ডিকেন্সৰ উপন্যাসৰ চৰিত্ৰ এটাৰ দৰেই তেওঁক দেখা গৈছে। নিৰ্জন গাওঁখনত তেওঁৰ জন্মবৃত্তান্ত আৰু বিয়লি বেলাৰ অভিজ্ঞতাৰ বৰ্ণনা দিয়া ৭১ বৰ্ষীয় এছ. কান্দাস্বামী তেওঁৰ ঘৰৰ বাৰান্দাত বহি আছে, নেপথ্যত এলানি পৰিত্যক্ত ঘৰ। মীনাক্ষীপুৰমত দিনবোৰ নিয়াবলৈ তেওঁৰ কাষত কোনো নাই। সময়ৰ কি পৰিহাস! তেওঁৰ পৰিয়ালকে ধৰি যি ৫০টা মান পৰিয়াল আছিল, পাঁচ বছৰমান আগতেই সেই ঠাই এৰি গ’ল।
নিসংগ বৃদ্ধজনৰ জীৱনটো হৈছে পোৱা-হেৰুওৱা, আশা-নিৰাশাৰ মাজত দুদোল্যমান এটা গল্পৰ দৰে। পানীৰ অভাৱত তিষ্ঠিব নোৱাৰি মীনাক্ষীপুৰমৰ আন সকলোৱে সেই ঠাই পৰিত্যাগ কৰিছে। কিন্তু ‘দুটা দশক আগতে মোৰ পত্নি বীৰলক্ষ্মী য’ত ঢুকাইছিল তাতেই জীৱনৰ বিয়লি বেলাটো কটাম’ বুলি কান্দাস্বামী দৃঢ়প্ৰতিজ্ঞ। কোনো সম্পৰ্কীয় নাইবা বন্ধুৱে তেওঁক বুজাব পৰা নাছিল।
‘মোৰ পৰিয়ালটো যোৱাৰ আগতে আন আটাইবোৰ পৰিয়ালেই গুছি গৈছিল,’ তেওঁ কয়। পাঁচ বছৰ আগতে তেওঁৰ দ্বিতীয়টো ল’ৰাই যেতিয়া বিয়া পাতি ঘৰ এৰিছিল, তেতিয়া কান্দাস্বামীয়ে তামিলনাডুৰ থুথুকুৰিৰ শ্ৰীবৈকুণ্টম তালুকৰ এইখন গাঁৱৰ শেষৰজন বাসিন্দা হৈ ৰৈছিল।
‘কোনো এটা পৰিয়ালেই বেছি দুৰলৈ গৈছে বুলি মই নাভাৱো। দহোটামান পৰিয়ালে ছেক্কাৰাকুৰি গাঁৱত থিতাপি লৈছে।’ খুব বেছি তিনি কিলোমিটাৰ দুৰৰ সেইখন গাঁৱতো পানীৰ সংকটে দেখা দিছে, বোধকৰোঁ তেওঁৰ গাঁৱতকৈ অলপ কম। কিন্তু সেইখন গাঁৱে জলসংকটৰ সৈতে ভালদৰে মোকাবিলা কৰিছে যেন বোধ হয়। গাওঁখন প্ৰাণচঞ্চল। মীনাক্ষীপুৰমৰ নিৰ্জনতাৰ বিপৰীতে তাতে আছে প্ৰাণচঞ্চল কোলাহল। মীনাক্ষীপুৰমলৈ কোনবাটে যায় বুলি যাকেই সোধে সিয়েই আশ্চৰ্যচকিত হয়। চাহৰ দোকানী এজনে আচৰিত হৈ সুধিয়েই পেলালে, ‘আপোনালোক সেই মন্দিৰটোলৈ যাব নেকি? সেই গাওঁখনত আন একোৱেই নাই।’
‘থুথুকুৰি’ত বাৰ্ষিক বৃষ্টিপাত (৭০৮ মি.মি.) ৰাজ্যখনৰ গঢ় বৃষ্টিপাত (৯৪৫ মি.মি.)তকৈ কম, কিন্তু জিলাখনে সদায় পানীৰ বাবে টামাৰাপাৰানি নৈখনৰ ওপৰত নিৰ্ভৰ কৰি আহিছে। আগতে পানী উদ্যোগবোৰেহে পাইছিল। এতিয়া লাহে লাহে সেয়া সম্পূৰ্ণকৈ নহ’লেও বহুলাংশে বন্ধ হৈছে, ফলত মানুহবোৰ উপকৃত হৈছে। গ্ৰামাঞ্চলত পানীৰ অভাৱ এতিয়াও বাৰুকৈয়ে আছে, ইফালে ভূজলপ্ৰদূষিত হৈছে, থুথুকুৰি চহৰৰ পৰিৱেশকৰ্মী পি. প্ৰভূৱে কয়।
২০১১ৰ লোকপিয়ল মতে গাওঁখনৰ জনসংখ্যা ১১৩৫। গণপ্ৰব্ৰজন ঘটা স্বত্বেও ‘ছবছৰ আগতে তাতে ৫০ টা মান পৰিয়াল আছিল,’ কান্দাস্বামীয়ে কয়। তেওঁৰ নিজৰেই আগতে পাঁচ একৰ মাটি আছিল য’ত তেওঁ জোৱাৰ আৰু কঁপাহৰ খেতি কৰিছিল। তেওঁৰ খেতি ভালেই হৈছিল, কিন্তু বহুদিন আগতে তেওঁ সেই মাটি বেচিবলগীয়া হৈছিল। ‘সেই মাটিখিনিৰ বলতে মই মোৰ ল’ৰা-ছোৱালীকেইটাক অলপ পঢ়া-শুনা কৰাব পাৰিছিলো আৰু বিয়াও পাতি দিব পাৰিছিলো,’ কান্দাস্বামীয়ে কয়। তেওঁৰ দুই পুত্ৰ আৰু দুই জীয়ৰী এতিয়া ইখনতকৈ ভাল গাওঁ থুথুকুৰিত থাকে।
‘মোৰ কাকো একো টকা-পইছা দিবলগীয়া নাই। মোৰ মাটিয়ে মোক যি দিবলগীয়া আছিল সেয়া দিলে, সেয়ে মই শান্তিৰে এতিয়া মৰিব পাৰো,’ কান্দাস্বামীয়ে কয়। ‘খেতি ভাল হৈ থকা হ’লে মই মাটিখিনি বেচি নিদিলোহেঁতেন। কিন্তু পৰিস্থিতি বেয়া হৈ আহিল। পানী শুকাই গ’ল। মানুহে জীয়াই থকাৰ তাড়নাত গাওঁখন এৰি গুছি যাবলগীয়া হ’ল।’
‘পানীয়ে হৈছে ডাঙৰ সমস্যা,’ এটা দশক আগতে গাওঁ এৰি যোৱা ৬১ বৰ্ষীয় পেৰুমল চামীয়ে কয়। তামিলনাডুৰ শাসকীয় দল এআইএডিএমকে-ৰ মীনাক্ষীপুৰমৰ কাৰ্যালয়ত এসময়ত কাম কৰা পেৰুমলে এতিয়া ৪০ কিলোমিটাৰ দুৰৰ থুথুকুৰি চহৰত সৰুসুৰাকৈ ব্যৱসায় আৰম্ভ কৰি নিগাজীকৈ থিতাপি লৈছে। পুৰণি গাওঁখনতকৈ তেওঁৰ এতিয়াৰ অৱস্থা ভাল। ‘তাতে খেতি কৰি আমাৰ লাভ হোৱা নাছিল। তেনে পৰিস্থিতিত পৰিয়াল চলাম কেনেকৈ?’ তেওঁৰ ঘৰটোও এতিয়া পৰিত্যক্ত হৈ পৰি আছে। ‘গাওঁখনতেই একো আয় নাছিল, একেবাৰেই নাছিল,’ পেৰুমলে মীনাক্ষীপুৰমৰ কথা কৈছে।
অৱশ্যে সেই গাওঁ পৰিত্যাগ কৰা বহুতৰে বাবে গাওঁখনত কিবা এটা আছে। সেয়া হৈছে গাওঁখনৰ মন্দিৰ দুটা, সেই মন্দিৰ দুটাই গাওঁখন আৰু তাৰে প্ৰাক্তন বাসিন্দাসকলৰ মাজত একমাত্ৰ যোগসূত্ৰ। মীনাক্ষীপুৰম যোৱা বাটতে বৈষ্ণৱ মন্দিৰৰ এখন ফলক দেখিবলৈ পাব। কাৰিয়া সিদ্ধি শ্ৰীনিবাস পেৰুমল কোইল। মন্দিৰৰ নামটোৰ অৰ্থই ঠাইখনৰ সৈতে স্ববিৰোধী। মন্দিৰটোৰ নামে যিকোনো কাম সফলকাম হোৱাটো বুজায়। কিন্তু কান্দাস্বামীৰ একান্ত মনোকামনা পুৰণ হোৱাৰ আশা নাই, পুৰণ হ’ব নে নাই তাৰ উত্তৰ কাৰো হাতত নাই। গুছি যোৱা সকলো ঘুৰি আহিব বুলি কৰা আশাতেই তেওঁ উশাহ লৈ আছে। সিহঁত ঘুৰি অহাটো একপ্ৰকাৰ বিস্ময়কৰ কথা হ’ব। এতিয়ালৈ ইশ্বৰ প্ৰসন্ন হোৱা নাই।
মানুহ ঘুৰি নহা নহয়, শৈৱত মন্দিৰৰ উৎসৱৰ সময়ত পৰশক্তি মৰিয়াম্মান কোইল মন্দিৰলৈ মানুহ আহে। তেওঁৰ পৰিয়ালেই মন্দিৰটো চোৱাচিতা কৰে। এই মাহৰে প্ৰথম ভাগত মন্দিৰৰ বাৰ্ষিক পৰ্বত ভাগ ল’বলৈ ৬৫ জনমান মানুহ মীনাক্ষপুৰমলৈ আহিছিল। ‘আমি সিহঁত আটাইবোৰৰ বাবে ইয়াতে ভাত ৰান্ধিছিলো,’ পৰিত্যক্ত পাকঘৰটোলৈ আঙুলিয়াই কান্দাস্বামীয়ে কয়। ‘সিদিনাৰ দিনটো ব্যস্ততাপূৰ্ণ আছিল। আনদিনা মই দুই-তিনিদিনৰ কাৰণে এবাৰেই ৰান্ধো আৰু গৰম কৰি খাই থাকো।’
তেওঁ তাতে চলে কেনেকৈ? তেওঁৰ কোনো মাটি নাই, ঘৰটোৰ বাদে আন কোনো সম্পত্তি নাই, বেংকত জমা ধন নাই। হাতত আছে কেইটামান টকা। তেওঁ সেই ১০০০ টকীয়া পেঞ্চনো নাপায়। তামিলনাডু চৰকাৰৰ বৃদ্ধপেঞ্চন আঁচনিত তেওঁ নপৰে। কাৰণ তেওঁৰ দুজনকৈ প্ৰাপ্তবয়স্ক পুত্ৰ আছে যিয়ে থুথুকুৰিৰ আশে-পাশে গাড়ীচালকৰ কাম কৰি টকা উপাৰ্জন কৰি আছে (আকৌ ৫০০০ টকাতকৈ বেছি মূল্যৰ ঘৰ নাইবা জুপুৰি থকা দৰ্খাস্তকাৰীকো চৰকাৰে নাকচ কৰাৰ নিয়ম আছে)।
তেওঁক নিয়মীয়াকৈ সাক্ষাৎ কৰা সৰুটো ল’ৰা বালকৃষ্ণনে তেঁওক মাহেকত ১৫০০ টকা দিয়ে। ইয়াৰে তেওঁ ’৩০ টকা প্ৰতিদিন বিড়ি কিনোতে যায়’ বুলি তেওঁ স্বীকাৰ কৰে আৰু বাকীখিনি শাক- পাচলি কিনোতে যায়। গাওঁ এৰি যোৱা এজনে তেওঁক উপহাৰ দি যোৱা দুচকীয়াখনতো অকণমান পেট্ৰল ভৰায়। ‘মোৰ কোনো ডাঙৰ খৰছ নাই,’ সেইখন স্কুটাৰেৰে দুই তিনিদিনৰ মুৰে মুৰে ছেক্কাৰাকুৰিৰ বজাৰলৈ শাক-পাচলি কিনিবলৈ যোৱা কান্দাস্বামীয়ে কয়। প্ৰতিবাৰেই তেওঁ সেইখন গাঁৱত কিছু সময় কটায় আহে।
চৰকাৰে দিয়া টিভিটোৱেই তেওঁক ঘৰত সংগ দিয়ে। তাৰোপৰি ৰাজা-ৰাণীয়েও কিছু পৰিমাণে তেওঁৰ নিসংগতা দুৰ কৰে। ‘বাটৰুৱা কুকুৰ দুটা কিছু বছৰ আগতে ইয়ালৈ আহিছিল। সিহঁতেও চাগে মোৰ অকলশৰীয়া জীৱনটোৰ কথা বুজি পালে। সিহঁতক মই ৰাজা আৰু ৰাণী বুলি মাতো। মোৰ লগতে সিহঁতৰ বাবেও খাদ্য ৰান্ধো। কাৰোবাৰ কাৰণে ভাত ৰান্ধি ভাল লাগে,’ তেওঁ হাঁহি কয়।
এসময়ৰ শস্য-শ্যামলা মীনাক্ষীপুৰম আৰু তেওঁৰ নিজৰ খেতি পথাৰখন এতিয়াও তেওঁৰ মনত সজীৱ। ‘সেই সময়ত চাউলেই একমাত্ৰ খাদ্য নাছিল। আমি মাহ-দাইলৰো খেতি কৰিছিলোঁ,’ তেওঁ মনত পেলালে। মানুহে উৰহৰ দাইলৰ খেতিও কৰিছিল। আজি গাওঁখনত একো নাই, আছে কেৱল উদং ঘৰ আৰু চন পৰা পথাৰ।
কান্দাস্বামীৰ ঘৰত তেওঁৰ দুচকীয়াখন, চেণ্ডেলজোৰ আৰু পুৰণি চোলাকেইটাৰ বাদে মানুহৰ উমান পাব পৰা বস্তু খুব কমেই আছে। বেৰত পৰিয়ালৰ কোনো ফটো নাই। তেওঁৰ সৰুটো পুতেক বালকৃষ্ণনৰ সৈতে তেওঁৰ প্ৰয়াত পত্নিৰ ফটো এখন যেনেতেনে আছে। বেৰত দুখন দিনপঞ্জী আছে, এখনত প্ৰয়াত মুখ্যমন্ত্ৰী জয়ললিতাৰ ফটো আছে। যাহওক, তেওঁ জয়ললিতাৰ কথা নকয়, প্ৰয়াত এম. জি. ৰামচন্দ্ৰনৰ কথাহে কয়। সেইজন অভিনেতা যি তামিলনাডুৰ আটাইতকৈ জনপ্ৰিয় মুখ্যমন্ত্ৰী আছিল বুলি তেওঁ মত। ‘মই সদায় তেওঁৰ প্ৰতি অনুগত হৈ ৰ’ম। কোনো দলেই প্ৰচাৰ অভিযানৰ সময়ত মীনাক্ষীপুৰমলৈ একমাত্ৰ ভোটদাতাজনক প্ৰলোভিত কৰিবলৈ অহা নাই, কিন্তু বেলট পেপাৰত এম.জি.আৰ.ৰ প্ৰতি আনুগত্য দেখুওৱাবলৈ কান্দাস্বামী স্থিতপ্ৰজ্ঞ।’
গাওঁখন পুনৰ সেই সোণালী দিন ঘুৰি আহিব বুলি আশা কৰি কান্দাস্বামীয়ে নিয়মিতভাৱে পৰশক্তি মন্দিৰত পুজা আগবঢ়ায়। দিন অলপ ভাললৈও আহিছে। এতিয়া কান্দাস্বামীৰ ঘৰত প্ৰয়োজনীয় পানীখিনি আহে। ‘যোৱা বছৰ এটা টিভি চেনেলে মোৰ সাক্ষা ৎকাৰ লোৱাৰ পিছত কেইজনমান চৰকাৰী বাবু মোৰ ঘৰত উপস্থিত হয়। সিহঁতেই মোক ততালিকে পানীৰ ব্যৱস্থা কৰি দিয়ে। তাৰ পিছত পানীক লৈ সমস্যা হোৱা নাই।’ এনেকুৱাও হ’ব পাৰে যে গাঁৱৰ মানুহ সকলো গুছি যোৱা কাৰণে বেছি পানী আছে।
মীনাক্ষীপুৰমলৈ উভতি যাবলৈ খোজা মানুহক প্ৰশাসনে সহায় কৰিবলৈ ইচ্ছুক বুলি জিলা উপায়ুক্ত সন্দীপ নন্দুৰীয়ে কয়। ‘এতিয়া তাত পানীৰ সমস্যা নাই। থাকিলেও আমি নিয়মিত পানীৰ সুবিধা কৰি দিম। মোৰ বোধেৰে ভাল জীৱিকাৰ সন্ধানত মানুহে গাওঁখন এৰি আন ঠাইত থিতাপি লৈছে। তেনেস্থলত উভতি অহাৰ তেওঁলোকৰ ইচ্ছা নাই।’
সেইখিনি সময়তে ঘৰৰ মজিয়াত বহি কান্দাস্বামীয়ে জনশূন্য ৰাস্তা আৰু পথাৰবোৰলৈ চাই সময়কটাইছে, আশা কৰিছে আলৌকিক কিবা এটা ঘটিব।
অনুবাদঃ পংকজ দাস