“এইবোৰ মৌ বা গুড়ৰ সৈতে মিহলি কৰি খুৱাব লাগে,” আইতাকৰ কোলাত লেবেজান হৈ পৰি থকা সুহানীৰ ফালে চাই গ্ৰামীণ স্বাস্থ্য আয়োজক উৰ্মিলা দুগ্গাই কয়।
শিশুটিক মেলেৰিয়াৰ কাঢ়া দৰৱ খুৱাবলৈ তিনিগৰাকী মহিলাই মৰম আৰু কৌশল খটুৱাবলগীয়া হৈছে- শিশুটিৰ আইতাক, আন এগৰাকী গ্ৰামীণ স্বাস্থ্য আয়োজক (আৰ.এইছ.অ’.) সাবিত্ৰী নায়ক আৰু মনকি কাচলান নামৰ মিতানিনগৰাকী, মিতানিন মানে আশাকৰ্মী।
ল’ৰা-ছোৱালীবোৰে বাহিৰত খেলা-ধূলা কৰি থকাৰ কলকলনিৰ মাজতে এই গোটেই প্ৰক্ৰিয়াটো ৩৯ বছৰ বয়সীয়া জ্যেষ্ঠ আৰ.এইছ.অ’. উৰ্মিলাই এখন ডাঙৰ ৰেজিষ্টাৰ উলিয়াই তাতে লিখি ৰাখিছে। চত্তীশগড়ৰ নাৰায়নপুৰ জিলাৰ নৌমুঞ্জমেটা গাঁৱৰ অংগনবাদী কেন্দ্ৰ এটাৰ বাৰান্দাত তেওঁৰ অস্থায়ী ক্লিনিকখন আছে।
মাহৰ প্ৰতি দ্বিতীয় মঙলবাৰে অংগনবাদীৰ পৰিৱেশটো বহিৰংগ বিভাগ (যিখন ক্লিনিকত চিকিসা কৰাবলৈ ৰোগীয়ে ভৰ্তি হ’ব নালাগে)ৰ দৰে হৈ পৰে। এফালে ল’ৰা-ছোৱালীয়ে অ-আ-ক-খ শিকাত ব্যস্ত হৈ থাকে, আনফালে তেওঁলোকৰ মাকবোৰ, নৱজাতক আৰু আন লোকে চিকিসাৰ কাৰণে শাৰী পাতি থাকে। উৰ্মিলা আৰু স্বাস্থ্যকৰ্মীৰে তেওঁলোকৰ দলটো পুৱা দহ বজাতে আহি হাজিৰ হয়। তাৰপাছত বাৰান্দাত মেজ এখন আৰু বেঞ্চ এখন যোগাৰ কৰে। তাতে বেগৰ পৰা পঞ্জীয়নবহীখনৰ লগতে চিকিসাৰ সা-সামগ্ৰীবোৰ উলিয়াই থৈ তেওঁলোকে ৰোগী চাবৰ বাবে সাজু হয়।
সিদিনা তেওঁলোকে কৰা সুহানীৰ ৰেপিড ডাইগনষ্টিক টেষ্ট (আৰডিটি) উৰ্মিলা আৰু তেওঁৰ সহকৰ্মীসকলে বছৰটোত নাৰায়নপুৰ ব্লকৰ ছখন গাঁৱত বছৰটোত কৰা ৪০০ মেলেৰিয়া পৰীক্ষাৰ মাজৰ এটা। সেই দলটোত ৩৫ বছৰ বয়সীয়া আৰ.এইছ.অ’. সাৱিত্ৰী নায়কো আছে, তেওঁ এই ব্লকটোৰ দায়িত্বত আছে আৰু তেঁৱেই সকলো টেষ্ট কৰায়।
“মেলেৰিয়া এক ডাঙৰ সমস্যা,” নাৰায়নপুৰ জিলাৰ মুখ্য স্বাস্থ্য বিষয়া ডা. আনন্দ ৰাম গোটাই কয়। “ই ৰক্তকণিকাৰ ক্ষতি কৰে আৰু আক্ৰান্তজন ৰক্তহীনতাত ভোগে, ফলত শাৰিৰীক বল-শক্তি কমি যায়। সেয়ে দিনহাজিৰা কৰাজনৰ মজুৰিতো প্ৰভাৱ পৰে। শিশুবোৰৰ জন্মৰ সময়ত ওজন কমি যায় আৰু এই চক্ৰটো চলি থাকে।”










