“আমি হায়দৰাবাদলৈ প্ৰথম আহোতে যি কাম পাও, তাকেই কৰিছিলো। আমাৰ ছোৱালীজনীৰ ভাল শিক্ষাৰ বাবে আমি যিমান পাৰো সিমান পইচা গোটাবলৈ যত্ন কৰিছিলো,” গুডলা মংগাম্মাই কয়। তেওঁ আৰু তেওঁৰ স্বামী গুডলা কটেইয়াহে ২০০০ চনত টেলাংগনাৰ মহবুবনগৰ জিলাৰ নিজ গাওঁ এৰি ৰাজ্যখনৰ ৰাজধানী চহৰ হায়দৰাবাদলৈ আহিছিল। তেওঁলোকৰ প্ৰথম সন্তান কল্পনাৰ জন্মৰ পিছতেই তেওঁলোকে চহৰলৈ ঢাপলি মেলিছিল।
কিন্তু চহৰখন আছিল নিষ্ঠুৰ। কোনো এটা কাম বিচাৰি নোপাৱাত কটেইয়াহে কায়িক চাফাইকৰ্মই কৰিবলৈ বাধ্য হ’ল। তেওঁ মলপ্ৰবাহৰ নলা চাফা কৰা কাম কৰিবলৈ ল’লে।
হায়দৰাবাদত কটেইয়াসকলৰ পাৰম্পৰিক জীৱিকা কাপোৰ ধোৱা কামত তেওঁক কোনোৱে লোৱা নাছিল। তেওঁ চাকালি সম্প্ৰদায়ৰ লোক (টেলাংগনাৰ অন্যান্য পিছপৰা শ্ৰেণী)। “আমাৰ পূৰ্বপুৰুষ ধুবী আছিল, কাপোৰ ইস্ত্ৰি কৰিছিল। কিন্তু এতিয়া তেনে কাম নাই বুলিবই পাৰি; সকলোৰে ঘৰত ৱাশ্বিং মেচিন আৰু ইস্ত্ৰি আছে,” কাম পোৱাটো কিয় ইমান মস্কিল হৈ পৰিছে, তাকে বুজাই মংগাম্মাই কয়।
কটেইয়াহে নিৰ্মাণ ছাইটত দিনহাজিৰাৰ কামো বিচাৰিছিল। “নিৰ্মাণ ছাইটবোৰ ঘৰৰ পৰা দূৰত আছিল, যাতায়তৰ নামত পইচা খৰছ কৰিবলগীয়া হৈছিল, সেয়ে তেওঁ কায়িক চাফাইকৰ্মকেই বাচি ল’লে, সেই কাম ঘৰৰ ওচৰতে পাইছিল,” মংগাম্মাই কয়। তেওঁ আৰু কয় যে তেওঁ সপ্তাহত তিনিদিন এই কাম কৰিছিল। তেনেকৈ তেওঁ ২৫০ টকা পাইছিল।
২০১৬ৰ মে’ মাহৰ সেই দিনটো মংগাম্মাৰ মনত আছে। কটেইয়াহে সিদিনা পুৱা ১১ মান বজাত ঘৰ এৰিছিল। তেওঁ কৈছিল যে তেওঁ এটা মলপ্ৰৱাহৰ নলা চাফা কৰিবলৈ গৈ আছে, ঘৰৰ বাহিৰতে এটা বাল্টিত পানী ৰাখিবলৈ কৈছিল যাতে তেওঁ ঘৰ সোমোৱাৰ আগতে তাত গা ধুই ল’ব পাৰে। “মোৰ স্বামী চাফাই কৰ্মিকুলু (পৌৰনিগমৰ চাফাই কৰ্মী) নাছিল। তেওঁক পইচাৰ প্ৰয়োজন আছিল বাবেই সেই কাম কৰিছিল,” মংগাম্মাই কৈছিল।














