ৰুশিকেশ আৱেগিক হৈ পৰিছিল। ৫ আগষ্টত অলিম্পিকৰ ৰূপৰ পদক ল’বলৈ জাপানৰ ক্ৰীড়ামঞ্চত মল্লযোদ্ধা ৰবি দাহিয়াক থিয় হোৱা দেখি তেওঁৰ চকু চলচলীয়া হৈছিল। সেয়া আছিল আনন্দৰ এক মুহূৰ্ত।
২০২০ৰ মাৰ্চত ক’ভিড-১৯ আৰম্ভ হোৱাৰ পৰা সম্পূৰ্ণ ১৮ মাহ মহাৰাষ্ট্ৰৰ লাটুৰ জিলাৰ ২০ বছৰীয়া সম্ভাৱনাপূৰ্ণ ৰুশিকেশ হতাশ হৈ পৰিছিল। আগন্তুক ভৱিষ্যতে পৰিস্থিতি সলনি হ’ব যেন লগা নাই, তেওঁ কয়, “পৰিস্থিতি হতাশজনক, এনে লাগে যেন মোৰ হাতৰ পৰা সময়বোৰ ওলাই গৈছে।”
সেমেকা হাঁহি মাৰি নিজৰ সমস্যাটোৰ কথা তেওঁ কয়ঃ “সামাজিক দূৰত্বও মানি চলিম আৰু মল্লযুঁজো কৰিম, কেনেকৈ সম্ভৱ কওঁকচোন?”
নিজক অলপ উৎফুল্লিত কৰিবলৈ ওচমানাবাদ চহৰৰ উপকণ্ঠ অঞ্চলত থকা মল্লযুঁজৰ প্ৰশিক্ষণ কেন্দ্ৰ হাটলাই কুস্তি সংকুলত কেইজনমান বন্ধুৰ সৈতে ৰুশিকেশে ২০২০ৰ টকিঅ’ অলিম্পিক চাইছিল। ৮ আগষ্টত যেতিয়া অলিম্পিকৰ সামৰণি পৰিল, সাতটা পদকেৰে ভাৰতে সৰ্বকালৰ শ্ৰেষ্ঠ খিতাপ লাভ কৰিলে। তাৰে দুটা পদক ভাৰতে মল্লযুঁজৰ বাবে পালে।
পুৰুষৰ ৫৭ কি.গ্ৰা. আৰু ৬৫ কি.গ্ৰা.ৰ ফ্ৰীষ্টাইল মল্লযুঁজত যথাক্ৰমে দাহিয়াই ৰূপৰ আৰু বজংৰগ পুণিয়াই ব্ৰঞ্জৰ পদক লাভ কৰাৰ অভিলেখে পেটেভাতে খাই থকা পৰিয়ালৰ ৰুশিকেশৰ নিচিনা কুস্তিবীৰ হোৱাৰ সপোন দেখাসকলক অনুপ্ৰাণিত কৰিলে। বিজয়ী হোৱাৰ পিছত টকিঅ’ত ২৩ বছৰীয়া দাহিয়াই সংবাদসংস্থা পিটিআইক জনালে যে তেওঁক সফল কৰি তুলিবলৈ পৰিয়ালটোৱে বহু ত্যাগ স্বীকাৰ কৰিবলগীয়া হৈছিল। উল্লেখ্য, দাহিয়া হাৰিয়ানাৰ লাহৰী গাঁৱৰ এজন আধিয়াৰ কৃষকৰ পুত্ৰ। তিনিটাকৈ অলিম্পিকৰ পদক লাভ কৰা তেওঁৰ গাওঁখনত আজিপৰ্য্যন্ত মল্লযুঁজৰ প্ৰশিক্ষণৰ মৌলিক আন্তঃগাঁথনি গঢ়ি নুঠিল। তেওঁ কয়, “সকলো লাগে...ভাল স্কুলৰ পৰা আৰম্ভ কৰি খেলৰ সা-সুবিধা।”
দাহিয়াই সংবাদ মাধ্যমক কোৱা কথাৰ অৰ্থ ৰুশিকেশে জানে। মল্লযুঁজৰ আকাংক্ষা পূৰণ কৰিবলৈ ৩ বছৰ আগতে তেওঁ লাটুৰৰ টাকা গাওঁ এৰিছিল। “ঘৰলৈ ঘূৰি যাব নোৱাৰি, তাত কোনো আন্তঃগাঁথনি নাই,” ওচমানাবাদলৈ ৬৫ কি.মি.ৰ দূৰৰ পৰা কিয় তেওঁ নিজৰ গাওঁ এৰি আহিল, তাৰ কাৰণ বুজাই ক’লে।
কলি সম্প্ৰদায়ৰ ৰুশিকেশৰ বাবে নিজৰ গাওঁ এৰি অহাৰ সিদ্ধান্ত বৰ কঠিন আছিল। তেওঁৰ পিতৃ কৰ্মহীন আৰু মাতৃয়ে চিলাইৰ কাম কৰি মাহে ৭ কি ৮ হাজাৰ টকা উপাৰ্জন কৰিছিল। তেওঁ কয়, “ভাগ্যক্ৰমে মই এজন প্ৰশিক্ষক পালো যিজনে মোক প্ৰশিক্ষণ কেন্দ্ৰৰ ছাত্ৰ নিবাসত বিনা খৰছত থকাৰ সুবিধা কৰি দিলে। গতিকে মায়ে মোলৈ মাহে ২/৩ হাজাৰ টকা পঠালেই হৈছিল। দিনবোৰ ভালেই গৈছিল,” তেওঁ কয়।
হাটলাই কুস্তি সংকুল পৰিচালনা কৰা আৰু প্ৰশিক্ষণ দিয়া ২৮ বছৰীয়া কিৰণ জাৱালগেয়ে কয় যে ওচমানাবাদলৈ অহাৰ পিছত ৰুশিকেশে গভীৰ মনযোগ আৰু নিজৰ সংকল্পত অবিচলিত হৈ থিয় দিছিল। “জিলা পৰ্য্যায়ৰ টুৰ্ণামেণ্টত তেওঁ খুব ভাল প্ৰদৰ্শন কৰিছে। ইয়াৰ দ্বিতীয় স্তৰ হ’ব ৰাষ্ট্ৰীয় পৰ্য্যায়। আপুনি যদি এনে টুৰ্ণামেণ্টবোৰত যদি ভাল প্ৰদৰ্শন কৰিব পাৰে, তেন্তে ক্ৰীড়াৰ বাবে সংৰক্ষিত আসনৰ জৰিয়তে চৰকাৰী চাকৰি লাভ কৰাৰ সুযোগ পাব,” প্ৰশিক্ষক কিৰণ জাৱালগেয়ে কয়।
কিন্তু বিশ্ব মহামাৰীয়ে জীৱন স্থবিৰ কৰি পেলালে। ৰুশিকেশৰ মাতৃয়ে কৰি থকা কামটো হেৰুৱালে আৰু মাজে-সময়ে অলপ টকা হাতলৈ অহাৰ সুযোগ দিয়া মল্লযুঁজৰ টুৰ্ণামেণ্টবোৰো বন্ধ হৈ পৰিল। কিৰণ জাৱালগেয়ে কয়, “বিশ্ব মহামাৰীৰ কাৰণে বহুতো প্ৰশিক্ষাৰ্থীয়ে মল্লযুঁজৰ অনুশীলন বন্ধ কৰিবলগীয়া হ’ল আৰু হাজিৰা কাম কৰি জীৱিকা উপাৰ্জন কৰিবলগা হৈছে। তেওঁলোকে খৰছ (প্ৰশিক্ষণৰ) বহন কৰিব নোৱাৰা হৈ পৰিছে।”
মল্লযুঁজৰ অনুশীলনকাৰী এজনৰ বাবে স্বাস্থ্যসন্মত আহাৰ অতি গুৰুত্বপূৰ্ণ আৰু ই যথেষ্ট খৰছী। “এজন মল্লযুঁজৰ প্ৰশিক্ষাৰ্থীয়ে প্ৰতি মাহত গড়ে চাৰি কি.গ্ৰা. কাঠবাদাম খায়। ইয়াৰ লগতে দৈনিক ডেৰ লিটাৰ গাখীৰ আৰু ৮ টা কণীৰ প্ৰয়োজন হয়। কেৱল এই খাদ্যৰ বাবে প্ৰতিজন প্ৰশিক্ষাৰ্থীক প্ৰতিমাহে ৫০০০ টকা লাগে। খাদ্যবস্তু ক্ৰয় কৰিবলৈ সক্ষম নোহোৱাৰ বাবে মোৰ বহুতো প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ এৰিছে,” প্ৰশিক্ষক কিৰণে কয়। তেওঁৰ প্ৰশিক্ষণ কেন্দ্ৰটোত ৮০ গৰাকী প্ৰশিক্ষাৰ্থী আছিল। এতিয়া মাত্ৰ ২০ জনমান আছে।
তাৰে মাজৰ ৰুশিকেশো এজন, তেওঁ এতিয়াও আশাহত হোৱা নাই।
প্ৰশিক্ষণ আৰু খোৱাৰ টকা যোগাৰ কৰিবলৈ ৰুশিকেশে প্ৰশিক্ষণ কেন্দ্ৰটোৰ ওচৰতে থকা জলাশয এটাত মাছ ধৰিবলৈ যায়, সেই মাছ আনি হোটেল এখনত বিক্ৰী কৰে। “ওচমানাবাদৰ এক বস্ত্ৰ কাৰখানাত মই অংশকালীন কাম এটাত সোমাইছো। তেনেকৈ মই প্ৰতিমাহে কমেও ১০,০০০ টকা পাওঁ,” ৰুশিকেশে কয়। এই উপাৰ্জনৰ ৫০০০ টকা নিজৰ লগত ৰাখি তেওঁ বাকীখিনি ঘৰলৈ পঠিয়াই দিয়ে। ওছমানাবাদৰ মাকানি গাঁৱত থকা ভাৰত বিদ্যালয়ৰ স্নাতক ২য় বৰ্ষত ৰুশিকেশে অধ্যয়নো কৰি আছে। নিজৰ স্মাৰ্টফোন নথকা কাৰণে বন্ধুৰ ফোনৰ সহায়ত তেওঁ অনলাইন ক্লাচ কৰে।
ইমানখিনি কষ্ট যে ৰুশিকেশে কৰি আছে, সেই কথা তেওঁৰ মাতৃয়ে নাজানে। “টুৰ্ণামেণ্টবিলাক বন্ধ হৈ থকাৰ বাবে মোৰ ভৱিষ্যতক লৈ মোৰ মা ইতিমধ্যে চিন্তিত। গতিকে মাৰ চিন্তা বঢ়াব নোখোজো,” ৰুশিকেশে কয়। “মোৰ সপোন জীয়াই ৰাখিবলৈ মই যিকোনো কাম কৰিবলৈ প্ৰস্তুত। বিশ্ব মহামাৰী শেষ হোৱাৰ পিছত যাতে মল্লযুঁজ অনুশীলনৰ সৈতে মোৰ সম্পৰ্ক নিচিগে, তাৰবাবে মই সদায় অনুশীলন কৰো।”
গ্ৰাম্য মহাৰাষ্ট্ৰৰ অধিকাংশ উচ্চাকাংক্ষী খেলুৱৈ কৃষক আৰু কৃষিশ্ৰমিকৰ সন্তান। ৰুশিকেশো তাৰে এজন। ৰাজ্যখনত মল্লযুঁজ অতি জনপ্ৰিয়, সেয়ে মল্লযুঁজৰ প্ৰতিযোগিতা চাবলৈ হাজাৰ হাজাৰ লোক, কেতিয়াবা লাখ লাখ লোক উপস্থিত হয়।
বিভিন্ন বয়সৰ ল’ৰা-ছোৱালীৰ মাজত বছৰৰ নৱেম্বৰৰ পৰা মাৰ্চৰ ভিতৰত আখাৰাসমূহে (পৰম্পৰাগত ব্যায়ামশালা) সাধাৰণতে মল্লযুঁজৰ প্ৰতিযোগিতা পাতে। “এই ছটা মাহত যদি কোনোৱে ভাল প্ৰদৰ্শন কৰে, তেন্তে প্ৰাইজমানি হিচাপে লাখ টকা পৰ্যন্ত পাব পাৰে,” জাৱালগেয়ে কয়। “নিজৰ খৰছী আহাৰৰ ক্ষেত্ৰত এই টকাই সহায় কৰে”, কিন্তু ক’ভিড-১৯ আৰম্ভ হোৱাৰ পৰা মল্লযুঁজাৰুসকলৰ উপাৰ্জনৰ এই উৎসও নোহোৱা হৈ পৰে। “সমস্যা এইয়ে যে আমি কেৱল ক্ৰিকেটৰ প্ৰতি মনযোগ দিও আৰু কিছু পৰিমাণে হকীৰ ওপৰত গুৰুত্ব দিও। কিন্তু মল্লযুঁজ আৰু খো খোৰ নিচিনা পৰম্পৰাগত খেলবিলাক একেবাৰে পাহৰি গৈছো,” প্ৰশিক্ষক কিৰণ জাৱালগেয়ে এনেদৰে আক্ষেপ কৰি কয়।
ৰাষ্ট্ৰীয় খো খো দললৈ নিৰ্বাচিত হোৱাৰ আগতে ওচমানাবাদ চহৰৰ পৰা ২৯ বছৰীয়া সাৰিকা কালেই ৰিজাৰ্ভেছ্ন নোহোৱাকৈয়ে ৰেলেৰে যাত্ৰা কৰিবলগা হৈছিল আৰু কমিউনিটি হলত থাকি আন্তঃৰাজ্যিক প্ৰতিযোগিতাত ভাগ লৈছিল। “ৰেলেৰে যাত্ৰা কৰোতে আমি নিজৰ লগত খোৱা আহাৰ লৈ গৈছিলো। ৰেলত আমাৰ টিকট নথকা কাৰণে আমাক শৌচাগাৰৰ কাষত বহিবলৈ দিছিল,” সাৰিকাই কয়।
পৰম্পৰাগত ভাৰতীয় ক্ৰীড়াসমূহৰ ভিতৰত মহাৰাষ্ট্ৰীয় মূলৰ খো খো এবিধ জনপ্ৰিয় ক্ৰীড়া। অসমৰ গুৱাহাটীত ২০১৬ত অনুষ্ঠিত দক্ষিণ এছিয়া ক্ৰীড়া সমাৰোহত ভাৰতীয় খো খো দলৰ কেপ্টেইনৰ দায়িত্বত আছিল সাৰিকা। ২০১৮ত ভাৰত আৰু ইংলেণ্ডৰ মাজত লণ্ডনত অনুষ্ঠিত দ্বিপাক্ষিক ক্ৰীড়া প্ৰতিযোগিতাত ভাৰতীয় দলৰ হৈ সাৰিকাই খেলিছিল। ২০২০ৰ আগষ্টত ভাৰত চৰকাৰে সাৰিকাক সন্মানীয় অৰ্জুন বটাৰে বিভূষিত কৰিছিল। সাৰিকাই কয়, “বিগত দশকত বহুতো ছোৱালীয়ে খো খো খেলিবলৈ আৰম্ভ কৰিছে।”
ওচমানাবাদ জিলাৰ তুলজাপুৰ তালুকত তালুক ক্ৰীড়া বিষয়া হিচাপে বৰ্তমান কৰ্মৰত সাৰিকাই উঠি অহা খেলুৱৈসকলক প্ৰশিক্ষণ দিয়াৰ লগতে চোৱাচিতা কৰে। ক’ভিড-১৯ আৰম্ভ হোৱাৰ পিছত তেওঁ দেখিবলৈ পায় যে প্ৰশিক্ষণৰ পৰা বহুতো খেলুৱৈ আঁতৰি গৈছে। সাৰিকাই কয়, “অধিকাংশই ছোৱালী আৰু তেওঁলোক দৰিদ্ৰ পৰিয়ালৰ। গাঁৱত ছোৱালীবোৰ কেতিয়াও খেলিবলৈ উৎসাহিত কৰা নহয়। খেলৰ পৰা নিজৰ কন্যা সন্তানক আঁতৰাই ৰাখিবলৈ গ্ৰাম্য পিতৃ-মাতৃক ক’ভিড বিশ্ব মহামাৰীয়ে ভাল অজুহাত দিলে।”
বিশ্ব মহামাৰীৰ সময়ত প্ৰশিক্ষণৰ পৰা আঁতৰি যোৱাৰ ফলত নতুন খেলুৱৈসকলৰ বিকাশৰ ক্ষেত্ৰত গুৰুতৰ ক্ষতি পৰিলক্ষিত হৈছে বুলি সাৰিকাই কয়। “২০২০ৰ মাৰ্চৰ পৰা ৫ মাহৰো অধিক সময় অনুশীলন সম্পূৰ্ণ বন্ধ কৰি দিয়া হৈছে। একাংশ খেলুৱৈ উভতি আহিছে যদিও দেখিবলৈ পাব যে তেওঁলোকৰ ফিটনেচ কমি আহিছে। এনে অৱস্থাৰ মাজতে আমি প্ৰশিক্ষণ আৰম্ভ কৰাৰ পিছতে ক’ভিডৰ দ্বিতীয় ঢৌ আহিল। আকৌ কেবামাহৰ কাৰণে আমি অনুশীলন বন্ধ ৰাখিলো। ২০২১ৰ জুলাইত পুনৰ আৰম্ভ কৰিলো। এনেকুৱা অনুশীলনে খেলুৱৈৰ উৎকৰ্ষ সাধন নকৰে,” তেওঁ কয়।
পৰ্য্যাপ্ত অনুশীলনৰ অভাৱত বিভিন্ন বয়সৰ খেলুৱৈৰ মাজত অনুষ্ঠিত প্ৰতিযোগিতাৰ খেলুৱৈসকলে ভাল ফল দেখুৱাবলৈ ব্যৰ্থ হয়। সাৰিকাই কয়, “১৪ বছৰ অনুৰ্দ্ধ এগৰাকী খেলুৱৈয়ে কোনো মেচত অংশগ্ৰহণ নকৰাকৈ ১৭ বছৰ অনুৰ্দ্ধ গোটত খেলিবলৈ যায়। সাধাৰণতে ২১ আৰু ২৫ বছৰৰ মাজৰ সময়খিনিতে খো খো খেলুৱৈয়ে আটাইতকৈ ভাল খেলে, এই সোণালী সময়ৰ পাৰদৰ্শিতা আৰু বয়সৰ ভিত্তিত তেওঁলোকক ৰাষ্ট্ৰীয় পৰ্য্যায়লৈ নিৰ্বাচন কৰা হয়।”
গ্ৰাম্য মহাৰাষ্ট্ৰত ক্ৰীড়াক্ষেত্ৰত সম্ভাৱানাপূৰ্ণ খেলুৱৈৰ বিকাশ স্তব্ধ হৈ পৰিছে আৰু প্ৰতিশ্ৰুতিসম্পন্ন প্ৰতিভাৰ সম্ভাৱনাৰ ওপৰত পৰা বিশ্ব মহামাৰীৰ কালছায়াই ভৱিষ্যত অনিশ্চিত কৰি তুলিছে।
দুই দশকৰ আগতে সাৰিকাই যেতিয়া খো খো খেলিবলৈ আৰম্ভ কৰিছিল, তেওঁ পিতৃ-মাতৃক নজনোৱাকৈ মনে মনে খেলিছিল, তেওঁলোকে কেতিয়াও অনুমতি নিদিলেহেঁতেন। সাৰিকাই কয়, “আনুষ্ঠানিক সমৰ্থন খুব সামান্য আৰু গ্ৰামাঞ্চলত ভাল সা-সুবিধা নাই। পৰিয়ালবোৰে নিজৰ সন্তানৰ এটা নিৰাপদ ভৱিষ্যত কামনা কৰে – মোৰ ক্ষেত্ৰতো দেউতাই একেদৰে ভাবিছিল। মই যেতিয়া ডাঙৰ হৈ আহিবলৈ ধৰিলো, সেই সময়ত ঘৰত খোৱাৰ বাবে আমাৰ পৰিয়ালটোৱে পৰ্য্যাপ্ত চাউল-পাতি যোগাৰ কৰিব পৰা নাছিল,” সাৰিকাৰ পিতয়ে কৃষি শ্ৰমিক হিচাপে কাম কৰে আৰু মাতৃ এগৰাকী ঘৰুৱা বনকৰা মহিলা।
সাৰিকাই কয় যে ক্ৰীড়াক বৃত্তিৰূপে গ্ৰহণ কৰা বৰ কঠিন। “সাধাৰণ মানসিকতা অনুসৰি ছোৱালীয়ে নিজৰ সন্তানক চোৱাচিতা কৰিব আৰু ৰন্ধা-বঢ়াৰ কামত ব্যস্ত থাকিব। ছুটী কাপোৰ পিন্ধি এজনী ছোৱালীয়ে খেল খেলিব, এই কথা পৰিয়ালৰ মানুহে হজম কৰিব নোৱাৰে,” সাৰিকাই কয়। যেতিয়া ১০ বছৰ বয়স হৈছিল, সাৰিকাক খেলৰ পৰা কোনেও আঁতৰাই ৰাখিব পৰা নাছিল, বিশেষকৈ প্ৰথমবাৰৰ বাবে নিজৰ বিদ্যালয়ত এখন খেল দেখাৰ পিছত সাৰিকা অভিভূত হৈ পৰিছিল। “এই খেলখনে মোক অভিভূত কৰাৰ কথা এতিয়াও মনত পৰে। মই এজন ভাল প্ৰশিক্ষক পাইছিলো, তেওঁ মোক সকলো দিশতে সহায় কৰিছিল,” সাৰিকাই কয়।
ভাৰতৰ খো খো ফেডাৰেচনৰ যুটীয়া সচিব চন্দ্ৰজীত যাদৱ তেওঁৰ প্ৰশিক্ষক আছিল। ওচমানাবাদৰ বাসিন্দা হিচাপে তাত ক্ৰীড়াক উদগনি দিয়াৰ ক্ষেত্ৰত তেওঁ বিশেষ ভূমিকা পালন কৰিছিল আৰু ওচমানাবাদ খো খোৰ কেন্দ্ৰ হৈ পৰিছিল। খো খোক জনপ্ৰিয় কৰি তুলিবলৈ ওচমানাবাদ চহৰত দুটা প্ৰশিক্ষণ কেন্দ্ৰ আৰু সমগ্ৰ জিলাত ১০০ খন স্কুল গঢ়ি তোলা হৈছিল। যাদৱে কয়ঃ “যোৱা দুটা দশকত বিভিন্ন বয়সৰ ১০ জন খেলুৱৈয়ে ওচমানাবাদক প্ৰতিনিধিত্ব কৰি দেশৰ ভিতৰতে শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা অৰ্জন কৰিছে। ৪ গৰাকী মহিলাই ৰাজ্য চৰকাৰৰ শিৱ ছত্ৰপতি বঁটা লাভ কৰিছে আৰু প্ৰশিক্ষক হিচাপে মইও এই বঁটা লাভ কৰিছো। আমাৰ এগৰাকী অৰ্জুন বঁটা লাভ কৰা খেলুৱৈও আছে।”
সাৰিকাই লক্ষ্য কৰিছে যে গাওঁবোৰত এতিয়া মানুহে খেলৰ প্ৰতি গুৰুত্ব দিবলৈ ধৰিছে (ক্ৰিকেট আৰু হকীৰ উপৰিও)। তেওঁ কয়, “খেলা মানে সময় নষ্ট কৰা বুলি ভৱা লোকৰ সংখ্যা এতিয়া তেনেই তাকৰ।”
মহাৰাষ্ট্ৰৰ আদিবাসী অধ্যুষিত জিলা নন্দুৰবাৰৰ পৰা ৬০০ কিলোমিটাৰ দূৰৰ ওচমানাবাদত খো খোৰ প্ৰশিক্ষণ ল’বলৈ ১৯ গৰাকী কিশোৰ-কিশোৰী অহাৰ তথ্যই ক্ৰীড়াৰ জনপ্ৰিয়তাকে সূচাইছে। ভীল আদিবাসী সম্প্ৰদায়ৰ ১৫ বছৰীয়া কিশোৰ ৰবি ৱাচাভে এই ১৯ গৰাকীৰ মাজৰ এজন। “ঘৰৰ পৰিৱেশ খেলৰ বাবে অনুকূল নহয়। ওচমানাবাদৰ পৰা বহুতো ভাল খেলুৱৈ ওলাইছে। ময়ো তেনেকুৱা হ’ব বিচাৰো,” ৰবিয়ে কয়।
বিশ্ব মহামাৰী আঁতৰিলে ২০২০ত ৰবিয়ে ৰাষ্ট্ৰীয় পৰ্য্যায়ত খেলিব পাৰিলেহেঁতেন বুলি সাৰিকাই কয়। “মই নিজক যোগ্য বুলি প্ৰমাণিত কৰিবলৈ মোৰ হাতত সময় নাই। মোৰ দেউতাৰ ৫ একৰ খেতিৰ মাটি আছে যদিও সেয়া চন পৰি আছে। মা-দেউতাই দিন-হাজিৰা কৰি জীৱিকা উলিয়াইছে। মোক নিজৰ লক্ষ্যত উপনীত হ’বলৈ অনুমতি দি মা-দেউতাই এটা সাংঘাতিক ৰিস্ক লৈছে,” ৰবিয়ে কয়।
তেওঁ যি ভাল দেখে, পিতৃ-মাতৃয়ে ৰবিক তাকে কৰিবলৈ দিব বিচাৰে বুলি ৰবিয়ে কয়। তেওঁ বৰ্তমান ওচমানাবাদ চহৰৰ ডায়েট কলেজ ক্লাবত প্ৰশিক্ষণ লৈ আছে, কিন্তু পৰিস্থিতি এনেকুৱা চলি থাকিলে তেওঁ আগবাঢ়িব নোৱাৰিব বুলি পিতৃ-মাতৃ শংকিত হৈ পৰে। “প্ৰতিযোগিতাত যিহেতু ভাগ ল’ব নোৱাৰে, তেনে ক্ষেত্ৰত ঘৰৰ পৰা বাহিৰত থাকি লাভ নাই বুলি মা-দেউতাই ভাবে। মোৰ প্ৰশিক্ষকসকলে মা-দেউতাক টুৰ্ণামেণ্ট হ’ব বুলি নিশ্চয়তা দিছে। কিন্তু সোনকালে প্ৰতিযোগিতা আৰম্ভ নহ’লে মা-দেউতা খুব অস্থিৰ হৈ পৰিব। মই খো খোত সফল হ’ব বিচাৰো আৰু এমপিএচচি (ৰাজ্যিক লোকসেৱা) পৰীক্ষাত অৱতীৰ্ণ হৈ ক্ৰীড়াৰ সংৰক্ষিত আসনৰ পৰা এটা চাকৰি ল’ব বিচাৰো।”
ৰবিয়ে সাৰিকাৰ পদাংক অনুসৰণ কৰিব বিচাৰে, গ্ৰাম্য মহাৰাষ্ট্ৰৰ উদীয়মান খো খো ক্ৰীড়াপ্ৰেমীৰ বাবে সাৰিকা এক আদৰ্শৰ প্ৰতীকস্বৰূপ। এই কথা সঁচা যে সাৰিকাই খো খো খেলুৱৈৰ এটা প্ৰজন্মক অনুপ্ৰাণিত কৰিব পাৰিছে। কিন্তু খেলৰ ওপৰত বিশ্ব মহামাৰীৰ কালছায়াক লৈ সাৰিকা চিন্তিতি। “বিশ্ব মহামাৰী শেষ হোৱালৈকে অপেক্ষা কৰি থাকিব পৰাৰ সুবিধা-সামৰ্থ্য প্ৰায়ভাগ ল’ৰা-ছোৱালীৰে নাই। সেয়ে কিছুমান প্ৰতিভাৱান ল’ৰা-ছোৱালী যাতে ক্ৰীড়াক্ষেত্ৰৰ পৰা হেৰাই নাযায়, সেয়ে এনে দৰিদ্ৰ পৰিয়ালৰ কিশোৰ-কিশোৰীৰ একাংশক মই আৰ্থিকভাৱে সহায় কৰিছো,” সাৰিকাই কয়।
এই প্ৰতিবেদন সাংবাদিকজনলৈ পুলিটজাৰ চেণ্টাৰে আগবঢ়োৱা স্বতন্ত্ৰ সাংবাদিকতা অনুদানৰ অধীনত কৰা এলানি প্ৰতিবেদনৰ অংশ ।
অনুবাদ: পংকজ দাস