“অ’ আপুনি কলকাতাৰ পৰা আহিছে নেকি?” মোলৈ চাই এনেদৰে প্ৰশ্ন কৰি তেওঁৰ চকুহাল উজলি উঠিল। “ময়ো কলকাতা আৰু হাওৰালৈ আগতে গৈছে। কেবাবাৰো গৈছো। প্ৰতিবাৰেই কাম বিচাৰি যাওঁ। কেতিয়াবা ভাগ্য ভালে থাকে আৰু কেতিয়াবা বেয়া হয়। তেনেদৰেই এই ঠাই আহি পালো।”
লাডাখৰ এই ঠাইখিনি সাগৰপৃষ্ঠৰ পৰা ১০,০০০ হাজাৰ ফুট উচ্চতাত অৱস্থিত। ঝাৰখণ্ডৰ পৰা ২৫০০ কিলোমিটাৰ দূৰত্বত থখা ৰাজু মুৰ্মুৱে সন্ধিয়া হোৱাৰ লগে লগে হিমালয়ৰ পাদদেশৰ এই দুৰ্গম মৰুভূমিত ক্ৰমাৎ উষ্ণতা হ্ৰাস হ’বলৈ ধৰা অস্থায়ী তম্বুৰ ভিতৰত নিজৰ গৃহ চহৰৰ উত্তাপ আৰু প্ৰাণৱন্ত পৰিৱেশৰ স্মৃতিৰে নিজৰ আৱেগ প্ৰকাশ কৰিলে। ৰাজু আৰু তেওঁৰ সহযোগী শ্ৰমিকসকল থকা তম্বুটো আন্ধাৰে আৱৰি ধৰিবলৈ আৰম্ভ কৰে, তাত বিজুলীৰ ব্যৱস্থা নাই।
ঝাৰখণ্ডৰ ডুমকা জিলাৰ বাবুপুৰ গাঁৱৰ ৩১ বছৰীয়া ৰাজু নিয়মীয়াকৈ যোৱা কেবাবছৰো লাডাখলৈ আহিছে। তেওঁ দৰে আন বহুতো শ্ৰমিক ইয়ালৈ প্ৰতিবছৰে আহে। দেশৰ ভিতৰত সৰ্বোচ্চ উচ্চতাত থকা ঘাইপথ নিৰ্মাণৰ কাম কৰিবলৈ তেওঁলোকে আহে। “মই চতুৰ্থবাৰৰ বাবে ইয়ালৈ আহিছো। যোৱা বছৰো আহিছিলো। কি কৰিম? আমাৰ গাঁৱত কোনো কাম পাবলৈ নাই,” তেওঁ কয়। পথ নিৰ্মাণৰ কাম চলি থকা ঠাইৰ পৰা কেইকিলোমিটাৰমান নিলগৰ সৰু তম্বু এটাত ঝাৰখণ্ডৰ পৰা অহা আন নজন শ্ৰমিকৰ সৈতে ৰাজু থাকে। সাগৰপৃষ্ঠৰ পৰা ১৭,৫৮২ ফুট উচ্চতাত থকা খাৰডুং লা (খাৰডং গাঁৱৰ কাষত) আৰু ১০,০০০ ফুট উচ্চতাত থকা নুব্ৰা উপত্যকাৰ মাজৰ গিৰিপথ তেওঁলোকে নিৰ্মাণ কৰিছে।
বাণিজ্য, ধৰ্ম আৰু কৃষি-সংস্কৃতিৰ সীমান্ত বিনিময়ৰ বাবে ঐতিহাসিকভাৱে গুৰুত্বপূৰ্ণ লাডাখৰ এই দুৰ্গম তথা বিচ্ছিন্ন অঞ্চলটো ঝাৰখণ্ড, চত্তীশগড়, বিহাৰ, মধ্যপ্ৰদেশ আৰু দেশৰ বিভিন্ন অঞ্চলৰ প্ৰব্ৰজনকাৰী শ্ৰমিকৰ বাবে কম সময়ৰ ভিতৰতে কেন্দ্ৰস্থল হৈ পৰিছে। লাডাখে নতুন প্ৰশাসনিক মৰ্য্যাদা লাভ কৰাৰ পাছত অনাচৰকাৰী নিৰ্মাণ ঠিকাদাৰে এই অঞ্চললৈ আহি কাম কৰা সম্ভৱ হৈ পৰিছে। সীমান্ত পথ সংস্থা (বিআৰঅ)কে ধৰি কেন্দ্ৰশাসিত অঞ্চলৰ প্ৰশাসনে বাণিজ্যিক আৰু সামাজিক গুৰুত্ব থকা এই অঞ্চলটোৰ আন্তঃগাঁথনি গঢ়া প্ৰকল্পৰ কাম দ্ৰুত গতিৰে আৰম্ভ কৰিছে। ইয়াৰ ফলত লাডাখলৈ প্ৰব্ৰজনকাৰী শ্ৰমিকৰ সোঁত বৈছে।
পথৰ দাঁতিত ১১ x ৮.৫ ফুট আকাৰৰ কেনভাছৰ তম্বুবোৰত তেওঁলোকক দেখিব, কেতিয়াবা সপৰিয়ালেও দেখা পাব। পথ নিৰ্মাণ কাম আগবাঢ়ি যোৱাৰ লগে লগে এই থিতাতে উঠাই নিব পৰা শিবিৰবিলাকো উঠাই নি নতুনকৈ তৰি দিয়া হয়। শ্ৰমিকসকলৰ ব্যক্তিগত বয়-বস্তুৰে ঠাহ খাই থকা এনে একোটা শিবিৰত কমেও ১০ জন শ্ৰমিক থাকে। হাড় কঁপোৱা শীতে বৰফৰ দৰে শীতল কৰি তোলা মজিয়াত শ্ৰমিকসকলে একোখন কম্বল লৈ শুবলগা হয়। বিজুলী যোগানৰ ব্যৱস্থা নথকা এনে তম্বুত তেওঁলোকে নিদাৰুণ শীতৰ সৈতে জীৱন যুদ্ধত নামিবলগীয়া হয়। শীতৰ পৰা ৰক্ষা পোৱাৰ উপযুক্ত ব্যৱস্থা অবিহনে প্ৰায় শূন্য ডিগ্ৰী উত্তাপৰ এই স্থানত তেওঁলোকে কাম কৰিবলগা হয়। প্ৰতিকূল জলবায়ুৰ বাবে অত্যধিক ব্যয়বহুল হৈ পৰা আন্তঃগাঁথনি নিৰ্মাণ প্ৰকল্পৰ কাম কৰিবলৈ উপযুক্ত তথা সুবিধাজনক যন্ত্ৰপাতি বা সঁজুলি নথকাৰ ফলত শ্ৰমিকসকলে গধূৰ বোজা নিজে কঢ়িয়াই পথ নিৰ্মাণ-পুনৰ নিৰ্মাণৰ কাম কৰিবলগীয়া হয়। কম পৰিমাণে অক্সিজেন পোৱা উচ্চ পাৰ্বত্য মালভূমিত এই কাম কৰিবলগীয়া হয়, এনে কঠোৰ পৰিশ্ৰমৰ বাবে তেওঁলোকে পৰ্য্যাপ্ত পাৰিশ্ৰামিক নিপায়, যাৰ ফলত পৰিয়াল চলোৱা কষ্টকৰ হৈ পৰে।
“মই ঘৰলৈ যোৱাৰ সময়ত ৫-৬ মাহত কোনোমতে সঞ্চয় কৰিব পৰা ২২,০০০-২৫,০০০ টকা লৈ যাওঁ। ছয়জন সদস্যৰ পৰিয়ালৰ বাবে এইখইনি টকাৰে একো কৰিব নোৱাৰি," ঝাৰখণ্ডৰ ডুমকা জিলাৰ পৰা ইয়ালৈ কাম কৰিবলৈ অহা প্ৰায় ৪০ বছৰীয়া আমীন মুৰ্মুৱে কয়। তেওঁলোকক কৰিবলৈ দিয়া কামৰ ওপৰত নিৰ্ভৰ কৰি দৈনিক মজুৰী ৪৫০ টকাৰ পৰা ৭০০ টকাৰ ভিতৰত পায়। খাৰডুং লাৰ উত্তৰ পুল্লুৰ অস্থায়ী শিবিৰত থকা ১৪ আৰু ১০ বছৰীয়া দুটি পুত্ৰ সন্তানৰ পিতৃজনে আমাক তেওঁৰ হতাশা প্ৰকাশ কৰি কয় যে মহামাৰীৰ বাবে ল’ৰাদুটাৰ পঢ়া-শুনাও বন্ধ হৈ পৰিল। বিদ্যালয়ৰ পঢঞা-শুনা অনলাইনত চলিছে, কিন্তু ল’ৰা দুটাক স্মাৰ্টফোন কিনি দিবলৈ তেওঁৰ টকা নাই। “মোৰ এলেকাৰ পৰা সৰহ সংখ্যক মানুহেই স্মাৰ্টফোন ক্ৰয় কৰিবলৈ সক্ষম নহয়। মোৰ ডাঙৰ ল’ৰাটোৱে পঢ়া-শুনা বন্ধ কৰি দিছে। মই যদি অলপ টকা সঞ্চয় কৰিব পাৰো, তেন্তে সৰু ল’ৰাটোৰ বাবে স্মাৰ্টফোন এটা ক্ৰয় কৰিব পাৰিম। কিন্তু প্ৰতিমাহে ইণ্টাৰনেটৰ বাবদ হোৱা খৰছ কোনে বহন কৰিব?” তেওঁ প্ৰশ্ন কৰে।
আমীনহঁতৰ তম্বুৰ ঠিক কাষতে থকা তম্বুটোত কেইবাজনো শ্ৰমিকে তাচ খেলি থকা মই গৈ থাকোতে দেখিলো। “ছাৰ আহক, আমি একেলগে তাচ খেলিম। আজি দেওবাৰ, আমাৰ ছুটী আছে.” ৩২ বছৰীয়া হামিদ আনছাৰীয়ে কয়। তেওঁৰ ঘৰো ঝাৰখণ্ডত। এই তম্বুটোত থকা শ্ৰমিকসকল বন্ধুভাবাপন্ন আৰু গল্প-গুজৱ কৰি ভাল পায়। “আপুনি যিহেতু কলকাতাৰ, আপুনি জানে। বহুতো মানুহৰ মৃত্যু হ’ল, বহুতেই কৰ্মহীন হৈ পৰিল। যোৱাবছৰ পেটে-ভাতে খাই কোনোমতে জীয়াই থাকিলো। গতিকে এই বছৰত (২০২১) আমি সময় নষ্ট নকৰি ইয়ালৈ আহিলো।”
নিৰ্মাণ শ্ৰমিক হিচাপে প্ৰথমবাৰৰ বাবে মই ১৯৯০ৰ চনতে লাডাখলৈ আহিছিলো,” ঝাৰখণ্ডৰ দলটোৰে এগৰাকী সদস্য প্ৰায় ৫০ বছৰ বয়সীয়া আন এজন শ্ৰমিক ঘানি মিঞাই ক’লে। ২০২০ৰ জুনত লকডাউন প্ৰত্যাহাৰ কৰাৰ প্ৰথম পৰ্য্যায়তে তেওঁ ইয়ালৈ আহিছিল। “ইয়াত আহি পোৱাৰ লগে লগে আমাক ১৫ দিনৰ বাবে কোৱাৰেইণ্টাইনলৈ প্ৰেৰণ কৰে। তাৰ পিছত কামত যোগ দিলো। কিন্তু সেই দুটা সপ্তাহ মানসিকভাৱে ভীতিগ্ৰস্ত হৈ পৰিছিলো।”
লেহ চহৰলৈ অহাৰ সময়ত আমি আন এদল শ্ৰমিক লগ পালো। তেওঁলোকৰ ঘৰো ঝাৰখণ্ডত। “শ্ৰমিকসকলক খুৱাবলৈ আমি ৰন্ধাৰ কাৰণে ইয়ালৈ আহিছো। আমাৰ দৈনিক মজুৰী কিমান হ’ব, সেই কথা আমি এতিয়াও নাজানো। কিন্তু গাঁৱত কৰ্মহীন হৈ এনেয়ে বহি থকাতকৈ ইয়াত কাম কৰি থকা বহুত ভাল।” ঘৰত মহামাৰীৰ সৈতে কঠোৰ সংগ্ৰাম কৰা বাস্তুৱৰ বহু কাহিনী তেওঁলোক প্ৰতিজনৰে মনত সঞ্চিত হৈ আছে। তেওঁলোকৰ প্ৰতিজনে ক’ভিড-১৯ টিকাৰ প্ৰথম পালি লৈছে ( লাডাখৰ ১১,০০০ ফুট উচ্চতাত স্বাস্থ্যকৰ্মীৰ দৃষ্টান্তমূলক সেৱা - চাব পাৰে)।
অনুবাদ: পংকজ দাস