“উৎসৱ-পাৰ্বন কিবা থাকিলেই মই গীত লিখিবলৈ লওঁ।”
কহিনুৰ বেগমে অকলেই সকলোখিনি কৰে। তেওঁ গীত লিখে আৰু ঢোল বজায়। “মোৰ লগৰীয়াবোৰে সেই গীত গাবলৈ সমবেত হয়।” তেওঁৰ প্ৰেৰণাদায়ক গীতবোৰত থাকে শ্ৰম, কৃষি আৰু দৈনন্দিন জীৱনৰ কামৰ কথা।
কহিনুৰ আপা (বাইদেউ) মুৰ্শিদাবাদ জিলাৰ এগৰাকী অভিজ্ঞ শ্ৰম অধিকাৰ কৰ্মী ৰূপে জনাজাত। বেলদাংগা-১ ব্লকৰ জানকী নগৰক প্ৰাথমিক বিদ্যালয়ত তেওঁ ৰান্ধনীৰ কাম কৰে। স্কুলখনত মধ্যাহ্ন ভোজনৰ দায়িত্ব তেওঁৰ ওপৰতে ন্যস্ত।
“শৈশৱৰে পৰা কষ্ট কি চিনিছো। কিন্তু ভোক আৰু অতি দাৰিদ্ৰ্যই মোক মোহাৰি মাৰি পেলাব নোৱাৰিলে,” ভালেমান গীত ৰচনা কৰা ৫৫ বৰ্ষীয় মহিলাগৰাকীয়ে কয়। পঢ়ক: বিড়ি শ্ৰমিকৰ জীৱন আৰু শ্ৰমৰ গান
পশ্চিমবংগৰ মুৰ্শিদাবাদ জিলাত গৰিষ্ঠসংখ্যক মহিলাই বিড়ি পকোৱা কাম কৰি পৰিয়াল চলায়। ভৰি কোচাই দীঘলীয়া সময়ৰ বাবে বহি বিষাক্ত সামগ্ৰী স্পৰ্শ কৰি থকাৰ ফলত তেওঁলোকৰ স্বাস্থ্যৰ ওপৰত অতি গুৰুতৰ স্থায়ী প্ৰভাৱ পৰে। কহিনুৰ নিজেই এগৰাকী বিড়ি পকোৱা শ্ৰমিক, তেওঁ এই শ্ৰমিকসকলৰ কৰ্ম পৰিৱেশৰ উন্নতি আৰু শ্ৰম অধিকাৰৰ হকে যুঁজ দি আহিছে। পঢ়ক: ধোঁৱা চাঙত মহিলা বিড়ি শ্ৰমিকৰ স্বাস্থ্য
“মোৰ নিজা মাটি নাই। মধ্য়াহ্ন ভোজন ৰান্ধি যি পইচা পাওঁ, সেয়া দিনহাজিৰা কৰা শ্ৰমিকতকৈও কম। মোৰ মানুহজনে (গিৰীয়েক জামালুদ্দিন শ্বেইখ) আৱৰ্জনা গোটোৱা কাম কৰে। আমি আমাৰ তিনি সন্তানক লালন-পালন কৰিছো (বৰ কষ্টৰে),” জানকী নগৰৰ নিজ ঘৰত তেওঁ আমাৰ সৈতে এইদৰে কথা পাতে।
এনেতে আমি বহি থকা ঘৰটোৰ বাৰান্দালৈ কেঁচুৱা এটা আঠুকাঢ়ি আহি থকা দেখি তেওঁৰ মুখখন উজ্জ্বল হৈ পৰে। সেয়া কহিনুৰ আপাৰৰ এবছৰীয়া নাতি। সি আহি আইতাকৰ কোলাত উঠিল, আইতাকৰ মুখখন উজলি উঠিল।
“জীৱনত সংগ্ৰাম থাকিবই। ভয় খাব নালাগিব। আমাৰ সপোনবোৰৰ বাবে যুঁজিব লাগিব,” কামৰ হেঁচাত উৱলি যোৱা নিজৰ হাতৰ তলুৱাখনলৈ চাই তেওঁ কয়। “আনকি মোৰ কণমানিজনীয়েও এই কথা জানে, হয়নে আইজনী?”
“আপোনাৰ কি সপোন দেখে, আপা?” আমি সুধিলো।
তেওঁ সঁহাৰি দিলে, “মোৰ সপোনৰ কথাবোৰ মোৰ গানত আছে, শুনিব।”


