"আমি পূৰ্বে এইখিনি সময়ত বহু সামগ্ৰী বিক্ৰী কৰিছিলোঁ, কিন্তু আমি যেন এইবেলি গ্ৰীষ্মকালটো হেৰুৱাই পেলালো!" এটা পাত্ৰ ৰং কৰাৰ আগতে তেওঁলোকৰ ঘৰৰ বাহিৰত এটা চৌকাত গৰম কৰি থাকোতে ৰেখা কুম্ভকাৰে এনেদৰে কৈছিল। লকডাউনৰ সময়ত তেওঁ ঘৰৰ ভিতৰতে পাত্ৰ বনোৱাৰ কাম কৰিছিল আৰু মাজে-সময়েহে বাহিৰত কাম কৰিছিল।
ৰঙা বোকা মাটিৰে নিৰ্মিত পাত্ৰবোৰ সাধাৰণতে মাৰ্চৰ পৰা মে' মাহৰ মাজৰ সময়খিনিত বিক্ৰী কৰিবলৈ চট্টিছগড়ৰ ধামতাৰি নগৰৰ কুমাৰপাৰা এলেকাৰ ঘৰবোৰৰ বাহিৰত য'তে-ত'তে ৰ'দত শুকুৱাবলৈ মেলি ৰখা হৈছিল। "পাচলি বেপাৰীবোৰৰ দৰেই লকডাউনৰ সময়ত আমাক পুৱা সাত বজাৰ পৰা দুপৰীয়া বাৰ বজালৈ বিক্ৰীৰ বাবে অনুমতি দিয়া হৈছিল। নহ'লে যে আমি মহা বিপদত পৰিলোহেঁতেন," ৰেখাই কয়।
ঠিক তেনেতে, মুৰত এটা খালি খৰাহি লৈ ভুৱনেশ্বৰী কুম্ভকাৰ কূমাৰপাৰা পাইছিলহি। "মই কাহিলিপুৱাৰে পৰা নগৰৰ কেইবাটাও আৱাসিক এলেকালৈ গৈ বস্তু বিক্ৰী কৰোঁ। আঠটা বিকাৰ পিছত পুনৰ আঠটা বিক্ৰী কৰিলো। মই এতিয়া গৈ সোনকালেই ঘুৰিব লাগিব কিয়নো সন্ধিয়া লকডাউন হ’বৰ হৈছে। আমাক যিহেতু বজাৰত বিক্ৰী কৰিবলৈ অনুমতি দিয়া নাই, সেয়ে বেছিকৈ বিকিব পৰা নাই। চৰকাৰে দিয়া পাঁচশ টকা আৰু বিনামূলীয়া চাউলেৰে বাৰু আমিবোৰ কেনেকৈ চলিম?"
কুমাৰপাৰাৰ কুমাৰসকল, যি অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্ভূক্ত, তেওঁলোকে একোটা ডাঙৰ মাটিৰ পাত্ৰ ৫০-৭০ টকাত বিক্ৰী কৰে। বজাৰত যেতিয়া বিক্ৰী তুংগত উঠে তেতিয়া প্ৰতিটো পৰিয়ালে ২০০ৰ পৰা ৭০০ টকালৈকে টেকেলিবোৰ বেচে। এইবিলাক পানী মজুত কৰা আৰু শীতলীকৰণৰ বাবে মানুহে ব্যৱহাৰ কৰে। গোটেই প্ৰক্ৰিয়াটোত পৰিয়ালৰ লোকে কিমান সহায় কৰে তাৰ ওপৰতে পাত্ৰবোৰৰ সংখ্যা নিৰূপণ হয়। উৎসৱ-পাৰ্বণৰ সময়ত তেওঁলোকে সৰু সৰু দেৱ-দেৱীৰ মূৰ্তি, দিপান্বিতাৰ সময়ত সৰু সৰু বন্তি, বিয়া-সবাহৰ সময়ত সৰু পাত্ৰ আৰু অন্য সামগ্ৰী নিৰ্মাণত ব্যস্ত থাকে।
জুনৰ মাজভাগৰ পৰা চেপ্টেম্বৰৰ শেহলৈ, বাৰিষাৰ সময়ছোৱাত যেতিয়া বোকা মাটিবোৰ নুশুকায় আৰু বাহিৰত আন কাম কৰাটো সম্ভৱ নহয়, তেতিয়া তেওঁলোকৰ এই কাম বন্ধ থাকে। এইকেইটা মাহত, যিহেতু তেওঁলোকৰ নিজা কৃষিভূমি নাই, সেয়ে আনৰ পথাৰত ডেৰশ-দুশ টকাৰ বিনিময়ত মজুৰি ভিত্তিত কাম কৰে।




