আমি আদিবাসীসকলে সন্তানৰ নামাকৰণৰ সুকীয়া নিয়ম মানো। নদ-নদী, অৰণ্য, মাটি, সপ্তাহৰ বাৰ, বিশেষ এটা দিন নাইবা পূৰ্বপুৰুষৰ পৰা আমি সন্তানৰ নামাকৰণ কৰো। কিন্তু সময় বাগৰাৰ লগে লগে আমি যিদৰে বিচাৰো, তেনেদৰে নিজৰ নাম ৰখাৰ অধিকাৰ আমাৰ পৰা কাঢ়ি নিয়া হৈছে। সংগঠিত ধৰ্ম আৰু ধৰ্মান্তৰণে আমাৰ পৰা এই অনন্য অধিকাৰ কাঢ়ি নিছে। আমাৰ নামবোৰ প্ৰায়ে সলনি কৰা হৈছে আৰু নতুন নাম দিয়া হৈছে। আদিবাসী শিশুৱে চহৰৰ আধুনিক স্কুললৈ গ’লে তাত তাৰে সংগঠিত ধৰ্মৰ মানুহে শিশুহঁতৰ নাম সলনি কৰি পেলায়। শিশুৰ স্কুলৰ প্ৰমাণপত্ৰবোৰত সিহঁতে দিয়া নাম থাকে, তাকে আমি মানিবলৈ বাধ্য হৈ পৰো। এনেকৈয়ে আমাৰ ভাষা, আমাৰ নাম, আমাৰ সংস্কৃতি আৰু ইতিহাসক নিষ্ঠুৰতাৰে মোহাৰি পেলোৱা হয়। নামাকৰণৰ আঁৰত এক অভিসন্ধি আছে। আমাৰ শিপা যি মাটিত আছে, যি মাটিত আমাৰ ইতিহাস মিহলি হৈ আছে, আজি আমি সেই মাটি বিচাৰিছো। তাৰিখ, বাৰ আৰু মাহেৰে যি আমাৰ অস্তিত্ব গঢ় লৈছে, সেই দিন-বাৰ আমি সন্ধান কৰিছো।


Ranchi, Jharkhand
|TUE, AUG 09, 2022
এটা নাম আৰু নামাকৰণৰ অভিসন্ধি
দেশৰ প্ৰথমগৰাকী জনজাতীয় মহিলা ৰাষ্ট্ৰপতিগৰাকীয়ে যেতিয়া কয়, ‘মোৰ আচল নাম দ্ৰৌপদী নাছিল,’ সেই কথাই দেশৰ প্ৰাচীন বাসিন্দা আদিবাসীসকলৰ জনজীৱনৰ দুঃসহ দিনবোৰৰ স্মৃতি মনলৈ আনে। তেওঁৰ মনত যি সন্তাপ, সেয়া বহু আদিবাসীয়ে বুকুত পুহি ৰাখিবলগীয়া হৈছে। যন্ত্ৰণাক্লিষ্ট কবিৰো একেই কথা কবিতাৰ মাজেৰে প্ৰকাশ পাইছে
Poem and Text
Painting
Editor
Translator
কাৰ নাম বা এইটো?
মোৰ জন্ম হৈছিল সোমবাৰে,
সেই বাবে মোক মাতে সোম্ৰা
মোৰ মংগলবাৰে জন্ম,
সেইবাবে মই মংগল, মংগাৰ, নতুবা মংৰা।
মোৰ আকৌ ওপজা দিন বৃহস্পতি বাৰ,
সেই বাবে মোক মাতে বিৰছা
সপ্তাহটোৰ বাৰবোৰৰ দৰে
মই ৰৈ আছিলো সময়ৰ বুকুত,
কিন্তু সিহঁতবোৰে আহি সলাই পেলালেহি মোৰ নাম আৰু
নোহোৱা কৰি পেলালে মোৰ অস্তিত্বক চিহ্নিত কৰা
সেই বাৰ আৰু তাৰিখবোৰ।
এতিয়া মই হয়তো ৰমেশ, নৰেশ অথবা মহেশ
নতুবা এলবাৰ্ট, গিলবাৰ্ট, আলফ্ৰেড।
যিবোৰ দেশৰ বায়ু-পানী-মাটিয়ে মোৰ জীৱন গঢ় দিয়া নাই
যাৰ ইতিহাস মোৰ সোঁৱৰণত নাই,
তেনেকুৱা প্ৰতিখন দেশৰ নামবোৰ আনি মোক মতা হয়
সিহঁতৰ সেইবোৰৰ মাজত মই
মোৰ ইতিহাস বিচাৰি চলাথ কৰোঁতে ভাৱ হ’ল
যে, এই পৃথিৱীৰ প্ৰতিটো চুকে-কোণে,
প্ৰতিটুকুৰা ঠাইত, মোকেই হত্যা কৰা হয়
আৰু প্ৰতিটো হত্যাৰ থাকে একোটা সুন্দৰ নাম।
অনুবাদ: ৰুবী বৰুৱা দাস
Want to republish this article? Please write to [email protected] with a cc to [email protected]
Donate to PARI
All donors will be entitled to tax exemptions under Section-80G of the Income Tax Act. Please double check your email address before submitting.
PARI - People's Archive of Rural India
ruralindiaonline.org
https://ruralindiaonline.org/articles/এটা-নাম-আৰু-নামাকৰণৰ-অভিসন্ধি

