হিমাচল প্ৰদেশৰ ছিমলা জিলাত নিৰ্মাণ শ্ৰমিক হিচাপে কাম কৰা মুকেশ ৰামে দেৱালীৰ ১০ দিন পূৰ্বে তেওঁৰ গাওঁ মহম্মদপুৰলৈ উভতি আহিছিল।
চল্লিশ বৰ্ষীয় মুকেশে প্ৰতি বছৰে বিহাৰৰ গোপালগঞ্জ জিলাত থকা নিজৰ ঘৰলৈ ছট পূজাৰ সময়ত আহে। উল্লেখ্য যে ছট উৎসৱত, দেৱালীৰ পিছৰ ষষ্ঠ দিনা সূৰ্যক উপাসনা কৰা হয়। তেওঁৰ পত্নী প্ৰভাৱতী দেৱী আৰু তেওঁলোকৰ চাৰি সন্তান তেওঁ উভতি অহাৰ বাবে আনন্দিত হৈছিল।
গাঁৱলৈ উভতি অহাৰ পিছত তেওঁ ঘৰৰ পৰা প্ৰায় ছয় কিলোমিটাৰ দূৰৈত মংগলপুৰ পুৰণা বজাৰৰ এক নিৰ্মাণ স্থলীত শ্ৰমিক হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে। তেওঁ ৰাতিপুৱা ৮ বজাত ঘৰৰ পৰা ওলাই গৈছিল আৰু সন্ধিয়া ৬ বজাৰ ভিতৰত ঘৰলৈ উভতি আহিছিল।
কিন্তু ২০২১ৰ ২ নৱেম্বৰত তেওঁ ঘৰলৈ পলমকৈ উভতি আহিছিল আৰু কিছুসময়ৰ পিছতে মূৰত তীব্ৰ বিষ হোৱা বুলি অভিযোগ কৰিবলৈ আৰম্ভ কৰে।
সেই বিষ ৰাতিপুৱালৈকে আছিল আৰু বিষত তেওঁ চকুও মেলিব পৰা নাছিল। অৱশ্যে, ৰাতিপুৱা, মুকেশে এবাৰ কামলৈ যাবলৈ সাজু হৈছিল যদিও বিষৰ বাবে যাব নোৱাৰিলে।
তেওঁৰ অৱস্থা দেখি প্ৰভাৱতীয়ে এখন ব্যক্তিগত বাহন ভাড়ালৈ লৈছিল আৰু গিৰিয়েকক ৩৫ কিলোমিটাৰ দূৰৈত থকা গোপালগঞ্জ চহৰৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ যো-জা কৰিছিল। "সুবেৰে লে জাত, লে জাত, ১১ বজে মওগত হো গেইল [ৰাতিপুৱা ১১ বজাত আমি চিকিৎসালয় পোৱাৰ মুহূৰ্তত তেওঁৰ মৃত্যু হয় ]।
স্বামীৰ মৃত্যুত শোকস্তব্ধ হৈ ৩৫ বৰ্ষীয় প্ৰভাৱতীয়ে সন্ধিয়া মৃতদেহটো লৈ ঘৰলৈ উভতাই অনাৰ সময়ত তেওঁৰ পকী ঘৰটো ছীল কৰি দিয়া হৈছিল। মহম্মদপুৰ আৰক্ষী থানাৰ আৰক্ষীয়ে তেওঁৰ ঘৰত তালাচী চলাইছিল।










