পলম হৈছিল, ইতিমধ্যে সেই আলোড়নে ৰজাঘৰীয়াৰ শোৱনিকোঠা কঁপাইছিল। ভাগি যোৱা দুৰ্গ মেৰামতিৰ কৰাৰ সময় নাছিল, পলম হৈছিল। পৰাক্ৰমী বহতীয়া ৰজা, চিপাহী-চন্তৰী, পতাকাধাৰী কোনোৱে সাজু নাছিল, পলম হৈছিল।
সাম্ৰাজ্যজুৰি বৃহৎ দ ফাট মেলিছিল। সেই ফাটৰ পৰা ওলোৱা গন্ধ যেন আবেলি চপাই আনি চোতালত থোৱা পকাধান। বুভুক্ষ জনতাৰ প্ৰতি ৰজাই পুহি ৰখা ঘৃণাতকৈ দ সেই ফাট, তেওঁৰ বহল বুকুতকৈও বিশাল। ৰাজপ্ৰাসাদলৈ, হাট-বজাৰলৈ আৰু তেওঁৰ পৱিত্ৰ গোশালালৈ যোৱা বাটবোৰ দুভাগ কৰি পেলাইছিল সেই ফাটে।
ইতিমধ্যে পলম হৈছিল পোহনীয়া কাউৰীবোৰ এৰি দিয়াৰ, কা কা কৰাৰ। এয়া এমুঠিমান মানুহৰ তেনেই সৰু মিচিল, এইবুলি সিহঁতে কৰ্কশ মাতেৰে বিলাই ফুৰা অভিসন্ধিৰ বতৰাবোৰ ব্যৰ্থ হৈছিল। হোহোৱাই আগুৱাই অহা সেই জনতাৰ মিচিলক তেওঁলোকে ঘৃণাৰ নাম দিব নোৱাৰিলে। সেই গোৰোহা ফটা আৰু তপত সুৰুযে পুৰি নিয়া ভৰিবোৰ, কেনেকৈ সিহঁতে মচনদ কঁপাই তুলিব পাৰে! এই পৱিত্ৰ সাম্ৰাজ্য হাজাৰ বছৰ টিকিব বুলি শিকাওতে সিহঁতৰ পলম হৈ গৈছিল। বোকামাটিৰ পথাৰক লহপহীয়া সোণবুলীয়া ধাননিলৈ ৰূপান্তৰ কৰা সেই সজীৱ সেউজীয়া হাতে ইতিমধ্যে আকাশ চুইছিল।
কিন্তু কাৰ সেই দৈত্যকায় হাতৰ মুঠি? তাৰে আধাখিনি আছিল মহিলা, এক তৃতীয়াংশৰ ডিঙিত ওলমি আছিল দাসত্বৰ শিকলি, এক চতুৰ্থাংশ আছিল আনবোৰতকৈও প্ৰাচীন। কিছুমানে ৰামধেনুখন মেৰিয়াই লৈছিল, কিছুমানে তেজৰ ৰং ছটিয়াই লৈছিল, কিছুমানে অকণমান হালধীয়া সানি লৈছিল, কিছুমানে কঁথা মেৰিয়াই লৈছিল। সেই কঁথাকেইখন ৰজাঘৰীয়াৰ কোটিটকীয়া হলৌ-চোলাতকৈ বহুগুণে বেছি ৰাজকীয় আছিল। গান গাই, হাঁহি-মাতি আনন্দত আগবঢ়া সেয়া আছিল মৃত্যুক পৰোৱা নকৰা মিচিল। তেওঁলোক আছিল নাঙলৰ ফাল গঢ়া কঠিন হাতৰ কৃষক, যাক কোনো কামানে আৰু পৱিত্ৰ বন্দুকে শেষ কৰিব নোৱাৰিলে।
আলোড়ন বিয়পি সাম্ৰাজ্যৰ সেই হৃদয়হীনৰ দুৱাৰ পাইছিল, কিন্তু তেতিয়া খুবেই পলম হৈছিল।



