“কেতিয়াবা ৰাতি কোনো মহিলাই মোক মাতে নাইবা মতা এটাক পঠিয়াই দি এপেকেট কণ্ডম লৈ যায়,” কলাৱতী চনিয়ে কয়। অৱশ্যে ৰাতি হ’লেও টিকাৰি গাঁৱৰ মহিলাৰ অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰা ৫৪ বছৰ বয়সীয়া এইগৰাকী ‘ডিপ’ট দিদি’ বিৰক্ত নহয়। “ৰাতিও খোলাই ৰাখো,” উত্তৰ প্ৰদেশৰ আমেঠি জিলাৰ গাঁৱৰ সৰু ঘৰটোৰ বাৰান্দাত চাৰপাইখনত বহি থকা দিদিয়ে ৰগৰ কৰি কয়। “ইতনি কৌই ব’ৰি বাত নেহি হ্যে (ইমানো একো ডাঙৰ কথা নহয়),” কলাৱতীয়ে তেওঁৰ কামৰ বিষয়ে কয়।
টিকাৰি গাঁৱত বোলে এগৰাকী ডিপট দিদি আছে। বেচৰকাৰী সন্থাৰ অধীনত গাওঁখনত কাম কৰা দিদিক লগ কৰাৰ আমাৰ উৎসুকতা বাঢ়িল। “যা, বেগটো লৈ আন,” কলাৱতীয়ে নাতিয়েকক ক’লে। পলকতে সৰু পোৱালীটোৱে দৌৰ মাৰি গৈ প্লাষ্টিকৰ শকত টোপোলাটো দুমহলীয়া পকা ঘৰটোৰ পৰা লৈ আহিলে। বেগটো তেওঁ চাৰপইখনত ওলোটাই জোকাৰি দিলে, তাৰ পৰা কণ্ডম, চেনিটেৰি নেপকিন, গৰ্ভনিৰোধক বড়ি আৰু অ’ৰেল ৰিহাইড্ৰেছনৰ পেকেটবোৰ ওলাই পৰিল। তাৰপিছত চাৰপইখনত তেওঁ ধুনীয়াকৈ সেইবোৰ সজাই দেখুৱালে।
“ইমানো একো ডাঙৰ কথা নহয়,” একেবাৰে নিবৃত্তিৰ সুৰত তেওঁ কয়। “আগতে আমি ঘৰৰ সৰু কথা আলোচনা কৰিছিলো। সিহঁতৰ ঘৰৰ অৱস্থা, শাহুৱেকৰ বিৰুদ্ধে ওজৰ-আপত্তি, ল’ৰা-ছোৱালীৰ কথা পাতিছিলো। দেখিছেই চাগে, মই কিমান কথকী, কিন্তু ধৈৰ্য্য সহকাৰে তেওঁলোকৰ কথাবোৰ শুনিছিলো। লাহে লাহে মই উপলব্ধি কৰিবলৈ ধৰিলো যে তেওঁলোকৰ মূল সমস্যাবোৰ একেই। তেনেহ’লে দেখোন আমি ইজনে-সিজনক সহায় পাৰো দেখোন। তেনেকৈয়ে আৰম্ভণি,” টিকাৰিৰ ‘ডিপট দিদি’ হোৱাৰ কাহিনী দুআষাৰ কথাতে তেওঁ সামৰি পেলালে।
এই নামটো আহিছে ‘ডিপট হ’ল্ডাৰ’ শব্দটোৰ পৰা। স্বাস্থ্যসেৱাৰ লগত শব্দটোৱে গাঁৱত আৱশ্যকীয় বস্তু বিলোৱা আৰু সুস্বাস্থ্য বিধি মানি চলাৰ বাবে উৎসাহ যোগোৱা মহিলাৰ ক্ষেত্ৰত এই নাম ব্যৱহাৰ কৰা হয়। সাধাৰণতে গাঁৱত অংগনবাদী কৰ্মী বা আশাকৰ্মীয়ে এই কাম কৰে, কিন্তু কলাৱতী তাৰে কোনো এগৰাকীও নহয়। তেওঁ গাঁৱলীয়া ডাক্তৰো (অনুজ্ঞাপত্ৰ নথকা চিকিৎসেৱা প্ৰদানকাৰী) নহয়। প্ৰজননজনিত স্বাস্থ্যবিধি ৰক্ষাৰ বাবে মহিলাক প্ৰয়োজন হোৱা প্ৰতিবিধ সামগ্ৰী তেওঁ ৰাখে, তদুপৰি তেওঁলোকৰ সৈতে যৌন তথা প্ৰজনন সংক্ৰান্ত সমস্যাৰ বিষয়ে কথাও পাতে।







