ন বছৰীয়া চন্দ্ৰিকা বেহৰা স্কুললৈ যোৱা দুটা বছৰ হৈছে। বাৰাবাংকি গাঁৱৰ ১৯ গৰাকী শিক্ষাৰ্থীৰ মাজৰ এগৰাকী চন্দ্ৰিকা। সিহঁত প্ৰথম শ্ৰেণীৰ পৰা পঞ্চমমানৰ ভিতৰত পঢ়ি থাকিব লাগে যদিও ২০২০ৰ পৰা সিহঁত কোনোৱে নিয়মীয়াকৈ স্কুললৈ যোৱা নাই। তাইৰ মাকে পঠিওৱা নাই, তাই কয়।
২০০৭ত বাৰাবাংকিৰ নিজাকৈ এখন স্কুল আছিল। কিন্তু ২০২০ত সেই স্কুলখন ওড়িশা চৰকাৰে বন্ধ কৰি দিয়ে। চন্দ্ৰিকাৰ দৰে গাওঁখনৰ প্ৰাথমিক স্কুলত পঢ়া শিক্ষাৰ্থীৰ সৰহভাগেই চাওতাল আৰু মুণ্ডা আদিবাসী, সকলোকে তাৰ পৰা ৩.৫ কিলোমিটাৰ দূৰৰ জামুপচী গাঁৱত থকা স্কুলত নাম লগাবলৈ কোৱা হয়।
“সৰু ল’ৰা-ছোৱালীয়ে ইমানদূৰ বাট খোজকাঢ়িব নোৱাৰে। ইমান দূৰ বাট যাওতে সিহঁতৰ মাজতে কাজিয়া লাগে,” চন্দ্ৰিকাৰ মাক মামী বেহৰাই কয়। “আমি দৰিদ্ৰ শ্ৰমিক। স্কুললৈ সদায় ইহঁতক কেনেকৈ অনা-নিয়া কৰিম? চৰকাৰে আমাৰ গাঁৱৰ নিজা স্কুলখন আকৌ খুলি দিব লাগে,” তেওঁ কয়।
তেতিয়ালৈ তেওঁৰ সৰুজনী ছোৱালীৰ দৰে ৬ৰ পৰা ১০ বছৰীয়া শিশুবোৰে নপঢ়াকৈয়ে থাকিব লাগিব, তেওঁ অসহায় হৈ মূৰ জোকাৰে। ত্ৰিশোৰ্ধ মামীয়ে এই লৈও ভয় কৰে যে জাজপুৰ জিলাৰ দানাগাড়ী গাঁৱৰ হাবিত সোপাধৰাও থাকিব পাৰে।
তেওঁৰ ল’ৰা যোগীৰ বাবে মামীয়ে পুৰণি বাইচাইকেল এখনৰ ব্যৱস্থা কৰি দিছে। যোগীয়ে তাৰ পৰা ৬ কিলোমিটাৰ দূৰৰ এখন স্কুলত ৯ম মানত পঢ়ি আছে। সৰুজনী চন্দ্ৰিকা ঘৰতে থাকিবলগীয়া হৈছে।
“আমাৰ প্ৰজন্মটোৱে দেহাই লগ নেৰালৈকে কাম কৰিছিল, খোজ কাঢ়িছিল আৰু পাহাৰ বগাইছিল। সেই একেখিনিয়ে আমাৰ ল’ৰা-ছোৱালীয়ে কৰাটো আমি বিচৰা উচিতনে?” মামীয়ে প্ৰশ্ন কৰে।





















