“আমি কাম কৰিবলৈ এৰিলে গোটেইখন দেশৰ জনতাৰ মুখৰ হাঁহি নাইকিয়া হ’ব।”
এইষাৰ কথাৰ পিছৰখিনি শুনিলেহে বাবু লালৰ কথাৰ মৰ্ম বুজিব পাৰি, “ক্রিকেট খেলনে কো নেহি মিলেগা কিচিকো ভি (কোনোৱেই ক্ৰিকেট খেলিবলৈ নাপাব)।”
বেটচমেনৰ বুকু কঁপোৱা, বলাৰৰ হাতৰ প্ৰিয়, লক্ষ লক্ষ লোকৰ দৃষ্টি য’ত নিবদ্ধ, সেই বলটো চামৰাৰ। সেই চামৰা আহে উত্তৰ প্ৰদেশৰ মীৰাটৰ বস্তি এলেকা শোভাপুৰৰ টেনেৰীবোৰৰ পৰা। চহৰখনৰ এইটো স্থানতে চৰ্মকাৰসকলে এলুম-টেনিং পদ্ধতিৰে জন্তুৰ কেঁচা ছাল টেনিং কৰি ক্ৰিকেট বলৰ উদ্যোগটোৰ বাবে অত্যাৱশ্যকীয় কেঁচামাল সাজু কৰে। টেনিং হৈছে জন্তুৰ কেঁচা ছালখনক চুড়ান্ত ৰূপ দিয়া এক প্ৰক্ৰিয়া।
“কেৱল এলুম-টেনিং পদ্ধতিৰে ছালখনৰ খহটা আৰু টান অংশবোৰ খোল খায়, তেতিয়াহে ৰং সহজেই ভিতৰলৈ সোমাই যাব পাৰে,” বাবু লালে কয়। তেওঁৰ এই কথাৰ ভিত্তি আছে। কেন্দ্ৰীয় চৰ্ম গৱেষণা প্ৰতিষ্ঠানে ষাঠিৰ দশকত কৰা গৱেষণাত কৈছে যে বল এটাত বলাৰজনৰ ঘাম লাগি, বা বলাৰজনে নিজে ঘাম বা থু লগাই সেইটো জিলিকাবলৈ কৰা চেষ্টাত বল এটা বেয়া নোহোৱাটো নিশ্চিত কৰে এলুম-টেনিং পদ্ধতিয়ে। এনেকৈ বলাৰৰ কাৰণে খেলখনো পণ্ড হোৱাৰ পৰা বাচে।
শোভাপুৰত নিজৰ টেনেৰীখনৰ চুক এটাত ষাঠি বছৰীয়া মালিকজন প্লাষ্টিকৰ চকী এখনত বহি আছে। চূণেৰে চাফা হৈ পৰা মজিয়াখন চিকমিকাই আছে। “২০০ বছৰ ধৰি আমাৰ পূৰ্বপুৰুষে চামৰাৰ কাম ইয়াত কৰি আহিছে,” তেওঁ কয়।




















