“অ’ আপুনি কলকাতাৰ পৰা আহিছে নেকি?” মোলৈ চাই এনেদৰে প্ৰশ্ন কৰি তেওঁৰ চকুহাল উজলি উঠিল। “ময়ো কলকাতা আৰু হাওৰালৈ আগতে গৈছে। কেবাবাৰো গৈছো। প্ৰতিবাৰেই কাম বিচাৰি যাওঁ। কেতিয়াবা ভাগ্য ভালে থাকে আৰু কেতিয়াবা বেয়া হয়। তেনেদৰেই এই ঠাই আহি পালো।”
লাডাখৰ এই ঠাইখিনি সাগৰপৃষ্ঠৰ পৰা ১০,০০০ হাজাৰ ফুট উচ্চতাত অৱস্থিত। ঝাৰখণ্ডৰ পৰা ২৫০০ কিলোমিটাৰ দূৰত্বত থখা ৰাজু মুৰ্মুৱে সন্ধিয়া হোৱাৰ লগে লগে হিমালয়ৰ পাদদেশৰ এই দুৰ্গম মৰুভূমিত ক্ৰমাৎ উষ্ণতা হ্ৰাস হ’বলৈ ধৰা অস্থায়ী তম্বুৰ ভিতৰত নিজৰ গৃহ চহৰৰ উত্তাপ আৰু প্ৰাণৱন্ত পৰিৱেশৰ স্মৃতিৰে নিজৰ আৱেগ প্ৰকাশ কৰিলে। ৰাজু আৰু তেওঁৰ সহযোগী শ্ৰমিকসকল থকা তম্বুটো আন্ধাৰে আৱৰি ধৰিবলৈ আৰম্ভ কৰে, তাত বিজুলীৰ ব্যৱস্থা নাই।
ঝাৰখণ্ডৰ ডুমকা জিলাৰ বাবুপুৰ গাঁৱৰ ৩১ বছৰীয়া ৰাজু নিয়মীয়াকৈ যোৱা কেবাবছৰো লাডাখলৈ আহিছে। তেওঁ দৰে আন বহুতো শ্ৰমিক ইয়ালৈ প্ৰতিবছৰে আহে। দেশৰ ভিতৰত সৰ্বোচ্চ উচ্চতাত থকা ঘাইপথ নিৰ্মাণৰ কাম কৰিবলৈ তেওঁলোকে আহে। “মই চতুৰ্থবাৰৰ বাবে ইয়ালৈ আহিছো। যোৱা বছৰো আহিছিলো। কি কৰিম? আমাৰ গাঁৱত কোনো কাম পাবলৈ নাই,” তেওঁ কয়। পথ নিৰ্মাণৰ কাম চলি থকা ঠাইৰ পৰা কেইকিলোমিটাৰমান নিলগৰ সৰু তম্বু এটাত ঝাৰখণ্ডৰ পৰা অহা আন নজন শ্ৰমিকৰ সৈতে ৰাজু থাকে। সাগৰপৃষ্ঠৰ পৰা ১৭,৫৮২ ফুট উচ্চতাত থকা খাৰডুং লা (খাৰডং গাঁৱৰ কাষত) আৰু ১০,০০০ ফুট উচ্চতাত থকা নুব্ৰা উপত্যকাৰ মাজৰ গিৰিপথ তেওঁলোকে নিৰ্মাণ কৰিছে।
বাণিজ্য, ধৰ্ম আৰু কৃষি-সংস্কৃতিৰ সীমান্ত বিনিময়ৰ বাবে ঐতিহাসিকভাৱে গুৰুত্বপূৰ্ণ লাডাখৰ এই দুৰ্গম তথা বিচ্ছিন্ন অঞ্চলটো ঝাৰখণ্ড, চত্তীশগড়, বিহাৰ, মধ্যপ্ৰদেশ আৰু দেশৰ বিভিন্ন অঞ্চলৰ প্ৰব্ৰজনকাৰী শ্ৰমিকৰ বাবে কম সময়ৰ ভিতৰতে কেন্দ্ৰস্থল হৈ পৰিছে। লাডাখে নতুন প্ৰশাসনিক মৰ্য্যাদা লাভ কৰাৰ পাছত অনাচৰকাৰী নিৰ্মাণ ঠিকাদাৰে এই অঞ্চললৈ আহি কাম কৰা সম্ভৱ হৈ পৰিছে। সীমান্ত পথ সংস্থা (বিআৰঅ)কে ধৰি কেন্দ্ৰশাসিত অঞ্চলৰ প্ৰশাসনে বাণিজ্যিক আৰু সামাজিক গুৰুত্ব থকা এই অঞ্চলটোৰ আন্তঃগাঁথনি গঢ়া প্ৰকল্পৰ কাম দ্ৰুত গতিৰে আৰম্ভ কৰিছে। ইয়াৰ ফলত লাডাখলৈ প্ৰব্ৰজনকাৰী শ্ৰমিকৰ সোঁত বৈছে।
পথৰ দাঁতিত ১১ x ৮.৫ ফুট আকাৰৰ কেনভাছৰ তম্বুবোৰত তেওঁলোকক দেখিব, কেতিয়াবা সপৰিয়ালেও দেখা পাব। পথ নিৰ্মাণ কাম আগবাঢ়ি যোৱাৰ লগে লগে এই থিতাতে উঠাই নিব পৰা শিবিৰবিলাকো উঠাই নি নতুনকৈ তৰি দিয়া হয়। শ্ৰমিকসকলৰ ব্যক্তিগত বয়-বস্তুৰে ঠাহ খাই থকা এনে একোটা শিবিৰত কমেও ১০ জন শ্ৰমিক থাকে। হাড় কঁপোৱা শীতে বৰফৰ দৰে শীতল কৰি তোলা মজিয়াত শ্ৰমিকসকলে একোখন কম্বল লৈ শুবলগা হয়। বিজুলী যোগানৰ ব্যৱস্থা নথকা এনে তম্বুত তেওঁলোকে নিদাৰুণ শীতৰ সৈতে জীৱন যুদ্ধত নামিবলগীয়া হয়। শীতৰ পৰা ৰক্ষা পোৱাৰ উপযুক্ত ব্যৱস্থা অবিহনে প্ৰায় শূন্য ডিগ্ৰী উত্তাপৰ এই স্থানত তেওঁলোকে কাম কৰিবলগা হয়। প্ৰতিকূল জলবায়ুৰ বাবে অত্যধিক ব্যয়বহুল হৈ পৰা আন্তঃগাঁথনি নিৰ্মাণ প্ৰকল্পৰ কাম কৰিবলৈ উপযুক্ত তথা সুবিধাজনক যন্ত্ৰপাতি বা সঁজুলি নথকাৰ ফলত শ্ৰমিকসকলে গধূৰ বোজা নিজে কঢ়িয়াই পথ নিৰ্মাণ-পুনৰ নিৰ্মাণৰ কাম কৰিবলগীয়া হয়। কম পৰিমাণে অক্সিজেন পোৱা উচ্চ পাৰ্বত্য মালভূমিত এই কাম কৰিবলগীয়া হয়, এনে কঠোৰ পৰিশ্ৰমৰ বাবে তেওঁলোকে পৰ্য্যাপ্ত পাৰিশ্ৰামিক নিপায়, যাৰ ফলত পৰিয়াল চলোৱা কষ্টকৰ হৈ পৰে।























