“এই সংগ্ৰাম কেৱল কৃষকৰে নহয়, এয়া কৃষি শ্ৰমিকসকলৰো সংগ্ৰাম," ৰেশম কৌৰ আৰু বীণ্ট কৌৰে কয়৷ তাৰোপৰি “এই কৃষি আইনসমূহ বলবৎ কৰিলে কেৱল কৃষক বা তেওঁলোকৰ পৰিয়ালেই যে ক্ষতিগ্ৰস্ত হ’ব এনে নহয়, অগণন কৃষি শ্ৰমিকৰ জীৱিকা আৰু খাদ্য-সুৰক্ষাৰ ওপৰতো ই নেতিবাচক প্ৰভাৱ পেলাব।"
ৰেশম আৰু বীণ্ট দুয়ো বাই-ভনী৷ ৰাষ্ট্ৰীয় ৰাজধানীৰ উপকণ্ঠ অঞ্চলত চলি থকা কৃষকসকলৰ প্ৰতিবাদত ভাগ ল’বলৈ যোৱা ৭ জানুৱাৰীৰ আবেলি দুয়ো পাঞ্জাৱৰ মুক্তচৰ জিলাৰ পৰা ঢাপলি মেলিছিল৷
সেইদিনা নিশা পাঞ্জাৱ খেত মজদুৰ ইউনিয়নে ব্যৱস্থা কৰা কমেও ২০ খন বাছত পাঞ্জাৱৰ পৰা প্ৰায় ১৫০০ লোক আহি পশ্চিম দিল্লীৰ টিক্ৰীৰ প্ৰতিবাদস্থলীত উপস্থিত হয়৷ এই লোকসকল ভাতিন্দা, ফৰিদকোট, জলন্ধৰ, ম’গা, মুক্তচৰ, পাটিয়ালা আৰু চংগ্ৰুৰ জিলাৰ পৰা আহিছিল৷ ৰেশম আৰু তেওঁৰ ভনী বীণ্টে এই ২০ খন বাছৰে এখনত উঠি আহি প্ৰতিবাদস্থলীত উপস্থিত হয়৷ দুই বাই-ভনীয়ে মুক্তচৰ জিলাস্থিত তেওঁলোকৰ গাওঁ চানুৰ ওচৰৰ এঠাইত বাছ ধৰে।
টিক্ৰী আৰু দিল্লীৰ ওচৰে-পাঁজৰে থকা আন প্ৰতিবাদস্থলীসমূহত যোৱা ২৬ নৱেম্বৰৰ পৰা ভালেসংখ্যক কৃষকে বাহৰ পাতি আছে৷ আনসকলে কিছুদিন প্ৰতিবাদত অংশ লোৱাৰ পাছত নিজ নিজ গাঁৱলৈ ঘূৰি গৈ চলিত প্ৰতিবাদৰ বিষয়ে আন মানুহক জনাইছে। “এই নতুন কৃষি আইনসমূহে কেনেদৰে কৃষি শ্ৰমিকসকলৰ ওপৰতো প্ৰভাৱ পেলাব, সেই বিষয়ে আমাৰ গাঁৱৰ বহুতে নাজানে," ২৪ বছৰীয়া ৰেশমে কয়৷ ইয়াৰ কাৰণ ব্যাখ্যা কৰি তেওঁ লগতে কয়, “আচলতে এই কৃষি আইনসমূহে কৃষক আৰু কৃষি শ্ৰমিকসকলক উপকৃত কৰিব বুলি বাতৰি চেনেলসমূহে বাতৰি কৰিছে৷ এই আইনসমূহ বলবৎ হোৱাৰ পাছৰ পৰা কৃষি শ্ৰমিকসকলক ভূমি আৰু উন্নত সা-সুবিধা দিয়া হ’ব বুলি বাতৰি প্ৰকাশ পাইছে৷”
আইনকেইখন প্ৰথমে অধ্যাদেশ হিচাপে জাৰী কৰা হৈছিল ২০২০ চনৰ ৫ জুনত, তাৰ পাছত ১৪ ছেপ্টেম্বৰত সংসদত কৃষি বিধেয়ক হিচাপে উত্থাপন কৰা হয় আৰু সেই মাহৰে ২০ তাৰিখে তাৎক্ষণিকভাৱে আইনত পৰিণত কৰা হয়। আইনকেইখন হৈছেঃ কৃষকৰ (সবলীকৰণ আৰু সুৰক্ষা) মূল্য নিশ্চিতকৰণ চুক্তি আৰু কৃষি সেৱা আইন, ২০২০; কৃষকৰ উৎপাদিত সামগ্ৰীৰ ব্যৱসায় আৰু বাণিজ্য (সংবৰ্দ্ধন আৰু সৰলীকৰণ) আইন, ২০২০; আৰু অত্যাৱশ্যকীয় সামগ্ৰী (সংশোধনী) আইন, ২০২০। এই আইনকেইখনে ভাৰতীয় সংবিধানৰ ৩২ নং অনুচ্ছেদক উপেক্ষা কৰি ভাৰতীয় নাগৰিকৰ আইনী যুঁজৰ অধিকাৰ কাঢ়ি নিয়াৰ বুলিও সমালোচিত হৈছে।





