প্ৰতিদিনে সন্ধিয়া ৫ মান বজাত ঘৰলৈ উভতা ডা. শৱনম য়াচমিনে পোনে পোনে তেওঁৰ পাতল অনুজ্জ্বল মুগা বৰণীয়া ঘৰটোৰ চাদলৈ যায়। তাতে তেওঁ গা ধোৱে। কৰ্মস্থলীলৈ নিয়া কলম, ডায়েৰী আদি সকলো চেনিটাইজ কৰে, কাপোৰবোৰ ধোৱে (এই কামৰ বাবে চাদখন সাজু কৰি থোৱা থাকে)। তাৰপিছত তেওঁ তললৈ নামি আহি পৰিয়ালৰ লগ লাগে। এয়া যোৱা এবছৰ ধৰি তেওঁৰ নিত্য নৈমিত্তিক কাম হৈ পৰিছে।
“মই অতিমাৰীৰ সমগ্ৰ কালচোৱাত কাম কৰিছো (লকডাউনত), তেতিয়া সকলো অনুষ্ঠান-প্ৰতিষ্ঠান বন্ধ আছিল, আনকি ব্যক্তিগত হস্পিতালবোৰো বন্ধ আছিল। কেতিয়াও মোৰ পজিটিভ নোলাল, আমাৰ সহকৰ্মী কিছুমানৰ ওলাইছিল অৱশ্যে। দৰাচলতে আমি দুগৰাকী ক’ভিড আক্ৰান্ত প্ৰসূতিৰ চিকিৎসা কৰিছিলো, সফলো হৈছিলো,” সদৰ হস্পিতালৰ এগৰাকী স্ত্ৰীৰোগ বিশেষজ্ঞ আৰু শল্যচিকিৎসক ৪৫ বছৰ বয়সীয়া ডা. য়াচমিনে কয়, উত্তৰ-পূৱ বিহাৰৰ কিষাণগঞ্জ চহৰৰ তেওঁৰ ঘৰৰ পৰা হস্পিতালখনলৈ দূৰত্ব প্ৰায় এক কিলোমিটাৰ।
শৱনমৰ ক্ষেত্ৰত বিপদৰ সদায়ে দুৱাৰডলিত ৰৈ থাকে। তেওঁ ক’ৰনাভাইৰাছৰ বাহক হৈ বিপদ চপাব কোনোপধ্যেই নোৱাৰে। ঘৰত তেওঁৰ মাকৰ লগতে ১৮ আৰু ১২ বছৰীয়া দুই সন্তান আছে। তেওঁৰ ৫৩ বছৰীয়া স্বামী ইৰ্টাজা হাচানৰ বৃক্কৰ সমস্যা আছে, তাৰ বাবে তেওঁ আকৌ দুগুণ সতৰ্ক হৈ থাকিব লাগে। “মা থকা কাৰণেহে মই কামবোৰ নিয়াৰিকৈ কৰিব পাৰিছো (যোৱা বছৰটোত)। তেঁৱেই দায়িত্ব মূৰপাতি লৈছে। নহ’লে মই একেটা সময়তে এফালে ডাক্তৰ আৰু গৃহিণী, আনফালে শিক্ষক-প্ৰশিক্ষক কি যে হ’বলগীয়া নহয়,” য়াচমিনে মাকৰ প্ৰতি কৃতজ্ঞতাৰ সুৰত কয়।
২০০৭ত চিকিৎসা বিজ্ঞানৰ শিক্ষা সাং কৰাৰে পৰা তেওঁ এই বিভিন্ন ৰূপৰ মাজেৰেই জীৱনটো কটাই আহিছে। “এম.বি.বি.এছ.ৰ চুড়ান্ত বৰ্ষত মই গৰ্ভধাৰণ কৰিছিলো। বিয়াৰ প্ৰায় ছবছৰলৈ মই মোৰ পৰিয়ালৰ সৈতে নাছিলো। পেছাত উকীল মোৰ স্বামী কৰ্মসূত্ৰে পাটনাত আছিল। মোক য’তে কামৰ বাবে পঠিয়ায়, মই তাতে কাম কৰিছিলো,” য়াচমিনে কয়।
সদৰ হস্পিতালত পষ্টিং হোৱাৰ আগত ডা. শৱনম তেওঁৰ ঘৰৰ পৰা ৪৫ কিলোমিটাৰ দূৰৰ ঠাকুৰগঞ্জ ব্লকৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ২০১১ৰ পৰা কৰ্মৰত আছিল। ৰাঞ্চীৰ ৰাজেন্দ্ৰ ইনষ্টিটিউট অৱ মেডিকেল চায়েন্সেজৰ পৰা ২০০৩ত এম.বি.বি.এছ. ডিগ্ৰী আৰু ২০০৭ত পাটনা মেডিকেল কলেজৰ পৰা চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছতে কেইবছৰমান ব্যক্তিগতভাৱে ডাক্তৰি কৰাৰ শেষত তেওঁ এই চৰকাৰী চাকৰিটো পাইছিল। ঘৰত মাকৰ সৈতে দ্বিতীয়টো কেঁচুৱাটো দিনটোৰ বাবে গতাই ঠাকুৰগঞ্জৰ স্বাস্থ্যকেন্দ্ৰটোলৈ তেওঁ স্থানীয় বাছ এখনত অহা-যোৱা কৰিছিল। এনেদৰে সদায় অহা-যোৱা কৰাটো অতিকৈ কষ্টকৰ কাম আছিল। সেয়ে নমাহ পিছত তেওঁ মাক আৰু সন্তান দুটাৰ সৈতে ঠাকুৰগঞ্জত থাকিবলৈ ল’লে। তেওঁৰ গিৰীয়েক পাটনাতে থাকিল আৰু প্ৰত্যেক মাহত তেওঁলোক দেখা কৰে।







