ভয়ত থৰ থৰকৈ কঁপি আছিল বুধুৰাম চিন্দা। মাত্ৰ কেইগজমান দূৰত থিয় হৈ আছিল এটা প্ৰকাণ্ড ক'লা অৱয়ব, জোনৰ পোহৰত জিলিকি উঠিছিল সেই অৱয়বটো। ৬০ বৰ্ষীয় ভুঞ্জিয়া আদিবাসী কৃষকজনে কাঠফাৰ গাঁৱত থকা তেওঁৰ ঘৰৰ আধা জঁপাই থোৱা দুৱাৰৰ ফাঁকেৰে জুমি চাই থিয় দি আছিল।
ওড়িশাৰ চুনাবেড়া বন্যপ্ৰাণী অভয়াৰণ্যৰ মূল এলেকাৰ মূল বসতিস্থলৰ এটাত আন ৫২টা পৰিয়ালৰ সৈতে বাস কৰা কৃষকজনৰ বাবে এই ডাঙৰ স্তন্যপায়ী প্ৰাণী দেখা পোৱাটো একো অস্বাভাৱিক ঘটনা নাছিল।
তথাপিও তেওঁ কৈছিল, "সিহঁতে মোক আৰু মোৰ কেঁচা ঘৰটো নিমিষতে গছকি মোহাৰি পেলাব বুলি ভাবি মই কঁপি উঠিছিলো।" অলপ সময়ৰ পিছত তেওঁ পিছফালে গৈ তুলসী গছ এজোপাৰ ওচৰত থিয় হৈ প্ৰাৰ্থনা কৰিছিল: "মই দেৱী লক্ষ্মী আৰু সেই ডাঙৰ স্তন্যপায়ী প্ৰাণীবোৰৰ ওচৰত প্ৰাৰ্থনা কৰিছিলো। জাকটোৱে হয়তো মোক দেখিছিল।"
বুধুৰামৰ পত্নী ৫৫ বৰ্ষীয় সুলক্ষ্মী চিন্দাইও হাতীৰ চিঞৰ শুনিছিল। তেওঁ প্ৰায় এক কিলোমিটাৰ দূৰৈত অৱস্থিত গাওঁখনত পুতেক আৰু পৰিয়ালৰ সৈতে তেওঁলোকৰ ঘৰত আছিল।
প্ৰায় এঘণ্টা পিছত জাকটো অৰণ্যৰ ভিতৰলৈ প্ৰত্যাৱৰ্তন কৰিছিল ৷
২০২০ চনৰ ডিচেম্বৰৰ ঘটনাটো সোঁৱৰণ কৰি কৃষকজনে অনুভৱ কৰিছিল যে নেদেখাজনে তেওঁক সহায় কৰিছে।
সেয়েহে, যেতিয়া হাতীবোৰে ২০২২ চনৰ ডিচেম্বৰত সিহঁতৰ অহা-যোৱা কৰা পথ সলনি কৰিছিল, কেৱল বুধুৰামেই নহয়, নোৱাপাৰা জিলাৰ ৩০খন আদিবাসী গাঁৱৰ বহু বাসিন্দাই স্বস্তি অনুভৱ কৰিছিল।
সুলক্ষ্মী আৰু বুধুৰামৰ পাঁচজন পুত্ৰ আৰু এজনী কন্যা সন্তান আছে। গোটেই পৰিয়ালটো কৃষিৰ সৈতে জড়িত, তেওঁলোকে প্ৰায় ১০ একৰ মাটিত খেতি কৰি আছে। তেওঁলোকৰ দুই ডাঙৰ পুত্ৰ বিবাহিত আৰু তেওঁলোকে পত্নী আৰু সন্তানৰ সৈতে কাঠফাৰ গাঁৱত বাস কৰে; বুধুৰাম আৰু সুলক্ষ্মী প্ৰায় এক দশক পূৰ্বে পথাৰৰ ওচৰৰ ঘৰটোলৈ স্থানান্তৰিত হৈছিল।
সেই স্থানত য’ত হাতীবোৰে খাদ্যৰ সন্ধানলৈ আহিছিল।
পিছদিনা ৰাতিপুৱা যেতিয়া বুধুৰাম তেওঁৰ ধাননিডৰা চাবলৈ গৈছিল, তেওঁ দেখিছিল যে প্ৰায় আধা একৰ শস্য তহিলং হৈছে। এয়া আছিল খামুণ্ডা অঞ্চল (এটা বান্ধ নিৰ্মাণ কৰি ঋতুকালীন পানীৰ সোঁতৰ পৰা নিৰ্মাণ কৰা এলেকা)। এই পথাৰখনত তেওঁ প্ৰতি বছৰে প্ৰায় ২০ মোনা (প্ৰায় এক টন) ধান উৎপাদন কৰিছিল। "মোৰ পাঁচ মাহৰ ধান নষ্ট হৈছিল," তেওঁ কৈছিল, "এই বিষয়ে মই কাৰ ওচৰত অভিযোগ কৰিম?"
ইয়াতেই আছে পাকটো: বুধুৰামে নিজৰ বুলি কোৱা আৰু সুলক্ষ্মীৰ সৈতে খেতি কৰা ভূমি তেওঁৰ নামত নাই। তেওঁৰ দৰে আন বহুতো কৃষক যিয়ে অভয়াৰণ্যৰ ৬০০ বৰ্গ কিলোমিটাৰৰ মূল এলেকাৰ ভিতৰত খেতি কৰে, তেওঁলোকৰ নিজৰ নামত ভূমিৰ ৰেকৰ্ডো নাই আৰু ভাড়াও পৰিশোধ নকৰে। "মই খেতি কৰা অধিকাংশ মাটি বন বিভাগৰ। মোক বন অধিকাৰ আইন [ অনুসূচীত জনজাতি আৰু অন্যান্য পৰম্পৰাগত বনবাসী (বনৰ স্বীকৃতি) অধিকাৰ আইন] পট্টা (চৰকাৰী ভূমি দলিল) আৱণ্টন কৰা হোৱা নাই," তেওঁ এইবুলি উল্লেখ কৰে ।
বুধুৰাম আৰু সুলক্ষ্মী ভুঞ্জিয়া সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত ৷ তেওঁলোকৰ গাওঁ কাঠফাৰত (লোকপিয়ল ২০১১) ৩০টা পৰিয়াল আছে। ইয়াত বাস কৰা অন্যান্য আদিবাসী সম্প্ৰদায়বোৰ হৈছে গণ্ড আৰু পাহাৰিয়া। ওড়িশাৰ নোৱাপাৰা জিলাৰ বোডেন খণ্ডত তেওঁলোকৰ গাওঁখন চুনাবেড়া মালভূমিৰ দক্ষিণ প্ৰান্তত অৱস্থিত, চুবুৰীয়া ৰাজ্য ছত্তীশগড়ৰ ওচৰত।
এই দিশেৰে হাতীয়ে সিহঁতৰ বাট লয় ৷
পৰিৱেশ আৰু বন মন্ত্ৰালয়ৰ ২০০৮-২০০৯-ৰ বাৰ্ষিক প্ৰতিবেদনত, চুনাবেড়াক চাৰিটা নতুন বাঘ সংৰক্ষিত অঞ্চলৰ অন্যতম এটা হিচাপে চিনাক্ত কৰা হৈছিল। বাঘৰ উপৰিও, ইয়াত নাহৰফুটুকী বাঘ, হাতী, শ্লথ ভালুক, ভাৰতীয় কুকুৰনেচীয়া বাঘ, গাহৰি, গৌৰ আৰু বনৰীয়া কুকুৰ আছে।
বন্যপ্ৰাণী বিভাগৰ বিষয়াসকলে কাঠফাৰকে ধৰি চুনাবেড়া আৰু পাটদাৰহা মালভূমি অঞ্চলৰ বিভিন্ন গাওঁ পৰিদৰ্শন কৰিছিল আৰু কেইবাখনো অনানুষ্ঠানিক সভা অনুষ্ঠিত কৰিছিল ৷ সভাত মূল অঞ্চলত বাস কৰা গাওঁবাসীসকলক স্থানান্তৰিত কৰাৰ সৈমান কৰিবলৈ চেষ্টা কৰিছিল। ২০২২ চনত, ধেকুনপানী আৰু গাতিবেৰা নামৰ দুখন গাঁৱৰ লোকসকলে স্থানান্তৰৰ বাবে সন্মত হৈছিল।
এতিয়া তেওঁলোকে বিশাল স্তন্যপায়ী প্ৰাণীকেইটাৰ সৈতে সংঘৰ্ষত লিপ্ত হ’ব নালাগে ৷
২০১৬-১৭ বৰ্ষৰ বন্যপ্ৰাণী লোকপিয়লত কোৱা হৈছে যে ওড়িশাত ১৯৭৬ টা হাতী নথিভুক্ত কৰা হৈছে। ইয়াৰ প্ৰায় ৩৪ শতাংশই হ’ল বনাঞ্চল যি নিঃসন্দেহে এক সুন্দৰ আকৰ্ষণৰ বিষয়। জাননী অনুসৰি চুনাবেড়া অভয়াৰণ্যত পোৱা বাঁহৰ বিষয়ে মায়াধৰ চৰাফে এইদৰে কয়: "হাতীবোৰ চুনাবেড়া-পাটদাৰহা মালভূমিত পাৰ হৈ যায় য'ত প্ৰচুৰ পৰিমাণে বাঁহ পোৱা যায়।" প্ৰাক্তন বন্যপ্ৰাণী ৱাৰ্ডেন এগৰাকীয়ে লগতে কয়, "সিহঁতে নোৱাপাৰাত প্ৰৱেশ কৰে আৰু পশ্চিমে ছত্তীশগড়লৈ প্ৰস্থান কৰাৰ পূৰ্বে জিলাখনৰ ভিতৰত প্ৰায় ১৫০ কিলোমিটাৰ এলেকা সামৰি লয়।"
ভোক নিবাৰণ হোৱাৰ পিছত প্ৰায় এমাহৰ পিছত হাতীবোৰ বালাংগীৰলৈ উভতি আহে, প্ৰায় একেটা পথেৰে।
হাতীবোৰৰ এই দ্বি-বাৰ্ষিক পোনপটীয়া যাত্ৰাপথত বুধুৰামৰ দৰে আন ভুঞ্জিয়া, গণ্ড আৰু পাহাৰিয়া আদিবাসী কৃষকসকলে চুনাবেড়া অভয়াৰণ্যৰ ভিতৰত আৰু আশে-পাশে মাটিৰ সৰু অঞ্চলত বাৰিষা কালত হোৱা খেতি কৰে। ওড়িশাৰ আদিবাসীসকলৰ মাজত ভূমিৰ মালিকীস্বত্বৰ এক প্ৰতিবেদনত "ওড়িশাত জৰীপ কৰা আদিবাসী পৰিয়ালবোৰৰ ভিতৰত, ১৪.৫ শতাংশ ভূমিহীন আৰু ৬৯.৭ শতাংশক উপান্ত হিচাপে নথিভুক্ত কৰা হৈছে," আদিবাসী জীৱিকাৰ স্থিতি প্ৰতিবেদন ২০২১-ত কোৱা হৈছে।
কোমনা ৰেঞ্জৰ উপ ৰেঞ্জাৰ শিৱ প্ৰসাদ খামাৰীয়ে কয় যে হাতীৰ জাকটো বছৰত দুবাৰকৈ এই অঞ্চললৈ আহে – এবাৰ প্ৰথম বাৰিষাত [জুলাই] আৰু পুনৰ ডিচেম্বৰত। তেওঁ এই অভয়াৰণ্যত টহল দিয়ে আৰু হাতীৰ উপস্থিতিৰ বিষয়ে তেওঁৰ প্ৰভূত জ্ঞান আছে। তেওঁ কয় যে জীৱ-জন্তুবোৰে সিহঁতৰ পথত বিভিন্ন প্ৰজাতিৰ ঘাঁহৰ লগতে কৃষিজাত শস্য, মুখ্যতঃ খাৰিফ ধানৰ খেতি নষ্ট কৰে। ২০২০ চনৰ ডিচেম্বৰৰ ঘটনাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয়, "হাতীয়ে প্ৰতি বছৰে বিভিন্ন গাঁৱত শস্য আৰু ঘৰ ধ্বংস কৰে।“
গতিকে বুধুৰামৰ শস্য নষ্ট হোৱাৰ অভিজ্ঞতা অস্বাভাৱিক নহয়।
যেতিয়া কৃষকসকৰ যিকোনো বন্য জন্তুৰ উপদ্ৰৱৰ ফলত শস্য নষ্ট হয়, তেওঁলোকে নগদ শস্যৰ বাবে প্ৰতি একৰত ১২,০০০ টকা আৰু ধান তথা মাহজাতীয় শস্যৰ বাবে ১০,০০০ টকাৰ অধিকাৰ লাভ কৰে, পিচিচিএফ (বন্যপ্ৰাণী) আৰু ওড়িশাৰ মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেনৰ অফিচিয়েল ৱেবছাইটত এই বিষয়ে কোৱা হৈছে। ই বন্যপ্ৰাণী (সুৰক্ষা) (ওড়িশা) নিয়ম ১৯৭৪ উদ্ধৃত কৰিছে।
কিন্তু ভূমিৰ মালিকীস্বত্বৰ কোনো ৰেকৰ্ড নথকাৰ বাবে বুধুৰামে এই ক্ষতিপূৰণ দাবী কৰিব নোৱাৰে।
বুধুৰামে কয়, "মই মোৰ পূৰ্বপুৰুষৰ পৰা [ভূমি] উত্তৰাধিকাৰীসূত্ৰে লাভ কৰিছিলো, কিন্তু বন সংৰক্ষণ আইন, ১৯৮০ অনুসৰি, এই সকলোবোৰ চৰকাৰৰ অন্তৰ্গত।" তেওঁ লগতে কয়, "বন্যপ্ৰাণী বিভাগে আমাৰ গতিবিধিৰ লগতে আমাৰ ভূমি আৰু কৃষিৰ বিকাশৰ প্ৰচেষ্টাতো প্ৰতিবন্ধকতা আৰোপ কৰিছে।"
তেওঁ কেন্দু পাত সংগ্ৰহৰ কথা উল্লেখ কৰে যি হৈছে অৰণ্যত বাস কৰা লোকসকলৰ বাবে উপাৰ্জনৰ এক স্থিৰ উৎস। "মালিকীস্বত্বৰ অধিকাৰ, সৰু বনজাত সামগ্ৰী সংগ্ৰহ, ব্যৱহাৰ আৰু নিষ্কাশনৰ অধিকাৰ," বন অধিকাৰ আইন (এফআৰএ), ২০০৬-ৰ অধীনত অনুমোদিত। অৱশ্যে, বনবাসীসকলৰ মতে এই অধিকাৰ অস্বীকাৰ কৰা হৈছে।
বনজাত সামগ্ৰী যেনে মহুৱা ফুল আৰু ফল, চাৰ, হৰিদা আৰু আনলাৰ গাওঁৰ পৰা প্ৰায় ২২ কিলোমিটাৰ দূৰত থকা বোডেনৰ বজাৰত ভাল মূল্য লাভ হয়। পৰিবহণৰ সুবিধাৰ অভাৱৰ বাবে বুধুৰামে সদায় নিজে বজাৰলৈ যাব নোৱাৰে। ব্যৱসায়ীসকলে সামগ্ৰীবোৰৰ বাবে গাওঁবাসীক আগতীয়া কৈ দিয়ে, কিন্তু বুধুৰামে নিজে বিক্ৰী কৰিবলৈ গ’লে ইয়াক অধিক দামত বিক্ৰী কৰিব পাৰে। "কিন্তু ইয়াৰ কোনো বিকল্প নাই," তেওঁ কয়।
*****
তেওঁলোকৰ ফাৰ্মহাউচৰ সন্মুখত থকা আতত (ওখ ভূমিত) বুধুৰাম আৰু সুলক্ষ্মীয়ে মাকৈ, বেঙেনা, জলকীয়া, কম সময়ত উৎপাদন হোৱা ধান আৰু মাহজাতীয় শস্য যেনে কুলোথ (ঘোঁৰা মাহ) আৰু অৰহৰ খেতি কৰে। মধ্য আৰু নিম্নভূমিত (স্থানীয়ভাৱে বাহাল বুলি জনা যায়), তেওঁলোকে মজলীয়া আৰু দীঘলীয়া সময়- দুয়োধৰণৰ ধান খেতি কৰে ৷
খাৰিফ ঋতুত, সুলক্ষ্মীয়ে পাটদাৰহা বনাঞ্চলৰ ওচৰৰ তেওঁলোকৰ পথাৰত অপতৃণ ধ্বংস, উদ্ভিদৰ চোৱাচিতা কৰা, সেউজীয়া পাত আৰু কাণ্ড সংগ্ৰহ কৰাৰ কাম কৰে। "মোৰ জ্যেষ্ঠ পুত্ৰৰ তিনি বছৰ আগতে বিয়া হোৱাৰ পিছৰে পৰা মই পাকঘৰৰ কামৰ পৰা সকাহ পাইছো। এতিয়া মোৰ বোৱাৰীয়ে সেই দায়িত্ব লৈছে," তেওঁ কয়।
পৰিয়ালটোৰ প্ৰায় ৫০ টা গৰু আছে যাৰ ভিতৰত আছে তিনিযোৰ বলধ আৰু এযোৰ ম'হ। গৰুবোৰে হাল বোৱাত সহায় কৰে – পৰিয়ালটোৰ কোনো যান্ত্ৰিক কৃষি সঁজুলি নাই।
বুধুৰামে গাইবোৰৰ গাখীৰ খীৰায় আৰু ছাগলী আৰু ভেড়াবোৰ চৰাবলৈ লৈ যায়। তেওঁলোকে নিজৰ খাদ্যৰ বাবে কেইটামান ছাগলীও পুহিছে। যদিও পৰিয়ালটোৱে যোৱা দুবছৰত বনৰীয়া জন্তুৰ হাতত নটা ছাগলী হেৰুৱাইছিল, তথাপিও তেওঁলোকে ছাগলী পালন এৰিব বিচৰা নাই।
যোৱাবাৰৰ খৰিফ ঋতুত বুধুৰামে পাঁচ একৰ মাটিত ধান খেতি কৰিছিল। তেওঁ দুই প্ৰকাৰৰ বীন, মুগ (সেউজীয়া দাইল), বিৰি (ক'লা দাইল), কুলোথ (ঘোঁৰা মাহ), চীনাবাদাম, জলকীয়া, মাকৈ আৰু কলৰো খেতি কৰিছিল। তেওঁ কয়, "মই যোৱা বছৰ মুগৰ পৰা কোনো উৎপাদন পোৱা নাছিলো কিয়নো তীব্ৰ ঠাণ্ডাৰ বাবে শস্যসমূহ নষ্ট হৈছিল ৷ অৱশ্যে সেয়া আন মাহজাতীয় শস্যৰ দ্বাৰা ক্ষতিপূৰণ দিয়া হৈছিল।"
"আমি নিজৰ ব্যৱহাৰৰ বাবে প্ৰায় দুই টন ধান আৰু পৰ্যাপ্ত মাহজাতীয় শস্য, বাজৰা, পাচলি আৰু তৈলবীজ পাওঁ," সুলক্ষ্মীয়ে কয়। দম্পতীহালে কয় যে তেওঁলোকে কোনো ৰাসায়নিক সাৰ বা কীটনাশক ব্যৱহাৰ নকৰে; গৰুৰ গোবৰ আৰু প্ৰস্ৰাৱ আৰু শস্যৰ অৱশিষ্টাংশই যথেষ্ট বুলি তেওঁলোকে জানিবলৈ দিয়ে। বুধুৰামে কয়, "যদি আমি কওঁ যে আমাৰ সমস্যা আছে বা খাদ্যৰ অভাৱ আছে, তেন্তে পৃথিৱীক দোষ দিয়াৰ দৰে হ'ব।" "যদি আপুনি ইয়াৰ অংশ নহয় তেন্তে মা ধৰিত্ৰীয়ে কেনেকৈ খাদ্যৰ যোগান ধৰিব?" সুলক্ষ্মীয়ে লগতে কয়।
ব্যস্ত বতৰত যেতিয়া সংৰোপণ, অপতৃণ গুচোৱা আৰু শস্য চপোৱা হয়, গোটেই পৰিয়ালটো ব্যস্ত হৈ পৰে আৰু কেতিয়াবা তেওঁলোকে আনৰ পথাৰতো কাম কৰে; প্ৰায়েই ধানৰ বিনিময়ত কামবোৰ কৰা হয়।
যিটো বছৰত হাতীয়ে শস্য নষ্ট কৰিছিল, বুধুৰামে কৈছিল যে তেওঁ পৰৱৰ্তী বছৰ অৰ্থাৎ ২০২১ চনত সেই ভূমিত খেতি কৰা নাছিল। তেওঁৰ সেই সিদ্ধান্তই এক সুখদায়ক ফলাফল প্ৰদৰ্শন কৰিছিল: "মই দেখিছিলো যে হাতীবোৰে গছকাৰ ফলত বীজবোৰ মাটিত পৰি গৈছিল। মই নিশ্চিত আছিলোঁ যে সেইবোৰ পুনৰ গজিব," তেওঁ কৈছিল। "বাৰিষাৰ প্ৰথম বৰষুণত বীজবোৰ গজি উঠিছিল, আৰু মই সেইবোৰ ৰক্ষা কৰিছিলো। মই কোনো [আৰ্থিক] বিনিয়োগ অবিহনে ২০ মোনা [এক টন] ধান পাইছিলো।"
এই আদিবাসী কৃষকজনে অনুভৱ কৰে যে চৰকাৰে আমাৰ জীৱন প্ৰকৃতিৰ অবিচ্ছেদ্য সম্পৰ্ক বুজি নাপাব। ‘‘এই মাটি, পানী আৰু গছ, জন্তু, চৰাই আৰু পোক-পতংগ – ই পৰস্পৰে পৰস্পৰৰ অস্তিত্বত সহায় কৰে।
*****
হাতীৰ চলাচলে এই অঞ্চলত আন এটা সমস্যাৰ সৃষ্টি কৰে। য'ত খোলা তাঁৰ থাকে, হাতীয়ে প্ৰায়ে সেইবোৰ তললৈ নমাই আনে আৰু জিলাখনৰ কোমনা আৰু বোডেন খণ্ডৰ গাওঁবোৰ পুনৰ মেৰামতি নোহোৱালৈকে বিদ্যুৎবিহীন হৈ ৰয়।
২০২১ চনত, ৩০টা হাতীৰ এটা জাকে ওড়িশাৰ গন্ধমৰ্দন বনাঞ্চলৰ পৰা সীতানদী অভয়াৰণ্য হৈ চুবুৰীয়া ছত্তীশগড়লৈ গৈছিল। বন বিভাগৰ মেপ কৰা অনুসৰি উত্তৰ-পূব দিশে যোৱা হাতীজাকৰ পথটো বোলাংগীৰ জিলাৰ মাজেৰে নুৱাপড জিলাৰ খোলি গাঁৱৰ দিশলৈ গৈছিল। হাতীজাকৰ দুটা ২০২২ চনৰ ডিচেম্বৰত একেটা পথেৰে উভতি আহিছিল।
তেওঁলোকৰ বাৰ্ষিক যাত্ৰাত চুনাবেড়া পঞ্চায়তৰ ৩০খন গাঁৱত টহল দিয়াৰ পৰিৱৰ্তে সিহঁতে পোনে-পোনে চুনাবেড়া বন্যপ্ৰাণী অভয়াৰণ্যত প্ৰৱেশ কৰিছিল আৰু একেটা পথেৰে গুচি গৈছিল।
প্ৰত্যেকেই স্বস্তিৰ নিশ্বাস পেলাইছিল ৷
অনুবাদক: মনোৰঞ্জন মজুমদাৰ