গুৰপ্ৰতাপ সিং একাদশ শ্ৰেণীৰ ছাত্ৰ আৰু তেওঁৰ ১৩ বছৰীয়া সম্পৰ্কীয় ভাই সুখবীৰ সপ্তম শ্ৰেণীতপঢ়ে।সিহঁত বৰ্তমান বিদ্যালয়ৰ পৰা দূৰত আছে, কিন্তু অন্যধৰণৰ শিক্ষাৰ বাবে ওলাই আহিছে।
“আমি ইয়াত কৃষকসকলৰ এলেকাবোৰ সদায় নিশা পহৰা দি আহিছো আৰু আমি এয়া কৰি থাকিম,”সিংঘু-দিল্লী সীমাৰ হাৰিয়ানাৰ সোণিপটত১৭ বছৰীয়া গুৰপ্ৰতাপে মোক কৈছিল।
তেওঁলোক সেই সহস্ৰাধিক কৃষকসকলৰ মাজত বিলীন হৈছে যিসকল দিল্লীৰ বিভিন্ন সীমাত একত্ৰিত হৈছে। কিছুমান কৃষক ৰাজধানীত কিছু সপ্তাহ পূৰ্বে প্ৰৱেশ কৰিছে আৰু উত্তৰ দিল্লীৰ বুৰাড়ী খেলপথাৰত শিবিৰ পাতি আছে।
চলিত বছৰৰ ছেপ্টেম্বৰত সংসদত গৃহীত হোৱা তিনিওখন কৃষি আইন বাতিল কৰাৰ দাবীত তেওঁলোকৰ সকলো ঠাইতে ডাঙৰ আৰু শান্তিপূৰ্ণ প্ৰতিবাদ দুৰ্বল হোৱা পৰিলক্ষিত হোৱা নাছিল। আৰু আগলৈ এই কৃষকসকলে দীঘলীয়া যুঁজ দিয়াৰ বাবে সাজু আছে, তেওঁলোকনিজৰ দাবী আৰু উদ্দেশ্যক লৈ দৃঢ় সংকল্পবদ্ধ আৰু প্ৰতিশ্ৰুতিবদ্ধ।
সন্ধিয়া গভীৰ হৈ আহিছিল যেতিয়া মই সিংঘু আৰু বুৰাড়ীত তেওঁলোকৰ দ্বাৰা স্থাপন কৰা শিবিৰবোৰৰ কাষেৰে পাৰ হৈছিলো।দেখিছিলো যে কিছুমান মানুহে শোৱাৰ বাবে সাজু হৈছিল। কিছুমান কৃষক ট্ৰাকত আছিল, কিছুমান পেট্ৰল পাম্পত শুই আছিল, কিছুমানেএকেলগে গান গাই ৰাতি পাৰ কৰি আছিল। এই সকলো ঠাইতে আৱেগ,ভ্ৰাতৃত্ববোধ, সংকল্প আৰু প্ৰতিশ্ৰুতিৰ ভাবনা পৰিলক্ষিত হৈছিল।
কৃষকসকলে এই তিনিখন আইনৰ বিৰোধ কৰি আছে- কৃষক উৎপাদন ব্যৱসায় আৰু বাণিজ্য(সংবৰ্ধন আৰু সুচলকৰণ)আইন,২০২০; কৃষক(সবলীকৰণ আৰুসুৰক্ষা)মূল্য নিশ্চিতিকৰণ আৰু কৃষি সেৱা চুক্তি আইন,২০২০ আৰু অত্যাৱশ্যকীয় সামগ্ৰী (সংশোধন)আইন,২০২০।
তেওঁলোকে এই আইনবোৰক, কৃষিত তেওঁলোকৰ অধিকাৰ আৰু অংশীদাৰীত্বক নিশ্চিতভাবে দেশৰ সকলোতকৈ শক্তিশালী নিগমক গতাই দিয়াৰ ৰূপত দেখিছে, যিয়ে তেওঁলোকক এই বৃহৎ ব্যৱসায়ীসকলৰ দয়াৰ ওপৰত জীয়াই থকাৰ বাবে বাধ্য কৰিব। "এয়া বিশ্বাসঘাটকতাৰ নহয় যদি কি?" আন্ধাৰৰ মাজৰ পৰা এজনৰ মাত ভাঁহি আহিছিল।
“আমাৰ কৃষকসকলৰ পূৰ্বতেও এই কোম্পানীবোৰৰ বিষয়ে অভিজ্ঞতা আছে-আৰু আমি সিহঁতক বিশ্বাস নকৰোঁ। সিহঁতে আমাক আগতেও ঠগিছে, আৰু আমি মুৰ্খ নহয়।আমি আমাৰ অধিকাৰৰ বিষয়ে জ্ঞাত," সেই নিশা মই সিংঘুত স্থাপন কৰা শিবিৰবোৰৰ মাজেৰে পাৰ হৈ যাওঁতে বহুতৰ মাজৰ পৰা এজনে কৈ উঠিছিল।
যিহেতু চৰকাৰে এই আইনকেইখন প্ৰত্যাহাৰৰ সম্ভাৱনা নাকচ কৰিছে, তেওঁলোক এই অচলাৱস্থাৰ বাবে চিন্তিত নহয়নে? তেওঁলোকে টিকি থাকিব পাৰিবনে?
"আমি দৃঢ়,”পাঞ্জাৱৰ অন্য এগৰাকী কৃষকে কয়। আমি আমাৰ খাদ্য নিজ ৰান্ধিছো আৰু বেলেগকো বিতৰণ কৰিছো। “আমি কৃষক,কেনেকৈ দৃঢ় হৈ থাকিব লাগে আমি জানো।"













