“প্ৰতিটো আত্মাই মৃত্যুৰ সোৱাদ পাব,” সুন্দৰ শৈলীৰে প্ৰায়বোৰ সমাধিশিলাতে এনে কিছুমান পংক্তি লিখা থকা আপোনাৰ চকুত পৰিব। এয়া একো ভৱিষ্যতবাণী নহয়, দিল্লীৰ আটাইতকৈ ডাঙৰ কবৰস্থানবোৰৰ মাজৰে এখন, জাদিদ কবৰস্থানৰ বেছিভাগ সমাধিশিলাতে এই সমাধি-কবিতাৰ পংক্তি খোদিত কৰা হয়।
— كُلُّ نَفْسٍ ذَائِقَةُ الْمَوْتِ এই পংক্তিটো কোৰাণৰ এটা আয়াত আৰু ইয়ে মুছলমানৰ সমাধিস্থলখনৰ বিষণ্ণ পৰিৱেশটোলৈ প্ৰশান্তিৰ ছাঁ আনে। এনেতে এম্বুলেঞ্চ এখন ভিতৰলৈ সোমাই আহিল আৰু মৃতকৰ পৰিয়ালবৰ্গই নামাজ-এ-জানাজা (অন্তিম প্ৰাৰ্থনা) পঢ়িলে। সোনকালেই ভেনখন খালী হ’ল আৰু মৃতকক কবৰৰ ফালে লৈ যোৱা হ’ল। তাৰপাছত এটা মেচিনে কবৰটোত মাটি ভৰোৱাত লাগিল।
বাহাদুৰ শ্বাহ জফৰ মাৰ্গৰ মিডিয়া কোম্পানীবোৰৰ বিল্ডিংবোৰৰ কাষতে লাগি থকা এই কবৰস্থানখনৰ এটা চুকত ৬২ বছৰ বয়সীয়া নিজাম আখটাৰক সমাধিশিলাবোৰত, যাক তেওঁ মিহৰাব বুলি কয়, তাত মৃতকৰ নাম লিখি থকা দেখা গৈছে। তেওঁ পাৰ্কাজাডাল (চাৰুলিপিৰ ব্ৰাছ) আলফুলকৈ ধৰি নুক্তা এটা লিখিছে, নুক্তা মানে বিন্দু, উৰ্দু ভাষাত এই নুক্তাই কিছুমান আখৰক বেলেগ উচ্চাৰণ প্ৰদান কৰে। তেওঁ লিখি থকা শব্দটো হৈছে দুৰ্দানা, ক’ভিড-১৯ত প্ৰাণ হেৰুওৱা এজন লোকৰ নাম।
নিজামে সমাধিশিলাত জটিল অথচ সুন্দৰকৈ খোদাই কৰা আখৰবোৰত ৰং কৰি আছে। পিছত তেওঁৰ সহকৰ্মী এজনে হাতুৰী-বটালিৰে ৰং কৰা লিপিখিনি খোদিত কৰিব, খোদিত কৰি যাওতে ৰংবোৰ নাইকিয়া হৈ গৈ থাকে।
নিজাম নামৰ এই কাতিব (লিপিকাৰজন)জনে দুকুৰি বছৰ ধৰি সমাধিশিলাত মৃতকৰ নাম লিখি আহিছে। তেওঁ কয়, “কিমান সমাধিশিলাত লিখিলো মই মনত নাই। শেহতীয়াকৈ এপ্ৰিল আৰু মে’ মাহত মই ক’ৰনাত মৃত্যু হোৱা প্ৰায় ১৫০ জন লোকৰ নাম লিখিছো। আৰু প্ৰায় সিমান সংখ্যকৰে নাম লিখিছো যাৰ ক’ৰনাত মৃত্যু হোৱা নাই। প্ৰতিদিনে মই তিনিৰ পৰা পাঁচখনলৈকে ফলক সাজু কৰো। কিছুমান ফলকত লিখোতে এঘণ্টাৰো বেছি সময় লাগে,” তাকো উৰ্দু ভাষাত। ফলকৰ আনটো ফালে সাধাৰণতে মৃতকৰ নাম কেৱল ইংৰাজী ভাষাত লিখা হয়। মই টোকা লিখি থকালৈ চাই তেওঁ ৰগৰ কৰি অমায়িকভাবে কয়, “এয়া কেইছেকেণ্ড মানতেই পৃষ্ঠা ভৰ্ত্তি কৰি লিখাৰ দৰে উজু কাম নহয়।”













