বাৰিষা আঁতৰিছে। বিহাৰৰ বৰাগাওঁ খূৰ্দ গাঁৱৰ মহিলাই তেওঁলোকৰ কেঁচামাটিৰ ঘৰবোৰত লেপিবলৈ পথাৰৰ পৰা বোকামাটি কঢ়িয়াইছে। তেওঁলোকে আহৰি পালেই, বিশেষকৈ উৎসৱৰ আগে আগে ঘৰবোৰ এনেদৰে মাটি লেপি চিকুণায়।
লীলাৱতী দেৱীয়েও (২২) আনবোৰৰ সৈতে বোকামাটি আনিবলৈ গৈছে। কিন্তু তেওঁৰ তিনিমহীয়া পানীকেঁচুৱাটি টোপনি যাব খোজা নাই। তেওঁৰ ২৪ বছৰীয়া স্বামী অজয় ওৰাৱন ঘৰৰ ওচৰতে নিজৰ গেলামালৰ দোকানখনত বহিছে। কোলাৰ কেঁচুৱাটিৰ কপালত ঘনে ঘনে হাত দি জ্বৰ উঠিছে নেকি তেওঁ চাইছে। “কেঁচুৱাটিৰ গা ভালে আছে যেনেই মোৰ লাগিছে,” তেওঁ অনুমান কৰিলে।
২০১৮ত লীলাৱতীৰ ১৪ মহীয়া জীয়াৰী জ্বৰ হৈ ঢুকাইছিল। “মাত্ৰ দুদিন তাইৰ জ্বৰ উঠিছিল, গা ইমানো তপত নাছিল,” লীলাৱতীয়ে কয়। তাত বাদে কি কাৰণত তাই কেঁচুৱাটি ঢুকাল, মাক-দেউতাকে নাজানে। তাত হস্পিতালৰ কোনো তথ্য-পাতি নাই, কোনো প্ৰেছক্ৰিপশ্যন নাই, দৰৱো নাই। আৰু কেইদিনমানলৈ জ্বৰ শাম নাকাটিলে মাক-দেউতাকে কেঁচুৱাটোক কাইমুৰ জিলাৰ অধৌৰা ব্লকৰ তেওঁলোকৰ গাঁৱৰ পৰা ন কিলোমিটাৰ দূৰৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ নিয়াৰ কথা ভাবি থৈছিল। কিন্তু তেনে কৰা নহ’ল।
কাইমুৰ বন্যপ্ৰাণী অভয়াৰণ্যৰ দাঁতি কাষৰতে থকা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰটোৰ সীমাৰ বেৰবোৰ নাই। সেই স্বাস্থ্যকেন্দ্ৰটোৰ ভিতৰত ভালুক, নাহৰফুটুকী আৰু নীলগাই সোমাই ৰোগীক আৰু কামলৈ মন নথকা স্বাস্থ্যকৰ্মীক ভয় খুওৱা বৰাগাওঁ খূৰ্দ গাওঁখনৰ লগতে গাতে লাগি থকা বৰাগাওঁ কালানৰ গঞাই (সেই দুখন গাঁৱৰ বাবে একেটাই প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ) দেখিছে।
“উপ স্বাস্থ্যকেন্দ্ৰ এটা (বৰাগাওঁ খূৰ্দত) আছে যদিও ভৱনটো এতিয়া পৰিত্যক্ত। সেইটো গোহালিলৈ পৰিণত হৈছে,” ২০১৪ৰ পৰা সীমিত সফলতাৰে কাম কৰি অহা স্বীকৃতিপ্ৰাপ্ত সামাজিক স্বাস্থ্যকৰ্মী (আশাকৰ্মী) ফুলবাসী দেৱীয়ে কয়।






