“কিনো ক’ম, মোৰ পিঠি ভাগিছে আৰু কামিহাড়বোৰ ফুলি গৈছে”, বিবাবাঈ লয়াৰেই কয়। “যোৱা দুই তিনি বছৰত মোৰ তলপেট কোঁচ খাই গৈছে, পেট-পিঠি একাকাৰ হৈ গৈছে। ডাক্তৰে কোৱা মতে মোৰ হাড়বোৰ ফোপোলা হৈ গৈছে”।
মুন্সী ব্লকৰ হাডাশী গাঁৱত আমি তেওঁৰ ঘৰতে লাগি থকা টিনপাতেৰে নিৰ্মিত এটা কম পোহৰৰ পাকঘৰত বহি আছো। প্ৰায় ৫৫ বছৰীয়া বিবাবাঈয়ে এটা মাটিৰ চৌকাৰ ওপৰত এখন টাৱাত থাকি যোৱা ভাতখিনি গৰম কৰি আছে। তেওঁ মোক বহিবলৈ এখন কাঠৰ পীৰা দি পুনৰাই কামত লাগে। তেওঁ বাচনখিনি ধুবলৈ থিয় হওঁতে মই দেখো যে কঁকালৰ পৰা তেওঁ ইমানেই বেঁকা যে তেওঁৰ থুতৰিটো আহি প্ৰায় আঁঠুত লাগি যোৱাৰ উপক্ৰম হৈছে। আৰু আঁঠুদুটা ওপৰলৈ ৰাখি যেতিয়া তেওঁ বহিছিল, তেতিয়া আঁঠুদুটাই কাণ চুইছিলহি।
যোৱা ২৫ বছৰত হাড় ঠুনুকা হোৱা ৰোগ অষ্টিঅ’প’ৰ’ছিছ আৰু আন চাৰিটা অস্ত্ৰোপচাৰে বিবাবাঈক আনি এই অৱস্থাত পেলালেহি। প্ৰথমে তেওঁ এটা ডিম্বনলীচ্ছেদ (মহিলাৰ বন্ধ্যাকৰণ) কৰাইছিল, তাৰ পাছত হাৰ্নিয়া আৰু তাৰ পাছত জৰায়ুছেদনৰ লগতে অন্য এটা অস্ত্ৰোপচাৰো কৰাইছিল যিটোত তেওঁৰ অন্ত্ৰ, তলপেটৰ চৰ্বি তথা পেশীসমূহৰ কিছু অংশ কাটি পেলাব লগা হৈছিল।
“তোলনি হোৱাৰ ঠিক পাছতেই বাৰ-তেৰ বছৰত মোৰ বিয়া হৈছিল। প্ৰথম পাঁচটা বছৰত মই গৰ্ভধাৰণ কৰা নাছিলোঁ,” কেতিয়াও বিদ্যালয়লৈ যাবলৈ নোপোৱা বিবাবাঈয়ে কয়। সকলোৱে আপ্পা বুলি জনা মাহীপতি লয়াৰে বিবাবাঈৰ স্বামী যি তেওঁতকৈ বিশ বছৰ ডাঙৰ আৰু পুণে জিলাৰ বিভিন্ন শাখাত চাকৰি কৰা এগৰাকী অৱসৰপ্ৰাপ্ত জিলা পৰিষদ শিক্ষক। লয়াৰে পৰিয়ালটোৱে তেওঁলোকৰ পামত ধান, বুট, মাহ আৰু মটৰ আদিৰ খেতি কৰে। তেওঁলোকৰ এযোৰ বলদ, এটা মহ আৰু এটা পোৱালিৰে সৈতে এজনী গাই আছে যাৰ গাখীৰ বেচি তেওঁলোকে অতিৰিক্ত উপাৰ্জন কৰে। মাহীপতিয়ে পেঞ্চনো পায়।
“মোৰ আটাইকেইটা সন্তান ঘৰতে জন্ম হৈছিল,” বিবাবাঈয়ে কৈ য়ায়। তেওঁৰ প্রথমটো সন্তান পুত্ৰসন্তান আছিল, তেওঁৰ সোতৰ বছৰ বয়সতে জন্ম হৈছিল। “সেই সময়ত আমাৰ গাঁৱত পকী ৰাস্তা আৰু যান-বাহন নথকা বাবে আমি গৰুগাড়ীৰে আমাৰ পিতৃগৃহলৈ [পর্বতমালাৰ সিপাৰৰ এখন গাঁও] গৈ আছিলো। মোৰ উল্ব তৰল ফাটিছিল, প্রসৱ বেদনা আৰম্ভ হৈছিল আৰু সেই গৰুগাড়ীতে আমাৰ প্রথমটো সন্তান জন্ম হৈছিল” বিবাবাঈয়ে ৰোমন্থন কৰে। পাছত মূলাধাৰ গ্রন্থিৰ ফাঁটটো চিকিৎসা কৰিবৰ বাবে তেওঁ এটা যোনিদ্বাৰ ছেদন (এপিছিয়’ট’মি) কৰাব লগা হৈছিল। ক’ত কৰাইছিল সেয়া তেওঁ মনত পেলাব পৰা নাই।







