নিচেই পুৱাতে সুনীতা সাহুৱে বৰ কষ্টৰে বাগৰ সলাই সুধিলে, “ল’ৰাকেইটা ক’ত আছে?” তেওঁৰ স্বামী বোধৰামে ক’লে যে সিহঁত শুই আছে। তেওঁ হুমুনিয়াহ কাঢ়িলে। এয়া আছিল তেওঁৰ এটা নিদ্ৰাহীন নিশা। বোধৰাম অস্বস্তিত পৰিছিল। তেওঁ কেতিয়াবা ধেমালিতে কৈছিল যে যিকোনো সময়ত য’তে-ত’তে সুনীতা শুই যাব পাৰে।
কিন্তু ২৮ এপ্ৰিলৰ নিশা বোধৰাম আৰু সুনীতা সাহুৰ তিনি পুত্ৰ সন্তানে (বয়স ১২ৰ পৰা ২০ৰ ভিতৰত) মাকৰ হাত-ভৰি, মূৰ আৰু পেট গৰম সৰিয়হৰ তেলেৰে মালিচ কৰিবলৈ ধৰিলে যদিও বিষত তেওঁ কেঁকাবলৈ ধৰিলে। দুৰ্বল কণ্ঠেৰে তেওঁ ক’লে, “মোৰ কিবা হৈছে,” পুৱা বোধৰামে কথাষাৰ মনত পেলাবলৈ চেষ্টা কৰিলে।
লক্ষ্ণৌ জিলাৰ খড়গপুৰ জাগিৰৰ এটা জুপুৰী ঘৰত সাহু পৰিয়াল থাকে। দই দশকৰ আগতে ছত্তীশগড়ৰ বেমেট্ৰা জিলাৰ নিজৰ গাওঁ মাৰোৰ পৰা চিনহাত উন্নয়ন খণ্ডৰ এই গাওঁখনলৈ তেওঁলোক আহিছিল। ৪২ বছৰীয়া বোধৰামে নিৰ্মাণ সংস্থাৰ ৰাজমিস্ত্ৰী হিচাপে কাম কৰে আৰু ৩৯ বছৰীয়া সুনীতাই নিজৰ ঘৰুৱা কাম কৰে।
এপ্ৰিল মাহত উত্তৰ প্ৰদেশত মহামাৰী ক’ভিড-১৯ৰ দ্বিতীয় ঢৌৱে ভয়াৱহ ৰূপ লৈছিল। ২৪ এপ্ৰিলৰ তথ্য মতে ৩৮,০৫৫ জনৰ নতুনকৈ সংক্ৰমণ হৈছিল - এই তথ্য সেই সময়ত সৰ্বাধিক, তথাপিও উত্তৰ প্ৰদেশৰ সংক্ৰমণৰ সংখ্যা ইয়াতকৈ বহুত বেছি আছিল।
“প্ৰকৃত সংক্ৰমিত লোকৰ সংখ্যা উল্লেখিত সংখ্যাৰ তুলনাত ৪/৫ গুণ বেছি হ’ব। বিভিন্ন সংশয়ৰ কাৰণে মানুহে পৰীক্ষা কৰিবলৈ ওলাই নহাৰ ফলতে সংক্ৰমণৰ বহু ঘটনা অৱগত নোহোৱাকৈ থাকি যায়,” ৰাম মনোহৰ লোহিয়া আৰু আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান, লক্ষ্ণৌৰ কমিউনিটি মেডিচিন বিভাগৰ সহকাৰী অধ্যাপিকা ৰশ্মি কুমাৰীয়ে কয়।
ক’ৰনা ভাইৰাছৰ লক্ষণ বুলি বিবেচনা কৰা জ্বৰ, গাৰ বিষ আৰু ডায়েৰিয়া হৈছিল যদিও পৰিয়ালৰ কোনো লোকৰে ক’ভিড-১৯ যিহেতু হোৱা নাই, সেয়ে সুনীতাৰো ক’ভিড সংক্ৰমণ হোৱা নাই বুলি পৰিয়ালটো নিশ্চিত হৈছিল।












