প্ৰকাশ ভগতে এটা ডাঙৰ এলুমিনিয়ামৰ থালীৰ ওচৰত হাউলি এখন হেতাৰে আলু-মটৰৰ তৰকাৰীখন ৰান্ধি আছিল। তেওঁৰ নিজৰ দেহৰ ওজন বাওঁ ভৰিখনৰ ওপৰত এৰি দিছিল আৰু এডাল বাঁহৰ লাখুটিৰে ভাৰসাম্য ৰক্ষা কৰি সোঁ ভৰিখন বতাহত এৰি দিছিল।
“মই দহ বছৰ বয়সৰ পৰা এনেদৰে লাখুটিৰ সহায়ত খোজকাঢ়ি আহিছো,’’ ৫২ বছৰীয়া ভগতে কয়। “মই শৈশৱৰ পৰা এখন ভৰি ওলমাই খোজকাঢ়ি আহিছো। মোৰ মা-দেউতাই কয় মোৰ হেনো এডাল নাড়ী কোঁচ খাই আছিল।”
এই অক্ষমতাই ভগতৰ সিদ্ধান্তত কোনো প্ৰভাৱ পেলাব পৰা নাছিল। মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাৰ পানভেল তালুকৰ অন্তৰ্গত তেওঁৰ গাওঁ পাৰগাঁৱৰ বহুতে যেতিয়া দিল্লীলৈ যোৱা গাড়ীৰ জাঠাত ভাগ লোৱাৰ সিদ্ধান্ত লৈছিল, তেওঁ তাত অংশ লোৱাৰ বাবে দুনাইবাৰ ভাবিবলগা হোৱা নাছিল। “মই এটা উদ্দেশ্যৰ লৈয়ে ইয়ালৈ আহিছো,” আঞ্জাখনৰ চাকি চাই তেওঁ কয়।
কেন্দ্ৰীয় চৰকাৰে এই বছৰ ছেপ্টেম্বৰত জাপি দিয়া তিনিখন কৃষি আইনৰ বিৰুদ্ধে ৰাজধানী চহৰৰ সীমান্তৰ লগতে তিনিখন ভিন ভিন ঠাইত দহ হাজাৰ কৃষকে প্ৰতিবাদ কৰি আছিল। প্ৰতিবাদকাৰী কৃষকসকলে তেওঁলোকৰ সমৰ্থন আৰু সহযোগিতা প্ৰকাশ কৰি মহাৰাষ্ট্ৰৰ প্ৰায় ২০০০ কৃষকে ২১ ডিচেম্বৰত দিল্লীলৈ প্ৰায় ১৪০০ কিলোমিটাৰ দূৰত্ত্বৰ জাঠাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে নাচিকত গোট খাইছিল।
পাৰগাঁৱৰ পৰা ৩৯ জনে তাত অংশগ্ৰহণৰ বাবে সিদ্ধান্ত লৈছিল। “এই দেশৰ কৃষকসকলক সদায় প্ৰৱঞ্চিত হৈ আহিছে। তেওঁলোকৰ বহু সংখ্যকে তেওঁলোকৰ উৎপাদনৰ নায্য মূল্য পোৱা উচিত। এইবোৰ আইনে তেওঁলোকৰ ঋণৰ বোজা বঢ়াব। কৃষকসকল বৃহৎ কোম্পানীৰ হাতোৰাত সোমাই পৰিব যিয়ে তেওঁলোকক শোষণ কৰিব। এই কৃষি আইনে এই মূহূৰ্তত পাঞ্জাৱ আৰু হাৰিয়ানাৰ কৃষকসকলৰ ক্ষতি কৰিছে আৰু এই প্ৰতিবাদ মূলতঃ তেওঁলোকৰ দ্বাৰা পৰিচালিত হৈছে। কিন্তু এয়া নহয় যে দেশৰ আন কৃষকসকলৰ ওপৰত ইয়াৰ প্ৰভাৱ নপৰিব।






