পাবলগীয়া ধন পোৱাৰ দাবীত চি ভেংকট চুব্বা ৰেড্ডীয়ে উপস্থিত থকা এইটো ৬ নম্বৰ ধৰ্ণা কাৰ্য্যসূচী। প্ৰায় ১৮ মাহ ধৰি অন্ধ্ৰপ্ৰদেশৰ ৱাইএছআৰ জিলাৰ খেতিয়কসকলে তেওঁলোকৰ কুঁহিয়াৰ টকা পোৱা নাই।
অন্ধ্ৰপ্ৰদেশৰ কুঁহিয়াৰ খেতিয়ক সংস্থাই আহ্বান জনোৱা ধৰ্ণা কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিবলৈ ২০২০ৰ ২ ফেব্ৰুৱাৰীত চুব্বা ৰেড্ডীয়ে বাছেৰে চিত্তুৰ জিলাৰ তিৰুপতিলৈ ১৭০ কিলোমিটাৰ বাট বাছেৰে গৈছিল।
“২০১৮ত মই যোগান ধৰা কুঁহিয়াৰৰ বাবদ ময়ূৰা চুগাৰ ফেক্টৰীৰ পৰা ১.৭৬ লাখ টকা পাবলৈ আছে।” কমলপুৰম মণ্ডলৰ বিভাৰমপুৰম গাঁৱৰ ৪.৫ একৰ মাটিৰ মালিক চুব্বা ৰেড্ডীয়ে কয়। ২০১৮-১৯ বৰ্ষৰ কুঁহিয়াৰ কেতিৰ সময়ত ময়ূৰা চেনিকলে প্ৰতি টনত ২৫০০ টকাকৈ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। “পিছত কোম্পানীয়ে কুঁহিয়াৰৰ মূল্য ২৩০০ টকালৈ হ্ৰাস কৰে। মোক ঠগিলে।”
ধৰ্ণা কাৰ্য্যসূচীত উপস্থিত থকা আৰ বাবু নাইডুও চেনিৰ ফেক্টৰীটোৰ পৰা পাবলগীয়া ৪.৫ লাখ টকাৰ অপেক্ষাত আছে। এজন আত্মীয়ৰ পৰা ভাড়াত লোৱা আঠ একৰ মাটিত চিত্তুৰৰ ৰামচন্দ্ৰপুৰম মণ্ডলৰ গণেশপুৰমত তেওঁ কুঁহিয়াৰ খেতি কৰে। নলীনাদত পানী শুকাই যোৱাৰ বাবে তেওঁ নিজৰ মাটি চন পেলাই থ’লে। “মাটিত খেতি কৰিবলৈ মই ৮০,০০০ (২০১৯-২০)ত দিছিলো, কিন্তু আত্মীয়জনে মোৰ পৰা কম হাৰত মাটি ভাড়াৰ টকা লৈছিল। সাধাৰণতে প্ৰতি একৰ মাটিৰ ভাড়াৰ বাবদ ২০,০০০ টকাকৈ দিব লাগে।”
ময়ূৰা চুগাৰ ফেক্টৰীৰ পৰা পাবলৈ বাকী থকা ৮.৫ লাখ টকাৰ ভিতৰত মাত্ৰ ৪ লাখ টকাহে আদায় দিছে। “বাকীখিনি এতিয়াও পোৱা নাই। খেতিয়কক খেতি কৰিবলৈ টকাৰ আৱশ্যক হয়।”
চিত্তুৰ আৰু ৱাইএছআৰ জিলা (কাড়াপ্পা বুলিও জনা যায়)ত কুঁহিয়াৰ কেতিয়কসকলে এতিয়াও ময়ূৰা চুগাৰ ফেক্টৰীৰ পৰা পাবলৈ বাকী থকা টকাৰ বাবে অপেক্ষা কৰি আছে। “আমি আমাৰ প্ৰতিবাদ আৰু দীঘলীয়া কৰিব বিচাৰিছিলো যদিও নোৱাৰিলো,” ২০২০ৰ মাৰ্চত আৰম্ভ হোৱা ক’ভিড-১৯ৰ লকডাউনে অধিক প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰাৰ ক্ষেত্ৰত বাধা দিয়ে বুলি চুব্বা ৰেড্ডীয়ে কয়।










