অন্ধ্ৰ প্ৰদেশৰ অনন্তপুৰ জিলাৰ ছাগলীৰ মাংসৰ দোকান আৰু বজাৰত ছাগলী আৰু ভেড়াছাগলীবোৰ গাড়ীত বোজাই কৰি নিতৌ লৈ অনা হয়। বেপাৰীয়ে এই পশুবোৰ পালকৰ পৰা ক্ৰয় কৰে আৰু ভাল দামৰ সন্ধানত সেয়া এখন বজাৰৰ পৰা আনখন বজাৰলৈ লৈ ফুৰে। মই এইখন আলোকচিত্ৰ লৈছিলো যেতিয়া টেম্পো এখনে কাদিৰিৰ দিশৰ পৰা অনন্তপুৰৰ অভিমুখে গৈ আছিল।
মই ভাবিছিলো ওপৰত উঠি থকাজন (যাৰ নাম মই লিখিব নোৱাৰিলোঁ) মালিক। সেয়ে মই অনন্তপুৰ চহৰৰ শনিবৰীয়া বজাৰখনৰ ছাগলী বজাৰলৈ গ'লো আৰু মানুহবোৰক এই ফটোখন দেখুৱালো। কিছুৱে ক'লে যে সেইজন বেপাৰী হ'ব পাৰে বা বেপাৰীয়ে পঠিওৱা পহৰদাৰ হ'ব। কিন্তু সঁচা কথাটো কোনোৱে ক'ব পৰা নাছিল। বজাৰত লগ পোৱা পি. নাৰায়ন স্বামী নামৰ এজন পশুপালকে ক'লে যে তেঁও পূৰ্ণ প্ৰত্যয়েৰে ক'ব পাৰে যে আলোকচিত্ৰখনত দেখাজন পশুবোৰৰ মালিক নহয়। সেইজন বোধকৰো এজন শ্ৰমিক। কেৱল এজন শ্ৰমিকেহে এনেদৰে ওপৰত বহিব পাৰে (চিন্তামুক্ত ভংগীমাত)। "ছাগলীৰ মালিকে নিজৰ সৈতে পশুবোৰক লৈ যোৱাৰ সময়ত সাৱধানতাৰে ভৰি ভিতৰত ৰাখিব। যিজন লোকে প্ৰতিটো ছাগলীত ৬ হাজাৰকৈ টকা খৰছ কৰে, সেইজনে নিজৰ ভৰি ভাঙিব দিব নোৱাৰে।"