“ককা, তুমি উভতি আহা,” তান্না সিঙৰ নাতিল’ৰাই ফোনতে তেওঁক প্ৰায়ে কয়। “কেনেকৈনো যাব পাৰো, তাৰ ভৱিষ্যতৰ কাৰণেই মই আজি ইয়াত আছো,” নিজৰ তম্বুৰ কাষতে প্লাষ্টিকৰ টুল এখনত বহি থকা সিঙে কয়।
“মোৰ ১৫ বছৰীয়া নাতিল’ৰাটোৰ মাত শুনিলে চকুপানী ওলায়। কোনে নিজৰ মৰমৰ নাতিটোক এনেকৈ এৰি আহিব পাৰে? কোনে নিজৰ পুত্ৰ-জীয়াৰীক এনেকৈ এৰি থাকিব পাৰে?” তেওঁ চকুলো টুকি আমাক কয়।
যিয়েই কাৰণ নহওঁক লাগিলে, তান্না সিঙে ঘুৰি নাযাও বুলি মন বান্ধি লৈছে। ২০২০ৰ ২৬ নৱেম্বৰৰ পৰা তেওঁ এটা দিনৰ বাবেও টিক্ৰিৰ প্ৰতিবাদস্থলী এৰি যোৱা নাই। আৰু প্ৰায় এবছৰ পিছত, ২০২১ৰ ১৯ নৱেম্বৰত প্ৰধানমন্ত্ৰীয়ে বিতৰ্কিত কৃষি আইনকেইখন প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰে যদিও ৭০ বছৰ বয়সীয়া বিপত্নীক সিঙে আইনকেইখন কাগজে-পত্ৰই চিল-মোহৰ মাৰি প্ৰত্যাহাৰ নকৰালৈ টিক্ৰি নেৰে বুলি আমাক কয়। “এই আইনকেইখন প্ৰত্যাহাৰ কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতিৰ স্বাক্ষৰ হোৱালৈ আমি অপেক্ষা কৰিছো। এই দিনটোৰ বাবেই আমি ঘৰ এৰি ইয়াত আছো,” তেওঁ কয়।
তেওঁ সেই হাজাৰ হাজাৰ কৃষকৰ মাজৰ এজন, যিসকলে তিনিখন কৃষি আইন বাতিলৰ দাবীৰে টিক্ৰি (পশ্চিম দিল্লী), সিংঘু (ৰাজধানীখনৰ উত্তৰ-পশ্চিম অঞ্চল) আৰু গাজিপুৰ (পূৱ দিশত)ত আহি বাহৰ পাতিছিল, য’ৰপৰা তেওঁলোকক আগুৱাব দিয়া হোৱা নাছিল।
সিঙে পাঞ্জাৱৰ মুক্তচৰ জিলাৰ ভাংচাৰি গাঁৱৰ পৰা আন কেইজনমান কৃষকৰ সৈতে ইয়ালৈ আহিছিল, ট্ৰেক্টৰখন প্ৰতিবাদস্থীলৰ ক’ৰবাত পাৰ্ক কৰি থোৱা আছে। তেওঁৰ গাঁৱত তেওঁৰ পৰিয়ালে আঠ একৰ মাটিত গমধান আৰু ধানখেতি কৰে। “ল’ৰাৰ হাতত খেতিৰ দায়িত্ব গতাই মই ইয়ালৈ আহিছো,” তেওঁ কয়।










