ৰাজস্থানৰ জয়পুৰৰ প’ল’ ক্লাবত ফেব্ৰুৱাৰী মাহৰ দেওবাৰে বিয়লি ৪ বাজিছে।
চাৰিজনীয়া দুয়োটা দলৰ খেলুৱৈৰসকলে নিজৰ নিজৰ পজিছন লৈছে।
ভাৰতত খেলিবলগীয়া প্ৰথম আন্তঃৰাষ্ট্ৰীয় মহিলা প’ল’ খেলৰ এই প্ৰদৰ্শনী খেলখনত ভাৰতীয় মহিলাৰ টিডিকেএফ দলৰ বিৰুদ্ধে যুঁজিব প’ল’ ফেক্টৰী ইন্টাৰনেশ্বনেলে।
প্ৰতিগৰাকী খেলুৱৈয়ে হাতত একোডালকৈ প’ল’ ষ্টিক লৈ খেলিবলৈ সাজু হৈ আছে। এইটো ছিজনত অশোক শৰ্মাৰ এইখন প্ৰথম খেল। কিন্তু এই খেলবিধ তেওঁৰ বাবে অচিনাকী নহয়।
তৃতীয় প্ৰজন্মৰ খনিকৰ অশোকৰ আছে যি কোনো ধৰণৰ প’ল’ খেলুৱৈৰ বাবে অত্যাৱশ্যকীয় সৰঞ্জাম বেত পৰা তৈয়াৰ কৰা প’ল’ ষ্টিক তৈয়াৰ কৰাৰ ৫৫ বছৰীয়া অভিজ্ঞতা। তেওঁৰ পৰিয়ালৰ ১০০ বছৰীয়া এই ঐতিহ্যৰ কথা গৌৰৱ কৰি ক’লে, “মই প’ল’ ষ্টিক তৈয়াৰ কৰা কাৰুশিল্পৰ মাজত ডাঙৰ হৈছোঁ।” ঘোঁৰাৰ পিঠিত খেলা প’ল’ খেল হ’ল পৃথিৱীৰ অশ্বাৰোহী খেলসমূহৰ আটাইতকৈ পুৰণি এবিধ খেল।




















