‘১৯৯৪ৰ প্লেগ, ২০০৬ৰ চিকুণগুণিয়াৰ উৎপত্তি, ১৯৯৩ৰ বিধ্বংসী ভূঁইকঁপৰ সময়তো আনকি এই মন্দিৰ বন্ধ কৰা নাছিলো। মন্দিৰৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এনে পৰিস্থিতি প্ৰত্যক্ষ কৰিলো,’ অতিমাত্ৰা বিৰক্ত হৈ পৰা সঞ্জয় পেণ্ডেই ক’লে। দক্ষিণ মহাৰাষ্ট্ৰৰ টুলজাপুৰ নগৰৰ দেৱী টুলজা ভৱানীৰ মন্দিৰৰ মূল পুৰোহিতসকলৰ তেঁৱো এজন।
ক’ভিড-19ৰ সংক্ৰমণ ৰোধৰ অংশ হিচাপে ৰাজ্যত ঘোষণা কৰা তলাবন্ধৰ বাবে ১৭ মাৰ্চ,মঙলবাৰৰ পৰা ভক্তৰ সমাগম বন্ধ কৰিবলৈ মন্দিৰৰ দুৱাৰ বন্ধ কৰা হয়। ইয়াৰ মানুহৰ বাবে এয়া একেবাৰে অবিশ্বাস্য। ‘এইটো কি ধৰণৰ ৰোগ? আন ৰাজ্যৰ ভক্তও ইয়ালৈ আহে, মন্দিৰৰ বাহিৰৰ পৰাই তেওঁলোকে দৰ্শন কৰিবলগীয়া হৈছে। আৰক্ষীৰ লগত কাজিয়াৰ সৃষ্টি হোৱাৰ পিছতহে বাহিৰৰ পৰা দৰ্শন কৰিবলৈ দিয়ে,’ ৩৮ বছৰ বয়সীয়া পেণ্ডেই ক’লে। দৈনিক ১০-১৫ খন পূজা চলাই নিয়াৰ বাবদ কৰা উপাৰ্জন বন্ধ হৈ পৰাৰ বাবে তেওঁৰ উদ্বিগ্নতাৰ সৃষ্টি হয়। পুৰোহিত পেণ্ডেই অনুমান কৰা মতে ৫০০০ৰো অধিক পুৰোহিতে মন্দিৰৰ লগত সম্পৰ্ক থকা বিভিন্ন কাম-কাজৰ জৰিয়তে টুলজাপুৰত জীৱিকা নিৰ্বাহ কৰে।
আনুমানিক দ্বাদশ শতিকাতে পাহাৰৰ ওপৰত স্থাপন কৰা এই মন্দিৰক কেন্দ্ৰ কৰি মাৰাঠৱাড়া অঞ্চলৰ ওছমানাবাদ জিলাৰ এই চহৰৰ ৩৪,০০০ লোকৰ (২০১১ৰ লোকপিয়ল মতে) অৰ্থনীতি বৰ্তি আছে। দেৱী টুলজা ভৱানীক মাৰাঠৱাড়াৰ আৰু আন ৰাজ্যৰ লোকে পাৰিবাৰিক উপাস্য দেৱীৰূপে গণ্য কৰে আৰু ৰাজ্যখনলৈ তীৰ্থযাত্ৰী অহা পথত থকা দেৱীৰ মন্দিৰসমূহৰ ভিতৰত এই মন্দিৰক প্ৰধান মন্দিৰৰূপে গণ্য কৰা হয়।









