ফোন আহিলেই ভীত-সন্ত্ৰস্ত হৈ পৰে শীতল ৱাঘমাৰে। ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠান (ক্ষু.বি.প্ৰ.)ৰ ঋণ উদ্ধাৰকাৰী এজেণ্টৰ ফোন এৰাই চলিব বিচৰা নম্বৰটোৰ বাদে আন নম্বৰৰ পৰা ফোন আহিলে ভালেমান দিন সকাহ পোৱাৰ দৰে স্বস্তিৰ নিশ্বাস এৰে। ‘সিহঁতে কৰ’ণা ভাইৰাছলৈ কেৰেপ নকৰে,’ ৩১ বছৰীয়া শীতলে কয়। সৌভাগ্যক্ৰমে প্ৰায় এসপ্তাহৰ আগলৈকে ফোনৰ উপদ্ৰৱ শাম কাটিছিল। ইয়াৰ কাৰণ শীতলে নাজানে, কিন্তু তেওঁ কয়, ‘কিন্তু সিহঁতে আকৌ ফোন কৰিবলৈ আৰম্ভ কৰিব পাৰে...।’
মহাৰাষ্ট্ৰৰ কৃষি-নিৰ্ভৰ অঞ্চল মাৰাঠাৱাড়াৰ ওছমানাবাদত কৃষি শ্ৰমিকৰূপে দিনমজুৰী কৰা ৱাঘমাৰে পৰিয়ালটো থাকে। জনলক্ষ্মী ফাইনেন্সিয়েল চাৰ্ভিছ নামৰ ক্ষু.বি.প্ৰ. এটাৰ পৰা শীতলৰ মাতৃ মঙলে ৬০,০০০ টকাৰ ঋণ ২০১৯ৰ জুলাইত লৈছিল। ‘আমি এটা চিলাই মেচিন কিনিলো, মই ব্লাউজ চিলাবলৈ, এম্ব্ৰইডেৰী কৰিবলৈ আৰু আন আন কাম কৰিবলৈ আৰম্ভ কৰিলো।’ ৫৩ বছৰ বয়সীয়া মঙলে কয়। ‘মোৰ স্বামী আৰু মোৰ ল’ৰাই কৃষিশ্ৰমিক হিচাপে কাম কৰে। আমাৰ নিজৰ খেতিৰ মাটি নাই।’
২৪ শতাংশ সুতলৈ লোৱা ঋণৰ প্ৰতি মাহে দিবলগা ৩,২৩০ টকাকৈ কিস্তিৰ ধন ক্ষতি নকৰাকৈ তেতিয়াৰে পৰা ৱাঘমাৰে পৰিয়ালে আদায় দি আহিছিল। ‘তলাবন্ধ আৰম্ভ হোৱাৰ পৰা আমাৰ হাতত একেবাৰে টকা নোহোৱা হ’ল,’ শীতলে কয়। ‘আমাৰ আশে-পাশে থকা কাৰো হাতত টকা নাই। তলাবন্ধৰ সময়ৰে পৰা (মহাৰাষ্ট্ৰত ২৩ মাৰ্চৰ পৰা আৰম্ভ হৈছিল) প্ৰত্যেকৰে ক্ৰয় ক্ষমতা হ্ৰাস পাবলৈ ধৰিলে। কোনেও কাপোৰ চিলাবলৈ নহা হ’ল।’
কিন্তু এনে পৰিস্থিতি স্বত্ত্বেও ক্ষু.বি.প্ৰ.বোৰে ঋণী লওঁতা সকলক ফোন কৰিবলৈ এৰা নাই আৰু কিস্তিৰ ধন আদায় দিব লাগিব বুলি আকোৰগোজ হৈ পৰিছে। ‘সিহঁতে আমাক কৈছে, যি নহওক, তোমালোকে ঋণ পৰিশোধ কৰা। সিহঁতে কয় কিবা এটা কৰা, মাহৰ শেষত কিস্তি যেনেতেনে দিয়া,’ শীতলে কয়।
মঙলে (বেটুপাতৰ ছবিত ওপৰত) ২৪ মাহ কিস্তিৰ ধন আদায় দিব লাগিব আৰু দুবছৰৰ শেষত ৭৭,৫২০ টকা আদায় দিব লাগিব। ক্ষু.বি.প্ৰ.ৰ কাৰ্যালয়ে যাৱতীয় মাচুল আৰু খৰছৰ ধন কাটি লোৱাৰ পিছত মঙলে ৫৩,০০০ টকা (যদিও মুঠ ঋণৰ পৰিমাণ আছিল ৬০,০০০ টকা) পাইছিল।
৫৩,০০০ টকাৰ বাবে ৭৭,৫২০ টকা আদায় দিয়া পৰিয়ালটোৱে ঋণৰ টকাৰ মূল পৰিমাণতকৈ ৪৬ শতাংশ বেছিকৈ আদায় দিব লাগিব। কিন্তু সহজতে হয় বাবে বহুতেই এই ঋণৰ বাবে আবেদন কৰে, কৃষক নেতা আৰু স্বাভিমানী শেতকাৰী সংগঠনৰ প্ৰতিষ্ঠাপক ৰাজু শেট্টিয়ে কয়। তেওঁ আৰু আন লোকৰ পৰ্যবেক্ষণ মতে সহায় কৰাৰ নামত ক্ষু.বি.প্ৰ.বোৰে দৰিদ্ৰ লোকসকলক শোষণ কৰিছে। এনে বিত্তীয় প্ৰতিষ্ঠানসমূহ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দ্বাৰা নিয়ন্ত্ৰিত, কম উপাৰ্জনকাৰী যিবিলাক পৰিয়াল বা ব্যক্তিয়ে নিজাকৈ কিবা আৰম্ভ কৰিব বিচাৰে, তেনে লোকক সাধাৰণতে এনে প্ৰতিষ্ঠানে ঋণ আগবঢ়ায়।
‘ক্ষু.বি.প্ৰ.বিলাকে ভূমিহীন শ্ৰমিক, অল্পকালীন ঠিকাদাৰ, উপান্ত কৃষক তথা এনে ধৰণৰ লোকক লক্ষ্য কৰি লয়,’ শেট্টীয়ে কয়। ‘বেংকে তেওঁলোকৰ আমানতৰ সম্পত্তি নথকাৰ বাবে ঋণ নিদিয়ে। ক্ষু.বি.প্ৰ.বোৰে পৰিচয়ৰ প্ৰমাণ বিচাৰে আৰু অতি সোনকালে টকা দিয়ে। নতুন কিবা আৰম্ভ কৰিব বিচৰা একেবাৰে সাধাৰণ শ্ৰেণীৰ মানুহবিলাক এনেকুৱা ঋণ ল’বলৈ অতুৎসাহী হয় আৰু আশাবাদী হয়।’
ৱাঘমাৰে পৰিয়ালৰো এনেকুৱা আশা আছিল। তেওঁলোকে তথাপিও কিস্তিৰ ধন যোগাৰ কৰিছিল। ‘কিন্তু কোনে জানিছিল যে বিশ্ব মহামাৰী আহিব?’ হৃদৰোগত ভোগা পিতৃ বসন্তৰ পুত্ৰ শীতলে ক’লে। ‘দুবছৰৰ আগতেই মোৰ দেউতাৰ এঞ্জিঅ’প্লাষ্টি কৰিবলগা আছিল, আৰু নিয়মীয়াকৈ ঔষধ খাব লাগিছিল, আজিও ঔষধ খাব লাগে। তেওঁ গোটেই দিন ঘৰত বহি টিভিত বাতৰি চাই আছে। কৰ’ণাভাইৰাছৰ বাবে পৰিস্থিতি উত্তেজনাময় হৈ আছে। তলাবন্ধৰ বাবে বন্ধ হৈ পৰা কামৰ সন্ধানেও মানুহৰ উদ্বেগ বঢ়াইছে। আমি ঘৰৰ পৰা ওলাই যাব নোৱাৰো, কাৰণ যদি ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হওঁ, বিশেষকৈ মোৰ দেউতাৰ বৰ সমস্যা হ’ব।’
তেওঁৰ পৰিয়াল, বিশেষকৈ দেউতাকক কেনেকৈ সংক্ৰমণৰ পৰা ৰক্ষা কৰিব লাগে আৰু সেয়া কিমান গুৰুত্বপূৰ্ণ সেই কথা শীতলে ভালকৈ জানে। মাহাৰ সম্প্ৰদায়ৰ এই পৰিয়ালটোৱে দলিত বস্তিত বাস কৰে। দক্ষিণ ওছমানাবাদত থকা জিলা চিকিৎসালয়ৰ ঠিক কাষতে তেওঁলোকৰ কলনীটো অৱস্থিত। আন্তঃগাথনিৰ অভাৱত চিকিৎসালয়খনে জটিল ৰোগৰ চিকিৎসা কৰিব নোৱাৰে, সেয়ে ৭০ কিলোমিটাৰ দূৰত সোলাপুৰ চহৰত থকা জিলা চিকিৎসালয়লৈ ৰোগীৰ প্ৰেৰণ কৰে। ‘গাওঁ অঞ্চলৰ স্বাস্থ্যসেৱা কেনেকুৱা আপোনালোকে জানে। আৰু এতিয়া চিকিৎসালয়খনে কেৱল কৰ’ণাভাইৰাছ আক্ৰান্ত ৰোগীক অগ্ৰাধিকাৰ দিছে,’ শীতলে কয়।
সোলাপুৰত ক’ভিড-১৯ৰ প্ৰায় ১০০টা মান কেচ ধৰা পৰিছে। ২৪ এপ্ৰিলৰ দিনা কৰ্তৃপক্ষই জিলাখন তিনি দিনৰ কাৰণে বন্ধ কৰি দিছে। ‘তাৰমানে যদি ওছমানাবাদত কেচ বাঢ়ে (তাতে এতিয়ালৈ কমেই), ৰোগীয়ে সোলাপুৰলৈ যাবলৈ ভাল নাপাব,’ শীতলে কয়। ‘কিন্তু ঋণৰ কিস্তি উঠোৱাসকলৰ বাবে এইবোৰ ডাঙৰ কথা নহয়।’ মহাৰাষ্ট্ৰত প্ৰায় ৪২ টা ক্ষু.বি.প্ৰ. চলি আছে, মহাৰাষ্ট্ৰৰ প্ৰাক্তন কৃষিমন্ত্ৰী অনিল বোণ্ডেয়ে মোক ফোনযোগে কয়। তেওঁলোকৰ লেনদেন হাজাৰ হাজাৰ কোটি টকা হয়গৈ, শেট্টীয়ে কয়।
‘তেওঁলোকৰ হাৰাশাস্তিৰ ইতিহাস দীঘলীয়া, মহিলাৰ ওপৰত তেওঁলোকে আতিশায্য চলাইছে,’ বোণ্ডেয়ে কয়। ‘তেওঁলোকে ঋণ লওঁতাৰ ট্ৰেক্টৰ লৈ যাম বুলি নাইবা তেওঁলোকৰ উৎপাদিত শস্য জব্দ কৰিব বুলি ভাবুকি দিয়ে। মহাৰাষ্ট্ৰত কিমান ক্ষু.বি.প্ৰ. চলি আছে তাৰে খতিয়ান লৈ ৰাজ্য চৰকাৰে মহামাৰীৰ সময়ত সিবোৰৰ কাম বন্ধ কৰোৱা উচিত।’
যোৱা দশকটোত ৩১ টা সমবায় বেংকে সৃষ্টি কৰা খালীঠাই পূৰাবলৈ ক্ষু.বি.প্ৰ. গা কৰি উঠে। তাৰে প্ৰায়ভাগেই, ঋণ পৰিশোধ কৰিব নোৱাৰা ঋণ লওঁতা আৰু ব্যৱস্থাপনাৰ খেলিমেলিৰ বাবে ঋণ দিয়াত অপাৰগ। তাৰ বিপৰীতে চাহুকাৰ (ব্যক্তিগত ঋণদাতা)সকলৰ ক্ষেত্ৰত সুতৰ হাৰ বেছি হেতুকে ক্ষু.বি.প্ৰ.বোৰকেই মধ্যম পন্থা বুলি মানুহে আকোৱালি লয়, সৰ্বভাৰতীয় বেংক কৰ্মচাৰী সংস্থাৰ যুটীয়া সচিব দেবীদাস তুলজাপুৰকাৰে কয়। ‘ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানবোৰ গা কৰি উঠাত আৰু পৰিস্থিতিৰ সুযোগ লোৱাত আৰ.বি.আই.য়ে উদ্দেশ্য প্ৰণোদিতভাৱে হাত উজান দিছে,’ তেওঁ কয়। ‘তেওঁলোকে দণ্ডভীতিহীন হৈ ঋণ পৰিশোধ কৰিব নোৱাৰাজনক দাবী-ভাবুকি দি চাহুকাৰৰ দৰে কৰা আচৰণৰ বাবে ৰাষ্ট্ৰব্যৱস্থাৰ পৰাই বৈধতা লাভ কৰিছে।’
৭ এপ্ৰিলৰ দিনা, ব্যক্তিগত আৰু ৰাষ্ট্ৰীয়কৃত ভাৰতীয় বেংকে কৰ’ণাভাইৰাছৰ পৰিপ্ৰেক্ষিতত দেখা দিয়া আৰ্থিক মন্দাৱস্থাৰ কথা বিবেচনা কৰি তিনি মাহৰ বাবে ঋণ লওঁতালৈ দেনা স্থগিত কৰাৰ সুবিধা আগবঢ়়ায়। কিন্তু ক্ষু.বি.প্ৰ.বোৰে স্বাভাৱিকভাৱেই ব্যৱসায় চলাই গৈছে।
ওছমানাবাদৰ জনলক্ষ্মী ফাইনেন্সৰ প্ৰতিনিধিলৈ ভালেকেইবাৰ ফোন কৰাৰ পিছতো এই প্ৰতিবেদকৰ ফোনৰ সহাঁৰি নিদিলে।
মঙলৰ দৰে একেই আত্মসহায়ক গোটৰ আন এগৰাকী হৈছে অৰ্চনা হুণ্ডে। তেওঁ অনুসূচীত জাতি মাহাৰ সম্প্ৰদায়ৰ। তেওঁৰ স্বামী ৪০ বছৰীয়া পাণ্ডুৰাং এগৰাকী ক্ষুদ্ৰ ঠিকাদাৰ, তেওঁ ওছমানাবাদ চহৰৰ নিৰ্মাণ ছাইটবোৰলৈ কেঁচামাল আৰু শ্ৰমিক যোগান ধৰে। তলাবন্ধৰ কাৰণে ছাইটবোৰ বন্ধ হৈ আছে আৰু পাণ্ডুৰাঙৰ হাতত কোনো কাম নাই। ‘আমি নিয়মিতভাৱে ঋণ পৰিশোধ কৰি আহিছো,’ ৩৭ বৰ্ষীয় অৰ্চনাই কয়, তেওঁৰ কিস্তি আৰু ঋণৰ পৰিমাণ মঙলৰ দৰেই। ‘আমি ঋণ মাফিৰ বাবে সোধা নাই। আমি কেৱল তিনি মাহৰ সময় বঢ়োৱাৰ বাবেহে কাবৌ কৰিছো। ঋণ পৰিশোধৰ বাবে দুবছৰত পৰিৱৰ্তে আমি দুবছৰ তিনি মাহৰ সময় বিচাৰিছো। সেয়া কি আমি বহুত কিবা বিচাৰিছো নেকি?’
অৰ্চনাই কয় যে দলিত বস্তিটোৰ পৰিয়ালবোৰে চৰকাৰৰ পৰা এমাহৰ ৰেচন হিচাপে আটা আৰু চাউল আগতীয়াকৈ পোৱা বাবে ভোকত মৰিবলগা হোৱা নাই। ‘নহ’লে, আমি খাদ্য কিনিবও নোৱাৰিলোহেঁতেন,’ তেওঁ কয়। ‘প্ৰতিগৰাকী মহিলাৰ খাতাত ৫০০ টকাকৈ সুমুৱাই দিয়া হ’ব বুলি বিত্ত মন্ত্ৰীগৰাকীয়ে (২৬ মাৰ্চৰ দিনা) ঘোষণা কৰাৰ পিছত সেইখিনি টকা হাতত পোৱাৰ আশাৰে পুৱতি নিশাৰ পৰা এ.টি.এম.ৰ আগত শাৰী পাতিছে। বেংকবোৰত প্ৰতিদিনে ভিৰ লাগিছে।’
ওছমানাবাদ চহৰৰ পৰা ৫৮ কিলোমিটাৰ দূৰৰ লাটুৰৰ খুনটেফাল গাঁৱতো ক্ষু.বি.প্ৰ.ৰ মোকাবিলা কৰা কঠিন কাম। গাওঁখনৰ লগতে কাষৰে মেটেফল গাঁৱৰ বহুতে ক্ষু.বি.প্ৰ.ৰ পৰা টকা ধাৰে লৈছে বুলি এগৰাকী স্থানীয় কৃষি সমাজকৰ্মীয়ে কয়। তেওঁলোকৰ মাজৰে এজন হৈছে ৩৫ বৰ্ষীয় বিকাশ চিণ্ডে। তেওঁ এইবছৰৰ ফেব্ৰুৱাৰী মাহত ৫০,০০০ টকা ধাৰে লৈছিল। ‘মোৰ হাতত ১.৫ একৰ মাটি আছে,’ তেওঁ কয়। ‘জীৱিকা নিৰ্বাহ কৰাটো কঠিন, সেয়ে মই কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হয়। দুমাহ আগতে মই গৰু কিনি দুগ্ধপাম চলাবলৈ ঋণ লৈছিলো।’
এহাল ল’ৰা-ছোৱালী আৰু পত্নীৰে সৈতে থকা বিকাশে এতিয়া তলাবন্ধৰ কাৰণে ৩২০০ টকাৰ মাহিলী কিস্তি দিব পৰা নাই। ‘তলাবন্ধৰ কাৰণে মই ৰবিশস্য বিক্ৰী কৰিব নোৱাৰিলো,’ তেওঁ কয়। ‘গমধান এতিয়াও পথাৰতে পৰি আছে। চপোৱা শস্য এতিয়া বজাৰলৈ লৈ যোৱাটো প্ৰায় অসম্ভৱ হৈ পৰিছে। এতিয়া আমি কৰিম কি?’
ৰাজ্য চৰকাৰে কৃষক আৰু শ্ৰমিকক এনেদৰে কোনোৱে যাতে লুটিব নোৱাৰে সেয়া নিশ্চিত কৰিবলৈ হস্তক্ষেপ কৰিব লাগিবই, শেট্টীয়ে কয়। ‘ক্ষু.বি.প্ৰ.য়ে আন ভাষা বুজি নাপায়,’ তেওঁ কয়। ‘তেওঁলোকক সৎপথত আনিবলৈ আইনৰ সহায় ল’ব লাগিব।’
মহাৰাষ্ট্ৰৰ কৃষিমন্ত্ৰী দাদা ভুষে মোক ফোনত কয় যে জনসাধাৰণতে যাতে পাৰম্পৰিক বিত্তীয় প্ৰতিষ্ঠান (যেনে সমবায় বেংক আদি)ৰ পৰা ঋণ ল’ব পাৰে, সেয়া ৰাজ্য চৰকাৰে সদায় নিশ্চিত কৰাৰ চেষ্টা কৰি আহিছে। ‘কিন্তু ঋণ পোৱাৰ সুচল ব্যৱস্থাৰ বাবে বহুতে ক্ষু.বি.প্ৰ.ৰ পৰা ঋণ লয়,’ তেওঁ কয়। ‘মই জিলা উপায়ুক্তসকলক বিষযটো চাবলৈ দিম আৰু কি কৰিবপৰা যায় দেখা যাব।’
তেতিয়ালৈ শীতল, অৰ্চনা আৰু বিকাশৰ দৰে ঋণ লওঁতাসকলে ক্ষু.বি.প্ৰ.ৰ ঋণ উদ্ধাৰকাৰীৰ ফোনকলৰ পৰা সন্ত্ৰস্ত হৈ জীয়াই থাকিব লাগিব। ফোন যিকোনো সময়ত বাজি উঠিব পাৰে।
অনুবাদঃ পংকজ দাস