সোমা কদালিয়ে কয় যে তেওঁৰ পৰিয়ালে তেওঁৰ খবৰ ল’বলৈ ফোন কৰি থাকে। ৮৫ বছৰীয়া বৃদ্ধজনে তেওঁলোকক আশ্বস্ত কৰি কয়, “মই ভালেই আছো।
আকোলে (আকোলা বুলিও কোৱা হয়) তালুকাৰ ৱাৰাংগুছি গাঁৱৰ এজন কৃষক কদালিয়ে মহাৰাষ্ট্ৰৰ আহমদনগৰ (আহমেদনগৰ বুলিও লিখে) জিলাৰ আকোলেৰ পৰা লনিলৈ কৃষকসকলে আয়োজন কৰা তিনিদিনীয়া প্ৰতিবাদী পদযাত্ৰা (২৬-২৮ এপ্ৰিল)ত যোগদান কৰিছে। বয়সৰ বাধা স্বত্ত্বেও ইয়াত থকাৰ প্ৰয়োজনীয়তা বুজাই তেওঁ কয়, “মই মোৰ গোটেই জীৱনটো খেতি কৰিয়েই কটাইছো।”
আঢ়ৈ লাখ টকাৰ ঋণৰ বোজা থকা খেতিয়কজনে কয়, “৭০ বছৰ ধৰি কাম কৰাৰ পিছত যে মোৰ এনে বিলৈ হ’ব পাৰে, জীৱনতো ভবা নাছিলো।” মহাদেৱ কোলি আদিবাসী সম্প্ৰদায়ৰ কদালিৰ নিজৰ গাঁৱত পাঁচ বিঘা মাটি আছে, তেওঁ কয় যে এতিয়া বতৰ যিধৰণে অভাৱনীয় হৈ পৰিছে, আগতে তেনে হোৱা কেতিয়াও তেওঁ দেখা নাই।
“মোৰ গাঁঠিৰ বিষ আছে। খোজ কাঢ়িলে আঁঠু দুটা বিষায়। পুৱা বিচনাৰ পৰা উঠিবলৈ মন নাযায়। কিন্তু তথাপিও মই আগবাঢ়ি যাম,” তেওঁ কয়।












