সুখৰাণী সিঙৰ এনে এটা বছৰো মনত নাই যেতিয়া তেওঁ হাবিলৈ গৈ মহুৱা ফুল তুলি অনা নাই। ৪৫ বছৰীয়া সুখৰাণীয়ে কয় যে “শৈশৱত মই মোৰ মাৰ লগত হাবিলৈ গৈছিলো। এতিয়া মই মোৰ ল’ৰা-ছোৱালীক মোৰ লগত লৈ যাওঁ।” তেওঁ পুৱা ৫ বজাতে ঘৰ এৰে যাতে উজলি থকা সেউজীয়া মহুৱা ফুলবোৰ গছৰ পৰা সৰিবলৈ লওঁতেই বুটলিব পাৰে। তেওঁ তাত দুপৰীয়ালৈকে থাকে, বেলি মূৰত উঠে। সেই আৰু গৰমতো তেওঁ ফুলবোৰ গোটাই থাকে। ঘৰ পোৱাৰ পিছত তেওঁ সেইবোৰ ৰ’দত শুকাবলৈ মেলি দিয়ে।
মধ্য প্ৰদেশৰ ওমাৰিয়া জিলাস্থিত বান্ধৱগড় ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ কাষতে বাস কৰা সুখৰাণীৰ দৰে সৰু খেতিয়কসকলৰ বাবে মহুৱা ফুলবোৰ এক নিশ্চিত আয়ৰ উত্স। মানপুৰ ব্লকত থকা তেওঁলোকৰ গাওঁ পৰাসীৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰৰ ওমাৰিয়া বজাৰত এক কিলো শুকান মহুৱা বেচি সুখৰাণীয়ে ৪০ টকা উপাৰ্জন কৰে। এপ্ৰিল মাহত প্ৰায় ২-৩ সপ্তাহ ধৰি চলা মহুৱাৰ এনে এটা বতৰত সাধাৰণতে তেওঁ প্ৰায় ২০০ কেজি গোটাব পাৰে। সুখৰাণীয়ে কয় যে “গছজোপা আমাৰ বাবে অতি মূল্যৱান”। ইয়াৰ ফুলৰ উপৰিও পৌষ্টিক আৰু ঔষধি গুণৰ বাবে ফল আৰু বাকলিও উপকাৰত আহে।
মহুৱাৰ বতৰত, দিনৰ ১ মান বজাত সুখৰাণী হাবিৰ পৰা আহে আৰু পৰিয়ালৰ বাবে আহাৰ তৈয়াৰ কৰে। তেওঁৰ পৰিয়ালত তেওঁৰ স্বামী আৰু তেওঁলোকৰ পাঁচটা সন্তান আছে। তাৰ পিছত প্ৰায় ৩ মান বজাত গৈ তেওঁৰ স্বামীৰ লগত ঘেঁহু কটা আৰু থূপাই থোৱা কাম কৰে। গণ্ড আদিবাসী সম্প্ৰদায়ৰ সুখৰাণী আৰু তেওঁৰ স্বামীৰ প্ৰায় চাৰি বিঘা (প্ৰায় এক একৰ) মাটি আছে, য’ত তেওঁলোকে বৰ্ষানিৰ্ভৰ ঘেঁহু খেতি কৰে। সাধাৰণতে এই খেতি তেওঁলোকে নিজে খাবৰ বাবে কৰে।











