‘মোৰ হাতত সূতা নাইকিয়া হৈছে। টকাৰ ফালৰ পৰাও তলি উদং হৈছে। ইফালে তলাবন্ধ ফলত শাড়ীবোৰো শেঠ(ব্যৱসায়ী)ক দিব পৰা নাই,’ বুঢ়ৱাৰ গাঁৱৰ চান্দেৰী বস্ত্ৰৰ শিপিনী সুৰেশ কোলিয়ে কয়।

ক’ভিড-১৯ তলাবন্ধৰ এটা সপ্তাহৰ ভিতৰত ৩১ বছৰীয়া সুৰেশৰ লগত থকা সূতাৰ কেইঠামান মহুৰা তেওঁ তাঁতশালত বৈছিল। শেঠ অনাদি লালক দিবলৈ তিনিখন শাড়ী সম্পূৰ্ণ কৰা হ’ল। অনাদি লাল প্ৰাণপুৰ গাঁৱৰ চান্দেৰী বস্ত্ৰ ব্যৱসায়ী।

বেটৱা নদীৰ ৰাজঘাট বান্ধৰ ওচৰত উত্তৰ প্ৰদেশৰ ললিতপুৰ জিলাত শিপিনীৰ গাওঁখন আছে। নদীখন পাৰ হ’লেই মধ্যপ্ৰদেশৰ অশোক নগৰ জিলাৰ চান্দেৰী চহৰ। চান্দেৰী একে নামৰে হস্ততাঁত বস্ত্ৰৰ কেন্দ্ৰ। এই চহৰৰ কাষতে শেঠ আনন্দি লালৰ প্ৰাণপুৰ গাওঁ।

বুঢ়ৱাৰ আৰু চান্দেৰীৰ মাজত থকা উত্তৰ প্ৰদেশৰ মধ্যপ্ৰদেশৰ সীমান্তত আৰক্ষীৰ নিশ্চিদ্ৰ পহৰা, তলাবন্ধৰ বাবে মাত্ৰ ৩২ কিলোমিটাৰ পথৰ ব্যৱধানত থকা সুৰেশ আৰু আনন্দি লাল বিচ্ছিন্ন হৈ পৰিছে। ‘কি হৈছে মই একো বুজি পোৱা নাই। দিল্লীৰ পৰা উভতি অহাসকলক পুলিচে আঁতৰাই লৈ গৈছে। আমাৰ গাঁৱত কেনেকৈ বেমাৰ হ’ব? কিন্তু চৰকাৰে আমাৰ জিলাখন তলাবন্ধ কৰি দিছে আৰু আমাৰ জীৱন-জীৱিকা ধ্বংস হৈ পৰিছে,’ সুৰেশে কয়।

সম্পূৰ্ণ কৰা শাড়ী তিনিখনৰ কাৰণে সুৰেশে আনন্দি লালৰ পৰা ৫,০০০ টকা বিচাৰিছিল। ‘তেওঁ সুৰেশক দিবলৈ ৫০০ টকা যোগাৰ কৰি কয় যে বজাৰ নোখোলালৈকে সম্পূৰ্ণ টকা আদায় দিয়া নহ’ব,’ সুৰেশে কয়।

তলাবন্ধৰ আগতে শেঠ আনন্দি লালে সুৰেশক কেঁচামাল দিছিল, যেনে কপাহী আৰু ৰেচমী সূতা, জাৰি সূতা আৰু শাড়ী, দোপাত্তা, ষ্টল, সাজ-সজ্জাৰ নৰম কাপোৰ বা কেৱল কাপোৰ বোৱাৰ বাবে কমিচন দিয়ে। কাপোৰৰ আৰ্হিও সুৰেশহঁতক দিয়ে। প্ৰতিটো কামৰ দাম ধাৰ্য কৰা থাকে, বস্তুবিলাক লোৱাৰ সময়ত শেঠে নগদ ধন দিয়ে।

Suresh and Shyambai Koli had steady work before the lockdown. 'I enjoy weaving. Without this, I don’t know what to do,' says Suresh
PHOTO • Astha Choudhary
Suresh and Shyambai Koli had steady work before the lockdown. 'I enjoy weaving. Without this, I don’t know what to do,' says Suresh
PHOTO • Mohit M. Rao

তলাবন্ধৰ আগলৈকে সুৰেশ আৰু শ্যামবাঈ কোলিয়ে কাম কৰি আছিল। ‘মই তাঁত ব’বলৈ ভাল পাও। তাঁতশালৰ কাম নাথাকিলে কি কৰিম নিজেই নাজানো,’ সুৰেশে কয়

ব্যৱসায়ী আৰু শিপিনীৰ মাজত থকা নিয়মীয়া ব্যৱস্থাটো তলাবন্ধৰ ফলত ভাঙি পৰিল। এপ্ৰিলৰ প্ৰথম সপ্তাহত কাম কৰিবলৈ সুৰেশক সূতা আৰু জাৰিৰ দৰকাৰ আছিল আৰু পৰিয়ালৰ ভৰণ-পোষণৰ বাবে টকাও লাগিছিল। তেওঁ আনন্দি লাললৈ সদায় ফোন কৰিবলৈ ধৰিলে। ২৭ এপ্ৰিলত পুলিচে পহৰাচকীত সুৰেশক লগ কৰিব বুলি আনন্দি লালে ক’লে। মে’ মাহৰ শেষত চাৰিখন শাড়ী বৈ দিব লাগিব বুলি শেঠে সুৰেশক কেইমুঠিমান সূতা আৰু আগতীয়া ধন হিচাপে ৪,০০০ টকা দিয়ে। দিবলগীয়া থাকি যোৱা ধন পিছত দিয়া হ’ব বুলি কয়।

সুৰেশ আৰু তেওঁ পৰিয়াল অনুসূচীত জাতিৰ তালিকাভূক্ত পৰম্পৰাগত তাঁতী সম্প্ৰদায় ‘কোলি’ (কৰি বুলিও কোৱা হয়)ৰ অন্তৰ্ভূক্ত। ১৪ বছৰৰ আগতেই সুৰেশে পিতৃৰ পৰা তাঁত ববলৈ শিকিছিল। চান্দেৰী নগৰ আৰু ইয়াৰ ওচৰৰ অঞ্চলৰ হস্ততাঁত শিপিনীসকলৰ অধিকাংশ কোলি আৰু মুছলমান অ’.বি.চি. সম্প্ৰদায় আনছাৰী সম্প্ৰদায়ৰ লোক।

২০১৯ৰ ডিচেম্বৰত আমি যেতিয়া তেওঁক লগ পাইছিলো, সেই সময়ত তাঁতশালত বহা সুৰেশে গৰকাত দুই ভৰি থৈ একাৰ সোঁফালে, এবাৰ বাওঁফালে তললৈ মাৰে আৰু একে সময়তে মাকো মাৰি ঘনে ঘনে দোপদী টানি কৰা শব্দৰ সমাহাৰে পিয়ানোবাদকৰ সুৰ সমলয়ৰ দৰে কোঠাৰ ভিতৰত অনুনাদ সৃষ্টি কৰিছিল। ৰেচনৰ দীঘৰ সূতাৰ লগত কপাহী বাণিৰ সূতা সাৱধানেৰে বোৱা হয়। তলাবন্ধৰ আগতে তেওঁ প্ৰতিদিনে ১০ ঘণ্টাকৈ তাঁতশালত বহিছিল। উপৰিঞ্চি কাম থাকিলে ১৪ ঘণ্টা পৰ্যন্ত তাঁত বৈছিল।

কলপ নেৰুওৱা ৰেচমী সূতা ব্যৱহাৰ কৰি অতি পাতল আৰু কোমল মানৰ চান্দেৰী বস্ত্ৰ উৎপাদন কৰা হয়। সূতাৰে হস্ততাঁতৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ ভিতৰত চান্দেৰী শাড়ীৰ চাহিদা যথেষ্ট বেছি। ইয়াৰ কমনীয় ৰং, ৰেচমী চিকমিকনি আৰু সোণালী গুণাৰ আঁচল আৰু ফুলৰ অনন্য চানেকীয়ে চান্দেৰী শাড়ীৰ বৈশিষ্টত অন্য মাত্ৰা সংযোজন কৰে। বিগত ৫০০ বছৰ ধৰি চান্দেৰী অঞ্চলত হস্ততাঁতত বৈ উলিওৱা শাড়ীয়ে ২০৫ত ভৌগোলিক সূচক স্বীকৃতি লাভ কৰিছিল।

ভিডিঅ’ চাব পাৰেঃ ক’ভিড-১৯ তলাবন্ধত আৱদ্ধ হৈ পৰা চান্দেৰীৰ তাঁতীসকলক

চান্দেৰী চহৰৰ ব্যৱসায় ব্যাহত হৈ পৰিছে। সামান্য টকাৰ বাবে শিপিনীয়ে শেঠ (ব্যৱসায়ী)ৰ সৈতে আপোচ কৰিবলগা হৈছে। ব্যৱসায়ৰ খহনীয়াই শিপিনী শ্ৰেণীক সৰ্বাধিক ক্ষতি কৰিছে

সুৰেশে কয় ফুল-জালি নথকা শাড়ী এখন বৈ উলিয়াবলৈ চাৰিদিন লাগিব পাৰে। ফুলৰ নক্সাৰ ওপৰত নিৰ্ভৰ কৰি এখন ফুলবচা শাড়ী সম্পূৰ্ণ কৰিবলৈ ৮ৰ পৰা ৩০ দিন পৰ্যন্ত লাগিব পাৰে। কামৰ গতি আৰু ইয়াত ব্যয় কৰা সময়ৰ সংহতিয়ে একোখন অনন্য শাড়ীৰ সৃষ্টি কৰে।

তলাবন্ধৰ আগতে, গোটেই বছৰ নেৰানেপেৰাকৈ কাম কৰিছিল। আদ্ৰতাৰ বাবে কপাহী সূতাবিলাক যেতিয়া জুন মাহৰ শেষৰ পৰা আগষ্টৰ শেষলৈকে ফুলি উঠে, বাৰিষাৰ এই দুটা মাহত কামৰ গতি হ্ৰাস পায়। ‘এয়া বহু ঘণ্টা ধৰি কৰা কষ্টৰ কাম। কিন্তু মই তাঁত ববলৈ ভাল পাওঁ। ইয়াৰ পৰা মই খোৱা আহাৰ আৰু জীৱিকা পাওঁ। ইয়াৰ অবিহনে কি কৰিম, মই নাজানো। তাঁতশালৰ কাম বাদ দি জীয়াই থাকিবলৈ আমাৰ মাটি নাই, বা এনে বিপজ্জনক সময়ৰ পৰা ৰক্ষা পাবলৈ আমাৰ সঞ্চিত ধন নাই,’ সুৰেশে কয়।

চান্দেৰী শিপিনী একোজনে উৎপাদিত কোনো সামগ্ৰীৰ পাইকাৰী বিক্ৰী মূল্যৰ পৰা ২০-৩০ শতাংশ উপাৰ্জন কৰে। ফুল-জালি নথকা একেবাৰে নিৰলংকাৰ শাড়ী একোখন মহাজনে খুচুৰা বিক্ৰেতাৰ ওচৰত ২০০০ টকাত বিক্ৰী কৰিলে সুৰেশে ৬০০ টকা পায়। এনে এখন শাড়ীৰ বাবে চাৰিদিন কাম কৰিব লাগে। তেওঁ বোৱা প্ৰায়বোৰ শাড়ী পাইকাৰী বিক্ৰীৰ দাম ৫,০০০ টকা হয়, এনে একোখন শাড়ীৰ বাবে কমেও ৮ দিন সময় লাগে। জটিল আৰু সুক্ষ্ম ফুলবচা একোখন শাৰীৰ মূল্য ২০,০০০ টকা হ’ব পাৰে আৰু এনে একোখন শাড়ী সম্পূৰ্ণ কৰিবলৈ এমাহ সময়ৰো প্ৰয়োজন হ’ব পাৰে। অতি কাৰুকৰ্ম খচিত একোখন শাড়ীৰ পৰা একোজন শিপিনীয়ে ১২,০০০ টকা পৰ্যন্ত উপাৰ্জন কৰিব পাৰে।

পত্নী শ্যামবাঈ, পাঁচ বছৰীয়া কন্যাসন্তান আৰু মাতৃ চামুবাঈৰ সৈতে সুৰেশ থকা বুঢ়ৱাৰৰ তিনিটা কোঠাৰ ঘৰটোৰ এটা কোঠা তেওঁৰ তাঁতশাল দুখনেৰে ভৰ্তি হৈ থাকে।

যেতিয়া কামৰ তাগিদা বেছি হয়, তেতিয়া একেলগে দুয়োখন শাল চলিবলৈ ধৰে আৰু দৈনিক শাড়ী বৈ উলিয়ায়। দেউতাকে ক্ৰয় কৰা শালখন সুৰেশে চলায় আৰু শ্যামায়ে দ্বিতীয়খন শাল চলায়। দুয়ো একেলগে মাহে ১০,০০০-১৫,০০০ টকাৰ ভিতৰত উপাৰ্জন কৰে।

Left: A design card for a  zari butti, given to Suresh by the seth to weave. Right: The two looms in Suresh and Shyambai's home face each other
PHOTO • Astha Choudhary
Left: A design card for a  zari butti, given to Suresh by the seth to weave. Right: The two looms in Suresh and Shyambai's home face each other
PHOTO • Astha Choudhary

বাওঁফালেঃ তাঁত ববলৈ শেঠে সুৰেশক দিয়া এখন ফুল বচা চানেকী। সোঁফালেঃ সুৰেশ আৰু শ্যামাবাঈৰ মুখামুখিকৈ থকা দুখন তাঁতশাল

চান্দেৰীৰ তাঁতী পৰিয়ালত জন্ম হোৱা শ্যামাবায়ে পিতৃ আৰু ভাতৃৰ পৰা হস্ততাঁত শিল্পৰ খুটি-নাতি শিকিছিল। ‘সুৰেশৰ সৈতে যেতিয়া মোৰ বিয়া হয় তেতিয়া কোঠাটোত মাত্ৰ এখন শাল আছিল। মই অলপ সহায় কৰিব পাৰিছিলো যদিও উপাৰ্জন বঢ়াব পৰা নাছিলো। দুবছৰৰ আগতে, মোৰ কাৰণে এখন তাঁতশাল কিনিবলৈ আমি ৫০,০০০ টকাৰ ঋণ ল’লো। দুখন শাল হোৱাৰ পিছত শাড়ী বা আন কাপোৰ বেছিকৈ বব পৰা হৈছো।’ শ্যামাবাঈয়ে কয়। শিপিনীৰ বাবে আগবঢ়োৱা বিশেষ আঁচনিৰ অধীনত লোৱা বেংকৰ ঋণ পৰিশোধ কৰিবলৈ তেওঁলোকে মাহে ১,১০০ টকাকৈ কিস্তিৰ ধন দিয়ে।

যেতিয়া শেঠৰ পৰা পোৱা কামৰ পৰিমাণ কম হয়, তেতিয়া শ্যামাবায়ে শাহুয়েক চামুবাঈৰ লগত তেন্দু পাত বিচাৰি যায়। জীৱিকাৰ কাৰণে চামুবায়ে বিড়ি তৈয়াৰ কৰে আৰু ১০০০ টা বিড়ি বনালে ১১০ টকা পায়। তলাবন্ধৰ ফলত শাহুয়েকৰ উপাৰ্জন বন্ধ হ’ল।

চান্দেৰী চহৰত ব্যৱসায়ৰ অৱস্থা বেয়া। যিকোনো উপায়েৰে অলপ টকা পোৱাৰ বাবে শিপিনীসকলে মহাজনবোৰৰ লগত আপোচ কৰিবলগীয়া হৈছে। খুচুৰা বিক্ৰীৰে খহনীয়া আৰম্ভ হোৱাৰ ফলত তেওঁলোক বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। বহুতো শিপিনীয়ে মহাজন (শেঠ) বা মুল শিপিনী (অতি পাৰ্গত শিপিনী, যি ব্যৱসায়ো চলায়)ৰ হৈ কাম কৰে।

এপ্ৰিলৰ মাজভাগত ৩৩ বছৰীয়া প্ৰদীপ কোলিক (চান্দেৰী চহৰত থাকে) তেওঁৰ শেঠে কয় যে পাৰিশ্ৰামিক সপ্তাহত ১৫০০ টকাৰ পৰিৱৰ্তে ১০০০ টকা দিয়া হ’ব। পৰিস্থিতি ঠিক নোহোৱালৈকে একে পাৰিশ্ৰামিকহে দিব পাৰিব। ‘আমি তৰ্ক কৰিলো, তেওঁ ক’লে যে নতুন অৰ্ডাৰ দিলে নতুন পাৰিশ্ৰামিকৰ হাৰৰ মতে দিব, ইতিমধ্যে কৰা কামৰ বাবে নতুন হাৰত নহ’ব। যদি পৰিস্থিতি সোনকালে সলনি নহয়, তেন্তে আমি বিপদত পৰিম,’ প্ৰদীপে কয়।

তলাবন্ধৰ সময়ত চান্দেৰীৰ শিপিনীসকলক বিনামূলীয়া খাদ্য-সামগ্ৰী যোগান ধৰা হ’ব বুলি কোৱা হৈছিল। কিন্তু এপ্ৰিল মাহত মাত্ৰ ১০ কিলোগ্ৰাম চাউল পাইছিল। ‘নগৰ পালিকা বিষয়াই মোৰ মহল্লাটোৰ জৰীপ কৰিছিল আৰু কৈছিল যে দাইল, চাউল আৰু আটা বিনামূলীাকৈ দিব। কিন্তু দিয়াৰ সময়ত মাত্ৰ চাউল দিলে।’ ২৪ বছৰ ধৰি কাপোৰ বোৱা কাম কৰা ৪২ বছৰীয়া দীপ কুমাৰে কয়। তেওঁ ছজনীয়া পৰিয়ালটোৰ বাবে অতি সাৱধানেৰে খাদ্য-সামগ্ৰীৰ ব্যৱস্থা কৰি চলাই আছে। ‘চাহত চেনী দুবাৰ দিয়াৰ কথা যেনেকৈ ভাবিব নোৱাৰে, তেনেকৈ আটাৰ ৰুটি সদায় আহাৰ হিচাপে খোৱাৰ কথাও ভাবিব নোৱাৰো।’

A weaver (left) who works for Aminuddin Ansari. Chanderi weavers are finding it difficult to get raw materials and to earn money now
PHOTO • Aminuddin Ansari
A weaver (left) who works for Aminuddin Ansari. Chanderi weavers are finding it difficult to get raw materials and to earn money now
PHOTO • Aminuddin Ansari

মহম্মদ ৰাঈৰ মুঝাৱৰ (বাওঁফালে), তেওঁ আনছাৰীৰ বাবে কাম কৰা শিপিনী। চান্দেৰীৰ শিপিনীে এতিয়া তাঁতশালৰ সামগ্ৰী নোপোৱা হৈছে আৰু উপাৰ্জনৰ কথা ভাবিব নোৱাৰা হৈছে

দীপ কুমাৰৰ বাসভৱনৰ তাঁতশাল- দ্বিতীয়খন তেওঁৰ ভায়েকে চলাব। সূতাৰ অভাৱত এতিয়া তাঁতশাল নিস্তব্ধ হৈ পৰিছে। তলাবন্ধৰ আগতে সপ্তাহত ৪,৫০০ টকাৰ উপাৰ্জন এতিয়া ৫০০ টকালৈ নিম্নগামী হৈছে। ‘মই শনিবাৰে (প্ৰতি সপ্তাহত) শেঠৰ পৰা টকা লও। বুধবাৰৰ পৰা মোৰ হাতত এটকাও নোহোৱা হ’ল,’ কুমাৰে কয়।

‘যিসময়ত শক্তিচালিত তাঁতশালৰ ব্যৱহাৰ বৃদ্ধি পাইছে, সেই সময়ত চান্দেৰী শাড়ীৰ চাহিদা হ্ৰাস পোৱা সময়ৰ মাজেৰে আগবাঢ়িছে। আমি যেনেতেনে চলি আছো। কিন্তু এনেকুৱা সংকট কিয় হৈছে বুজা নাই।’ ৫০ বছৰ ধৰি তাঁত বোৱা কাম কৰি অহা আৰু ১৯৮৫ত ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত ৭৩ বছৰীয়া তুলসীৰাম কোলিয়ে কয়। চান্দেৰীত তেওঁৰ নিজৰ ঘৰত ছখন তাঁতশাল আছে, তেওঁ নিজে, তেওঁৰ পত্নী, দুই পুত্ৰ আৰু বোৱাৰীয়েকহঁতে এইকেইখন তাঁতশালত কাপোৰ বয়।

যিমান দূৰ জনা যায়, অশোকনগৰ জিলাত ক’ভিড-১৯ত সংক্ৰমিত হোৱাৰ তথ্য নাই। তলাবন্ধ প্ৰত্যাহাৰ কৰাৰ পিছত এই সময়চোৱাত হোৱা ক্ষতিপূৰণ কৰিবলৈ বহুদিন লাগিব।

‘অহা ৬-৭ মাহলৈ নতুন কাম পাম বুলি মই নাভাবো। ইয়াৰ পিছতো আমাৰ কাম-কাজত মন্থৰতা বাৰুকৈয়ে দেখা যাব, কিয়নো হস্ততাঁতৰ শাড়ীৰ বাবে ব্যয় কৰিবলৈ মানুহৰ আৰ্থিক ক্ষমতা নাথাকিব। তেওঁলোকে কম দামৰ শক্তিচালিত তাঁত বা মেচিনত তৈয়াৰী বস্ত্ৰ ক্ৰয় কৰিব।’ কমেও ১০০ হস্ততাঁতৰ শিপিনীৰ সৈতে ব্যৱসায় কৰা চান্দেৰী চহৰৰ ব্যৱসায়ী আমিনুদ্দিন আনছাৰীয়ে কয়।

তলাবন্ধৰ আগতে আমিনুদ্দিনে প্ৰতি মাহত ৮-৯ লাখ টকাৰ কাম পাইছিল। দিল্লীৰ কেইটামান শ্ব’ৰুম আৰু কাপোৰৰ ডাঙৰ ব্ৰাণ্ড কেইটামান তেওঁ চান্দেৰী শাড়ীৰ ক্ৰেতা আৰু শাড়ী বা আন বস্ত্ৰ উৎপাদনৰ বাবে প্ৰয়োজনীয় সামগ্ৰী (সোঁফালে) ক্ৰয় কৰিবলৈ তেওঁক আগধন দিয়ে। আগন্তুক সময়ত বহুতো শিপিনীয়ে তাঁতশালৰ কাম এৰি দৈনিক টকা পোৱা দিনমজুৰী কৰিবলৈ যাব বুলি আমিনুদ্দিনে ভাবিছে।

PHOTO • Aminuddin Ansari

কোমল-মিহি, ৰেচমী চমক আৰু অনন্য ফুলৰ চানেকীৰ বাবে চান্দেৰী শাড়ী অধিক আবেদনময়ী হয়ঃ কিন্তু তলাবন্ধৰ সময়ত এনে শাড়ী বিক্ৰী হোৱা নাই

শ্ব’ৰুম আৰু কাপোৰৰ ব্ৰ্যাণ্ডবিলাকে আগতে দিয়া অৰ্ডাৰবিলাক বাতিল কৰিবলৈ আৰম্ভ কৰিছে। সুৰেশৰ শেঠ আনন্দী লালৰ সৈতে ১২০ জন শিপিনীয়ে কাম কৰে, তেওঁ কয় বহুতো ডাঙৰ ব্ৰ্যাণ্ডৰ শ্ব’ৰুমে আগতে চান্দেৰীলৈ মানুহ পঠিয়াই শাড়ীৰ অৰ্ডাৰ দি যায়। ‘এই বছৰৰ জানুৱাৰীত ১ কোটি টকা (এটা ডাঙৰ ব্ৰ্যাণ্ড)ৰ অৰ্ডাৰ পাইছিলো। শিপিনীক দিবলৈ মই প্ৰায় ১০-১৫ লাখমান টকাৰ সামগ্ৰী ক্ৰয় কৰিলো। তলাবন্ধৰ ঘোষণাৰ প্ৰায় ৫ দিনৰ পিছত সেই ব্ৰ্যাণ্ডে ফোন কৰি সুধিলে যে কামৰ অগ্ৰগতি কিমান হৈছে,’ তেওঁ কয়। ১০ দিনৰ পিছত তেওঁলোকে অৰ্ডাৰ বাতিল কৰি শালত থকা আধৰুৱা কাম সম্পূৰ্ণ কৰাৰ পৰা আমাক ৰক্ষা কৰিলে।

শাড়ী বিক্ৰী কৰাৰ পৰা হোৱা লাভ ব্যৱসায়ীয়ে কেনেকৈ একাষৰীয়া কৰে, তলাবন্ধৰ আগতে শিপিনীসকলে সেই বিষয়ে কৈছিল। শাড়ী তৈয়াৰ কৰোতে হোৱা কেঁচামালৰ খৰছ আৰু শিপিনীক দিয়া ধনৰ হিচাপ কৰাৰ পিছত ব্যৱসায়ীয়ে পাইকাৰী বিক্ৰীৰ পৰা ৪০ শতাংশ লাভ কৰে। দুবছৰৰ আগতে ৩৪ বছৰীয়া মহম্মদ দিলশ্বাদ আনছাৰী আৰু ১২-১৩ টা মান পৰিয়াল তথা বন্ধুৱে একেলগ হৈ মধ্যভোগীৰ কবলৰ পৰা ওলাই আহিবলৈ এটা অনানুষ্ঠানিক শিপিনীৰ গোট গঠন কৰিলে।

তাৰপিছত আহিল ক’ভিড-১৯। দিলশ্বাদ তেতিয়া হস্তশিল্পক জনপ্ৰিয় কৰা আৰু হস্তশিল্পীক সহায় কৰা স্বেচ্ছাসেৱী সংস্থা দস্তাকাৰ-য়ে যোৱা মাৰ্চত  দিল্লীত অনুষ্ঠিত এক প্ৰদৰ্শনীত আছিল। তেওঁ আশা কৰিছিল যে সেই প্ৰদৰ্শনীত কমেও ১২-১৫ লাখ টকাৰ সামগ্ৰী কৰিব পাৰিব। কিন্তু ১৩ মাৰ্চত দিল্লী চৰকাৰে মানুহৰ সকলো সমাৱেশ নিষিদ্ধ ঘোষণা কৰে। ‘৭৫,০০০ টকাতকৈয়ো কম মূল্যৰ সামগ্ৰী বিক্ৰী কৰি আমি উভতি আহিবলগীয়া হ’ল,’ তেওঁ কয়।

এপ্ৰিলৰ প্ৰথম সপ্তাহত যিসকল ক্ৰেতাই গোটেই বছৰৰ বাবে কামৰ অৰ্ডাৰ দিছিল, এতিয়া বাতিল কৰিবলৈ আৰম্ভ কৰিছে। দিলশ্বাদ এতিয়া আশাহীন হৈ পৰিছে। ‘ৰাতি টোপনি নাহে। শাড়ীবিলাক পুনৰ কেতিয়া বিক্ৰী হ’ব নাজানো। সেই সময় অহালৈকে কি কৰিম?’ তেওঁ প্ৰশ্ন কৰে।

বজাৰ যেতিয়া আকৌ খুলিব, ব্যৱসায়ীয়ে কেঁচামাল ক্ৰয় কৰিব পৰিব আৰু ডাঙৰ ডাঙৰ কাৰ অৰ্ডাৰ দিব, কিন্তু দিলশ্বাদে অনুমানঃ ‘আমি পুনৰ শেঠৰ ওচৰলৈ উভতি যাব লাগিব বা আমাৰ দৰে কিছুমান শিপিনীয়ে চান্দেৰীৰ পৰা ওলাই গৈ আন ঠাইত দিনমজুৰী কৰিব লাগিব।’

অনুবাদঃ পংকজ দাস

Mohit M. Rao

Mohit M. Rao is an independent reporter based in Bengaluru. He writes primarily on environment, with interests in labour and migration.

Other stories by Mohit M. Rao
Translator : Pankaj Das

ਪੰਕਜ ਦਾਸ ਪੀਪਲਸ ਆਰਕਾਈਵ ਆਫ਼ ਦਿ ਰੂਰਲ ਇੰਡੀਆ ਵਿਖੇ ਅਸਾਮੀ ਅਨੁਵਾਦ ਦੇ ਸੰਪਾਦਕ ਹਨ। ਉਹ ਗੁਹਾਟੀ ਦੇ ਰਹਿਣ ਵਾਲ਼ੇ ਹਨ ਅਤੇ ਲੋਕਾਲਾਈਜੇ਼ਸ਼ਨ ਦੇ ਮਾਹਰ ਵੀ ਹਨ ਅਤੇ ਯੂਨੀਸੈਫ਼ ਨਾਲ਼ ਰਲ਼ ਕੇ ਕੰਮ ਕਰ ਰਹੇ ਹਨ। ਉਨ੍ਹਾਂ ਨੂੰ idiomabridge.blogspot.com.‘ਤੇ ਸ਼ਬਦਾਂ ਨਾਲ਼ ਖੇਡਣਾ ਪਸੰਦ ਹੈ।

Other stories by Pankaj Das