তেওঁ নিজে গোৱা গীতবোৰ ছ’চিয়েল মিডিয়াত প্ৰায়ে আপলোড কৰে, আশা কৰে যে এদিন মানুহে তেওঁৰ প্ৰতিভা চিনিব, স্বীকৃতি দিব।
''কোনোবাদিন গীতৰ এলবাম এটা ৰিলিজ কৰাৰ হেঁপাহ আছে,’’ অসমৰ যোৰহাট জিলাৰ ছাইকোট্টা চাহ বাগিচাৰ ঢেকিয়াজুলি ডিভিজন নিবাসী ২৪ বছৰ বয়সীয়া চান্তো তাঁতীয়ে কয়।
চান্তোৱে সৰুৰে পৰা গায়ক হোৱাৰ সপোন দেখি আহিছে। কিন্তু তেওঁৰ বাস্তৱ জীৱনটো তাৰ সম্পূৰ্ণ বিপৰীত। দেউতাকৰ নিজা চাইকেল দোকানখনত কাম কৰি তেওঁ জীৱিকা নিৰ্বাহ কৰিবলগীয়া হৈছে।




