নিজৰ ল’ৰাটো কেনেকৈ ঢুকাল শোভা সাহিনীয়ে জনা বুলি ভাবিছিল। কিন্তু সাতমাহ পিছতো তেওঁ ইমান নিশ্চিত হ’ব পৰা নাছিল।
ফেব্ৰুৱাৰীৰ এদিনাখন সন্ধিয়া ব্ৰহ্মচাৰী গাঁৱৰ এটা কোঠালীৰ ঘৰৰ দুৱাৰমুখত বহি ৩০ বছৰ বয়সীয়া শোভাই মনত পেলালে কেনেকৈ তেওঁৰ ছবছৰীয়া সন্তান আয়ুসৰ গা বেয়া হৈছিল। “তেওঁৰ জ্বৰ উঠিছিল আৰু পেটৰ বিষ হোৱা বুলিও কৈছিল,” তেওঁ কয়।
সেয়া ২০২১ৰ জুলাই মাহৰ শেষভাগৰ কথা, উত্তৰ প্ৰদেশ গোৰখপুৰ জিলাৰ তেওঁলোকৰ গাওঁখন বৰষুণে বুৰাই পেলাইছিল। তাত বানপানী একো নতুন কথা নহয়। “প্ৰতিবছৰে বানপানী হয়,” তেওঁ কয়। “পানী ওলাই যোৱাৰ বাট নাই।”
বৰষুণ দিলেই ব্ৰহ্মচাৰীত পানী জমা হয় আৰু গৰুৰ গোবৰ, মুকলিতে শৌচ কৰে কাৰণে মানুহৰ মল-মুত্ৰৰ লগতে জাবৰ-জোঁথৰৰ লগ লাগে। “সেই পানীত কীট-পতংগ মৰে, মহ জন্মে। খাদ্য ৰান্ধি থকা সময়ত লেতেৰা পানী আহি ঘৰ সোমায়,” শোভাই কয়। “যিমান বাধা দিলেও আমাৰ ল’ৰা-ছোৱালীবোৰ সেই পানীতে খেলে। বাৰিষাৰ দিনবোৰত মানুহ প্ৰায়েই বেমাৰত পৰে।”
সেইবাৰ তেওঁৰ ল’ৰাৰ পাল পৰিল। “প্ৰথমতে আমি তেওঁক ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা কৰোৱাৰ চেষ্টা কৰালোঁ - এবাৰ বাৰ্হালগঞ্জ আৰু আনবাৰ চিক্ৰিগঞ্জত। কিন্তু সকলো অসাৰ হ’ল,” শোভাই কয়।
জ্বৰ আৰম্ভ হোৱাৰ প্ৰায় এসপ্তাহ পিছত শোভাই আয়ুসক তাৰ পৰা ৭ কিলোমিটাৰ দূৰৰ বেলাঘাটত থকা সামূহিক স্বাস্থ্য কেন্দ্ৰ (চিএইছচি)লৈ লৈ যায়। তাৰ পৰা তেওঁক ব্ৰহ্মচাৰীৰ পৰা গোৰখপুৰৰ অন্তৰ্গত নিকটৱৰ্ত্তী ৫০ কিলোমিটাৰ দূৰৰ বাবা ৰাঘৱ দাস মেডিকেল কলেজ (বি.আৰ.ডি. মেডিকেল কলেজ)লৈ ৰেফাৰ কৰা হয়।










