বেলডাংগাৰ পৰা কলকাতালৈ চলা হাজাৰদুৱাৰী এক্সপ্ৰেছখনে পলাশী পাৰ কৰিবলৈ ধৰিছিল হে মাথোঁ, তেনেতে ৰেলখনৰ কম্পাৰ্টমেণ্টটো একতাৰাৰ সুৰ এটাৰে ভৰি গ'ল। সঞ্জয় বিশ্বাসে এটা ডাঙৰ খৰাহীত কিছুমান কাঠেৰে নিৰ্মিত বিভিন্ন সামগ্ৰী যেনে এটা যতঁৰ, এটা টেবুল লেম, এখন গাড়ী, এখন বাছ আনিছিল, লগত এডাল তাঁৰেৰে নিৰ্মিত একতাৰাও আনিছিল।
বিক্ৰীৰ বাবে থকা অন্যান্য চীনা সামগ্ৰী- পুতলা, কী-ৰিং, ছাতি, টৰ্চ, লাইটাৰ আৰু অন্যান্য বিক্ৰেতাই বিক্ৰী কৰি থকা ৰুমাল, মেহেন্দীৰ ডিজাইন থকা কিতাপ, ঝালমুড়ি, সিজোৱা কণী, বাদাম, চিঙৰা, খনিজ পানী আদিৰ মাজত অতি সুন্দৰ আৰু কাৰুকাৰ্য্য খচিত সামগ্ৰীবোৰো আছিল। অৱশ্যে প্ৰতিজন বিক্ৰেতাৰ বাবে এনে ৰেলসমূহৰ নিৰ্দিষ্ট গতিপথ আৰু ডবা আছিল।
যাত্ৰীসকলে সামগ্ৰী কিনাৰ ক্ষেত্ৰত বৰ দৰদাম কৰিছিল। মুৰ্চিদাবাদ জিলাৰ বেহৰামপুৰ অঞ্চলত বেলডাংগা আৰু ৰাণাঘাটৰ মাজৰ এশ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ লগা দুঘন্টাৰ সময়খিনিতে ফেৰীৱালাসকলে ততাতৈয়াকৈ কামবোৰ কৰে। অধিকাংশ লোকে এই ৰেলপথৰ ৰাণাঘাট, কিছুমানে কৃষ্ণনগৰ এই দুই মুখ্য ষ্টেচনত নামি দিয়ে। তাৰপৰাই কোনো স্থানীয় ৰেলেৰে তেওঁলোকৰ গাঁওসমূহ আৰু নগৰৰ উপকণ্ঠ অঞ্চল সংযোজিত হয়।
কোনোবাই সঞ্জয়ক একতাৰাৰ দাম সোধে, তেওঁ তিনিশ টকা কয় আৰু গ্ৰাহকে মুখ কোচায়। সঞ্জয়ে কয়, 'এয়া কোনো এলাপেচা বস্তু নহয়, মই বৰ সাৱধানে এয়া বনাও। ইয়াৰ কেঁচামালো উচ্চ মানৰ। ইয়াৰ তলত যে দেখিছে এয়া খাঁটি চামৰা হয়। অন্য এজনে তৰ্ক কৰে যে আমাৰ স্থানীয় মেলাবোৰতে এইবোৰ দেখোন সস্তাতে পায়। সঞ্জয়ে কয় যে আপুনি মেলাত পোৱা বস্তুৰ দৰে এইবোৰ সস্তীয়া নহয় আৰু মোৰো মানুহক ঠগিবৰ বাসনা নাই।
তেওঁ ক’ৰিডৰেৰে আগবাঢ়ে, তেওঁ নিজে সজা বস্তুবোৰ দেখুৱাই যায়। দুই-এপদ সৰু বস্তু বিক্ৰী হয়। “আপুনি হাতেৰে এয়া লিৰিকি-বিদাৰি চাব পাৰে, মোৰ শিল্পকৰ্ম চাবলৈ পইচা নালাগে,” তেওঁ কৈ যায়। এনে সময়তে দৰদাম নকৰাকৈ দম্পতি এহালে একতাৰা এখন কিনে। সঞ্জয়ৰ মুখখন উজ্বল হৈ পৰে। “এই কামত মেহনত আছে - ইয়াৰ সুৰতেই সেয়া গম পাব।”




