গণেশ আৰু অৰুণ মুকান এতিয়া স্কুলত থাকিব লাগিছিল, দুয়ো ক্ৰমে ৯ম আৰু ৭ম মানত পঢ়ে। কিন্তু সিহঁত এতিয়া আছে থানে জিলাৰ মুম্বাইৰ উপকণ্ঠ অঞ্চলৰ এটা চুবুৰী কলচিৰ নিজ ঘৰত। পেলনীয়া বস্তুৰে সিহঁতে গাড়ী আৰু আন কিবাকিবি বস্তু বনাই আছে। নাইবা ইটাৰ ভাতীত কাম কৰা মাক-দেউতাকৰ কাষত বহি সময় কটাইছে।
“সিহঁতে এতিয়া কিতাপ নপঢ়ে। সৰুটোৱে (অৰুণ) পেলনীয়া বস্তু আৰু কাঠেৰে পুতলা সাজি থাকে। গোটেই দিনটো খেলিয়ে কটায়,” সিহঁতৰ মাক নিৰা মুকানে কয়। অৰুণে মাকৰ কথাৰ মাজতে কয়, “স্কুলত যে মই আমনি পাওঁ, তোমাক কিমানবাৰ ক’ম?” মাকে তাক বুজাব নোৱাৰিলে আৰু সি পেলনীয়া বস্তু আৰু কাঠ আদিৰে বনোৱা তাৰ লৈ ফুৰিব পৰা গাড়ীখনতে খেলিবলৈ বুলি উচাট মাৰি গ’ল।
২৬ বছৰীয়া নিৰাই ৭ম মানলৈ পঢ়িছে কিন্তু তেওঁৰ গিৰীয়েক বিষ্ণুই (৩৫) ২য় মানতে পঢ়াশালি এৰিছিল। মুকানেসকলে ভাবে যে তেওঁলোকৰ ল’ৰা-ছোৱালীয়ে আনুষ্ঠানিক শিক্ষা পোৱা উচিত, যাতে সিহঁতৰ তেওঁলোকৰ দৰে পৰিণতি নহয়, ওচৰৰে নিজৰা আদিত মাছ মৰা বা ইটাৰ ভাতীত দেহাৰ খাটনিতে সিহঁত শেষ হৈ নাযায়।
“মই বেছি পঢ়িব নোৱাৰিলো। কিন্তু মই মোৰ সন্তানহঁত শিক্ষিত হোৱাটো বিচাৰো,” মহাৰাষ্ট্ৰৰ তিনিটা বিশেষভাৱে বিপন্ন জনজাতীয় গোট (পাৰ্টিকুলাৰলি ভালনাৰেবল্ ট্ৰাইবেল গ্ৰুপ চমুকৈ পি.ভি.টি.জি.)ৰ অন্তৰ্গত এটা কাটকৰি সম্প্ৰদায়ৰ বিষ্ণুৱে কয়। জিলাখনৰ কাটকৰি সম্প্ৰদায়ৰ লোকসকলৰ মাজত শিক্ষাৰ হাৰ ৪১ শতাংশ, জনজাতীয় কল্যাণ মন্ত্ৰালয়ৰ ২০১৩ৰ এক প্ৰতিবেদনৰ এই তথ্য।
সেয়ে যেতিয়া চাৰি বছৰ আগতে পৰ্যাপ্ত শিক্ষাৰ্থী নথকা বাবে চৰকাৰী স্কুলবিলাক বন্ধ কৰা হৈছিল, বিষ্ণু আৰু তেওঁৰ পত্নীয়ে নিজৰ সন্তান দুটাক মধ গাঁৱত থকা গভৰ্মেণ্ট ছেকেণ্ডাৰী আশ্ৰম স্কুল (মধ আশ্ৰম শালা বুলিও স্থানীয় লোকে কয়)ত নাম লগাই দিয়ে। এইখন ৰাজ্য চৰকাৰে চলোৱা ১-১২শ মানলৈ থকা আবাসিক স্কুল আৰু থানেৰ মুৰবাদৰ পৰা তাৰ দূৰত্ব ৩০ কিলোমিটাৰ। ৩৭৯ শিক্ষাৰ্থীৰ মাজত আবাসিক ১২৫ জন শিক্ষাৰ্থীৰ ভিতৰত তেওঁলোকৰ পুত্ৰদ্বয়ো আছিল। “সিহঁতে স্কুলতে খাবলৈ আৰু পঢ়িবলৈ পাইছিল বাবে ভাল পাইছিলো। কিন্তু সিহঁতলৈ বৰকৈ মনত পৰিছিল,” বিষ্ণুৱে কয়।







