তোমালোকৰ এই বিশ্ববিদ্যালয়খন এনে এখন গাওঁ আধা হ’লেও উছন কৰি মুকলি কৰা মাটিত পতা হৈছে, যিখনৰ গঞাক যিমানবাৰ স্থানচ্যুত কৰা হৈছে, সেয়া হিচাপ কৰিলে অভিলেখেই হৈ পৰিব, ২০১১ চনত মই এই কথা কৈছিলো। তাত তোমালোকৰ দোষ নাই, কিন্তু সেই কথাখিনি বিনয়েৰে বিবেচনা কৰিবা।
তেওঁলোক আছিল বিনয়ী, কিন্তু সেই কথা শুনি তেওঁলোক অকণমান চঁক খোৱাৰ দৰে হ’ল। ওড়িশাৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়, কৰাপুটৰ সেই খুবেই আগ্ৰহী আৰু মনযোগ দি কথা শুনি থকা শিক্ষাৰ্থীসকলৰ বেছিভাগেই আছিল সাংবাদিকতা আৰু গণসংযোগ বিভাগৰ। চিকাপাৰৰ কাহিনী শুনি তেওঁলোকে মনত কষ্ট পালে। পাবৰে কথা। সেইখন গাওঁ তিনিবাৰকৈ খালি কৰোৱা হৈছিল। প্ৰতিবাৰেই ‘উন্নয়ন’ৰ নামত, স্বেচ্ছাচাৰে।
মোৰ মনটো ১৯৯৩ৰ শেষৰফালৰ সেই সময়লৈ সাউৎকৰে উৰি গ’ল। ১৯৯৩ৰ শেষৰ, হয়তো ১৯৯৪ৰ আগভাগৰ কথা। মুক্তা কদম (ওপৰৰ প্ৰচ্ছদ ফটোত নাতিল’ৰাৰ সৈতে) নামৰ গড়াবা আদিবাসী সম্প্ৰদায়ৰ মহিলাগৰাকীয়ে মোক কৈছিল, কেনেদৰে ১৯৬০ৰ দশকত তেওঁলোকক ধাৰাষাৰ বাৰিষাৰ ৰাতি এটাত উচ্ছেদ কৰা হৈছিল। আগে আগে তেওঁ নিজৰ পাঁচটা ল’ৰা-ছোৱালী আৰু মূৰত বয়-বস্তু লৈ জংগলৰ মাজেৰে দোপালপিটা বৰষুণত তেওঁলোক ঘিটমিট আন্ধাৰত আগবাঢ়িছিল। “ক’লৈ যাম একো ভাবি পোৱা নাছিলো। চাহাবহঁতে আমাক যাবলৈ কৈছিল কাৰণে গুছি গৈছিলো। ভয়তে হাত-ভৰি পেটত লুকাইছিল।”
তেওঁলোক হিন্দুস্থান এৰ’নেটিকচ্ লিমিটেড (এইছ.এ.এল.)ৰ মিগ ফাইটাৰ প্ৰকল্পৰ কাৰণে প্ৰয়োজন হোৱা মাটিৰ বাবে উচ্ছেদিত হৈছিল। সেই প্ৰকল্প সাকাৰ ৰূপত দেখাৰ সৌভাগ্য ওড়িশাবাসীৰ নহ’ল। সেই মাটি কেতিয়াও গঞাই ঘূৰাই নাপালে, আৰু ক্ষতিপূৰণ? “আমাৰ ৬০ একৰ মাটি আছিল,” জ্যোতিৰ্ময় খোড়াই কয়। তেওঁ এগৰাকী দলিত সম্প্ৰদায়ৰ লোক তথা সমাজকৰ্মী যিয়ে চিকাপাৰৰ ভূমি হেৰুওৱাসকলৰ ন্যায়ৰ হকে বহুদশক ধৰি যুঁজি আহিছে। “বহু বছৰৰ মূৰকত যেনিবা আমি ক্ষতিপূৰণ পালো, সৰ্বমূঠ ১৫ হাজাৰ টকা – ৬০ একৰ মাটিৰ বিনিময়ত।” গাওঁ হেৰুওৱা সেই লোকসকলে আকৌ এবাৰ ঘৰ সাজিলে, তেওঁলোকৰ নিজৰ মাটিত, চৰকাৰৰ মাটিত নহয়। পুৰণি দিনৰ স্মৃতিৰে তেওঁলোকে নাম দিলে ‘চিকাপাৰ’।




