'পছমিনা শ্বলৰ ধুনীয়া ৰেচমী ফিনিশ্বিঙৰ আঁৰৰ মানুহবোৰ আমিয়েই।’
আব্দুল মজিদ লনৰ শ্ৰীনগৰস্থিত ঘৰটোৰ চৌপাশে কেৱল সূতা আৰু সূতাৰ আঁহ দেখিবলৈ পোৱা যায়। মজিয়াত বহি এখন হাতত উশ্ব (লোৰ ধাৰাল যতন) লৈ এইমাত্ৰ বৈ উলিওৱা পছমিনা শ্বলৰ আঁহবোৰ আঁতৰোৱাত তেওঁ ব্যস্ত আছিল। 'এনেধৰণৰ কামো যে কৰিবলগীয়া হয়, সেয়া খুব কম লোকেহে জানে।’-তেওঁ কয়।
৪২ বৰ্ষীয় এইগৰাকী হস্তশিল্পী বাস কৰে শ্ৰীনগৰ জিলাৰ নাৱা কাডাল ৱাৰ্ডত। সাধাৰণতে উশ্বৰ সহায়তেই তেওঁ দামী পছমিনা শ্বলৰ পৰা আঁহ আঁতৰাই মসৃণ কৰি আহিছে। পুৰাজগৰি কাম হিচাপে পৰিচিত এই কামটোৰ সৈতে অকল শ্ৰীনগৰতেই ২০০তকৈ অধিক লোক জড়িত হৈ আছে। বিগত প্ৰায় দুটা দশক ধৰি পুৰাজগৰি শিল্পৰ সৈতে ব্যস্ত হৈ থকা আব্দুলে আঠ ঘণ্টাত ২০০ টকাকৈ উপাৰ্জন কৰে।
বোৱা, ৰং কৰা আৰু এম্ব্ৰইডাৰীযুক্ত সকলো ধৰণৰ পছমিনা শ্বলতে পুৰাজগৰিৰ কাম হাতেৰেই কৰা হয়। সুনিপুণ হাতৰ পৰশৰ বাদে কোনো যন্ত্ৰৰেই কোমল আৰু মিহি আঁহবোৰ আঁতৰোৱাতো সম্ভৱ নহয়।
পুৰাজগৰিৰ বাবে উশ্ব হৈছে প্ৰয়োজনীয় যতন। 'আমাৰ উপাৰ্জনৰ মূলতেই হৈছে উশ্ব আৰু ইয়াৰ গুণগত মান।’- সমুখৰ কাঠৰ শালখনত লগাই থোৱা শ্বলখনলৈ চাই এইদৰে কৈ গৈছিল আব্দুলে। 'উশ্ব অবিহনে পছমিনা শ্বল এখনক ফিনিশ্বিং ৰূপ দিয়াতো আমাৰ পক্ষে সম্ভৱেই নহয়।’-আব্দুলৰ মন্তব্য।














