি তহচিলৰ তাৰৌহা গাঁৱৰ সৰু চুবুৰী সোণেপুৰত বাস কৰে। তেওঁৰ দুগৰাকী বায়েক আছিল, দুয়োৰে বিয়া হৈ গৈছে আৰু আন ঠাইত থাকে। তাই দশম শ্ৰেণীৰ পৰীক্ষা দিলে আৰু ১০ দিনীয়া বন্ধ শেষ হোৱাৰ পিছত স্কুললৈ যোৱাৰ কথা আছিল, কিন্তু ২৪ মাৰ্চত তলাবন্ধ ঘোষণা কৰা হ’ল। কাৰৱি ব্লকত থকা ৰাজকীয় বালিকা ইণ্টাৰ কলেজৰ ছাত্ৰী ফুলৱাতিয়া।
‘বেলেগ কামত ব্যৱহাৰ নকৰা এটুকুৰা কাপোৰ মই বিচাৰি ল’ম আৰু ব্যৱহাৰ কৰিম। দ্বিতীয়বাৰ ব্যৱহাৰ কৰাৰ আগতে ভালকৈ ধুই ল’ম।’ ফুলৱাতিয়াই কয়। খালি ভৰিৰে খোজ কাঢ়ি ফুৰাৰ কাৰণে হয়তো ভৰিদুখনত ধূলিৰ চামনি-। ধতুৰা ফুলজোপাৰ তলত বহি ধূলিময় ভৰিহালতে নখত ৰং কৰাত তাই ব্যস্ত।








