“কূটকূট, লাট্টু (লাটুম) আৰু তাচ খেল’’, এটা উশাহত আহমেদে কৈ যায়৷ হঠাতে এই দহ বছৰীয়া কিশোৰজনে নিজকে শুধৰাই কৈ উঠে, ‘‘অহ্, মই নহয়, আল্লাৰাখাইহে কূটকূট খেলে৷’’
দুয়োজনৰ মাজৰ বয়সৰ এবছৰৰ পাৰ্থক্যৰ বিষয়ে উল্লেখ কৰি আৰু খেলত নিজৰ শ্ৰেষ্ঠত্ব জাহিৰ কৰি আহমেদে কৈ উঠে, "মই এই ছোৱালীৰ খেলবোৰ ভাল নাপাওঁ। মই স্কুলৰ খেলপথাৰত বেট-বল [ক্ৰিকেট] খেলোঁ। এতিয়া স্কুল বন্ধ আছে, কিন্তু আমি দেৱাল বগাই খেল-পথাৰলৈ যাওঁ!”
আশ্ৰমপাৰা অঞ্চলৰ বাণীপীঠ প্ৰাইমেৰী স্কুলত অধ্যয়ন কৰা সম্পৰ্কীয় ভায়েক আল্লাৰাখা তৃতীয় শ্ৰেণীৰ আৰু আহমেদ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ।
এয়া ২০২১ বৰ্ষৰ ডিচেম্বৰ মাহৰ আৰম্ভণিৰ সময়ছোৱা আৰু আমি পশ্চিমবংগৰ বেলডাঙাত উপস্থিত হৈছো - লগ পাইছো জীৱিকাৰ বাবে বিড়ি নিৰ্মাণ কৰা মহিলাসকলক৷
আমি এডাল অকলশৰীয়া আম গছৰ ওচৰত ৰ’লো। ই এটা ঠেক পথৰ কাষত থিয় দি আছিল যিটো পথৰ পৰা পুৰণি কবৰস্থানলৈ যাব পাৰি; অদূৰত হালধীয়া সৰিয়হৰ এখন পথাৰ আছে। এয়া হৈছে নিতাল আৰু শান্ত মৃত আত্মাসকলৰ পৃথিৱী য'ত তেওঁলোকে চিৰন্তন নিদ্ৰাত বিশ্ৰাম লৈ আছে; সুউচ্চ বৃক্ষজোপা নীৰৱে থিয় দি আছে, আনকি চৰাইবোৰেও বসন্তকালত ফলেৰে পুনৰ ঠন ধৰি নুঠালৈ বৃক্ষজোপা পৰিত্যাগ কৰি আন ঠাইলৈ উৰা মাৰিছে।
আহমেদ আৰু আল্লাৰাখাৰ প্ৰাণোচ্চলতাত নীৰৱতাখিনিও যেন অশান্ত হৈ পৰিছে৷ সিহঁতে তাতে জঁপিয়াইছে, দৌৰিছে - কেতিয়াবা আকৌ একে সময়তে দুয়োটা কৰিছে। আমাৰ উপস্থিতি সিহঁতৰ বাবে নগণ্য হৈ পৰিছে।







