উত্তৰ প্ৰদেশত এপ্ৰিল মাহত অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনত বাধ্যতামূলক ডিউটি কৰি ক’ভিড-১৯ত মৃত্যু হোৱা শিক্ষকৰ সংখ্যা উত্তৰ প্ৰদেশ শিক্ষক মহাসংঘ আৰু তাৰ সহযোগী সংস্থাবোৰে লগ লাগি শেহতীয়াকৈ উন্নীত কৰিছে, সেই তালিকাৰ মতে এতিয়া মৃতকৰ সংখ্যা ১,৬২১; তাৰে ১,১৮১ গৰাকী পুৰুষ আৰু ৪৪০ গৰাকী মহিলা। ইংৰাজী আৰু হিন্দী দুয়োটা ভাষাতে তালিকাখন পাৰিৰ হাতত আছে।
১০ মে’ত আমি এক প্ৰতিবেদন প্ৰকাশ কৰিছিলো, সেয়া তলত পাব। তাতে এই মানৱসৃষ্ট বিপৰ্যয় কেনেকৈ নামি আহিল, তাৰ স্পষ্ট বিৱৰণ আছে। ৰাজ্যিক নিৰ্বাচন আয়োগ (এছইচি) আৰু উত্তৰ প্ৰদেশ চৰকাৰে ভোটগণনা স্থগিত কৰাৰ বাবে শিক্ষক মহাসংঘৰ আবেদন বাৰম্বাৰ নাকচ কৰিছিল। সেই সময়ত ভোটগণনাৰ দায়িত্ব পালন কৰা আৰু ক’ভিড-১৯ আক্ৰান্ত হৈ মৃত্যুমুখত পৰা শিক্ষকৰ সংখ্যা আছিল ৭১৩, তাৰে ৫৪০ গৰাকী পুৰষ আৰু ১৭৩ গৰাকী মহিলা।
এইখন ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ত প্ৰায় ৮ লাখ শিক্ষক-শিক্ষয়িত্ৰী আছে। তাৰে হাজাৰ হাজাৰজনক ভোটগ্ৰহণৰ দায়িত্ব দিয়া হৈছিল। সেই নিৰ্বাচন আছিল বিশাল পৰিসৰৰ। ১৩ লাখ প্ৰাৰ্থীয়ে ৮ লাখ আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল আৰু ভোটদাতাৰ সংখ্যা ১৩ কোটি। ভোটকেন্দ্ৰ বিষয়া (শিক্ষক-শিক্ষয়িত্ৰী আৰু আনসকল)সকলে নিশ্চয়কৈ হাজাৰ হাজাৰ লোকৰ সৈতে তেনেই নগণ্য সুৰক্ষা প্ৰটকলৰ ব্যৱস্থা থকা পৰিৱেশত সংস্পৰ্শলৈ আহিছিল।
উত্তৰ প্ৰদেশৰ পঞ্চায়ত নিৰ্বাচন স্থগিত ৰখাৰ অতীতত পূৰ্বদৃষ্টান্ত আছে, উদাহৰণ স্বৰূপে ১৯৯৪ৰ এপ্ৰিলৰ পৰা ১৯৯৫লৈ পিছুওৱাৰ কথা ক’ব পাৰি। তেন্তে “কিয় এই অভূতপূৰ্ব বিশ্ব মহামাৰী আৰু মানৱ সংকটৰ এনে এক পৰিস্থিতিত ততাতয়াকৈ নিৰ্বাচন অনুষ্ঠিত কৰা হ’ল?” ৰাজ্যিক নিৰ্বাচন আয়োগৰ প্ৰাক্তন আয়ুক্ত সতীশ কুমাৰ আগৰৱালাই প্ৰশ্ন কৰে।
নিৰ্বাচন পতা আৰু স্কুল শিক্ষক তথা আন চৰকাৰী কৰ্মচাৰীৰ মত্যুৰ মাজত কোনোধৰণৰ যোগসূত্ৰ থকাৰ কথা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে অস্বীকাৰ কৰি আহিছে। “দিল্লীত নিৰ্বাচন আছিল নেকি? মহাৰাষ্ট্ৰত নিৰ্বাচন আছিল নেকি?” নয়ডাত ১২ মে’ৰ দিনা সাংবাদিকক তেওঁ এনেদৰে প্ৰশ্ন কৰে। এই বিপৰ্যয়ৰ বাবে এলাহবাদ উচ্চ ন্যায়ালয়কহে দায়ী কৰিবলৈ চেষ্টা চলোৱা হৈছে। মুখ্যমন্ত্ৰী আদিত্যনাথে সাংবাদিকৰ আগত কৈছেঃ “উচ্চ ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰা হৈছিল।”
এয়া আছিল অৰ্দ্ধসত্য। ন্যায়ালয়ে নিৰ্বাচন স্থগিত ৰখাৰ এখন আৰ্জি প্ৰত্যাখ্যান কৰিছিল। সেয়া আছিল এখন ব্যক্তিগত আবেদনপত্ৰ, ৰাজ্য চৰকাৰে দাখিল কৰা নহয়। (সাংবিধানিক নিয়ম অনুসৰি পঞ্চায়ত নিৰ্বাচন ২০২১ৰ ২১ জানুৱাৰীত শেষ হ’ব লাগিছিল)। অৱশ্যে ক’ভিড-১৯ নিয়মাৱলীখিনিৰ কঢ়া অনুপালনৰ মাজেৰে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ন্যায়ালয়ে নিৰ্দেশ দিছিল।
এলাহবাদ উচ্চ ন্যায়ালয়ে ৬ এপ্ৰিলৰ দিনা কৈছিল যে ৰাজ্যখনে সকলো সুৰক্ষাজনিত নিয়মাৱলী অনুপালন কৰিব আৰু উত্তৰ প্ৰদেশ চৰকাৰে ‘নিৰ্বাচনী প্ৰচাৰৰ সময়ত মানিবলগীয়া নিয়মাৱলী ইতিমধ্যে ঘোষণা কৰিছে।’ ন্যায়ালয়ে ইয়াকো নিৰ্দেশ দিছিল যে “পঞ্চায়ত নিৰ্বাচন এনেদৰে পৰিচালনা কৰিব লাগিব যাতে ক’তো মানুহৰ সমাগম নহয়। সেয়া লাগিলে মনোনয়ন পত্ৰ দাখিলেই হওঁক বা আচল ভোটদান- সকলোতে ক’ভিড-১৯ নিয়মাৱলী অনুপালন কৰাটো নিৰীক্ষণত ৰাখিব লাগিব।” আন ভাষাত ক’বলৈ হ’লে “উচ্চ ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে” নিৰ্বাচন পতা নহ’ল। ন্যায়ালয়ৰ নিৰ্দেশ চৰকাৰে কৰা উলংঘাই শিক্ষকৰ বাবে কাল মাতি আনিলে, শিক্ষক সংন্থাই কয়।
“আনকি সন্মানীয় উচ্চতম ন্যায়ালয়ৰ এক শুনানিত মহাসংঘই অধিবক্তাযোগে নিজৰ স্থিতি ব্যাখ্যা কৰিছিল। কিন্তু চৰকাৰী উকীলে সন্মানীয় উচ্চতম ন্যায়ালয়ক নিশ্চিতি দিছিল যে মানুহক ক’ভিড সংক্ৰমণ পৰা সুৰক্ষিত কৰি ৰাখিবলৈ থকা সকলো নিয়মাৱলী ভোটগণনাৰ সময়ত কঠোৰভাৱে অনুসৰণ কৰা হ’ব,” শিক্ষক মহাসংঘই উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথলৈ প্ৰেৰণ কৰা শেহতীয়া পত্ৰখনত এইখিনি কথা কোৱা হৈছিল।
পত্ৰখনত এঠাইত লিখা বাক্যশাৰী হৃদয় বিদাৰকঃ “এয়া দুৰ্ভাগ্যজনক যে প্ৰাথমিক শিক্ষা বিভাগ কিম্বা উত্তৰ প্ৰদেশ চৰকাৰ কোনোৱেই এই বৃহৎ সংখ্যক শিক্ষক-শিক্ষয়িত্ৰীৰ মৃত্যুত কোনোধৰণৰ শোক প্ৰকাশ কৰা নাই।”
ফেচ মাস্ক পিন্ধা আৰু সামাজিক দূৰত্ব বজাই ৰখা আদি নিয়মকে ধৰি “নিষ্ঠাৰে পালন কৰিবলগীয়া” সেই সকলো প্ৰটকল “অনুসৰণ নকৰা”ৰ বাবে এছইচিলৈ এক ন’টিচ প্ৰেৰণ কৰিছিল। যদি চৰকাৰ নাইবা এছইচি ন্যায়ালয়ৰ ৰায়ক লৈ সন্তুষ্ট নাছিল, তেন্তে তেওঁলোকে উচ্চতম ন্যায়ালয়ত আবেদন জনাব পাৰিলেহেঁতেন। তেওঁলোকে তেনে নকৰিলে। আনকি তাৰে আগত, মাৰ্চ মাহৰ শেষৰটো সপ্তাহত, বিশাল হাৰত উদযাপিত ফাকুৱা উৎসৱতো ক’ভিড-১৯ প্ৰটকল বলৱৎ কৰাৰ কোনো সঁচা প্ৰচেষ্টা হাতত লোৱা দেখা নগ’ল।
গুৰুত্বপূৰ্ণ কথা যে পঞ্চায়ত নিৰ্বাচনৰ ডিউটিৰ পিছত ক’ভিড-১৯ত মৃত্যু হোৱা ভোটকেন্দ্ৰ বিষয়া (শিক্ষক আৰু আন চৰকাৰী কৰ্মচাৰী)ৰ পৰিয়াললৈ ৰাজ্য চৰকাৰে অতিকমেও ১ কোটি টকাৰ এক্স-গ্ৰেচিয়া দিবই লাগিব বুলি ১২ মে’ৰ দিনা এলাহবাদ উচ্চ ন্যায়ালয়ে কৈছিল। ন্যায়াধীশ সিদ্ধাৰ্থ বাৰ্মা আৰু অজিৎ কুমাৰৰ বিচাৰপীঠত কোৱা হৈছিলঃ “এয়া নিৰ্বাচনৰ সময়ত কোনোৱে স্বেচ্ছাই সেৱা আগবঢ়োৱা ঘটনা নহয়, বৰঞ্চ নিৰ্বাচনৰ দায়িত্ব দিয়াজনক নিৰ্বাচনৰ সময়ত কৰ্তব্যত থকাটো বাধ্যতামূলক কৰি দিয়া হৈছিল, যদিওবা তাৰে কিছুমানে সেই দায়িত্ব পালনত অনিচ্ছা প্ৰকাশ কৰিছিল।”
মন কৰিবলগীয়া কথাঃ দেশৰ কোনো ন্যায়ালয়ে উত্তৰাখণ্ড বা উত্তৰ প্ৰদেশৰ চৰকাৰক কুম্ভমেলা এবছৰ আগুৱাবলৈ নিৰ্দেশ দিয়া নাছিল। হৰিদ্বাৰৰ কুম্ভমেলা প্ৰত্যেক ১২ বছৰৰ মুৰে মুৰে পতা হয় আৰু এইবাৰ ২০২২ত হ’বলগীয়া আছিল। কিন্তু পঞ্চায়ত নিৰ্বাচনৰ সমসাময়িকভাৱে কুম্ভমেলাও ভালেমান দিন চলা প্ৰমুখ ঘটনা আছিল। কুম্ভমেলা ২০২২ৰ পৰিৱৰ্তে ২০২১ত পতাৰ আৱশ্যকতা সন্দৰ্ভত ভালেমান জোতিষশাস্ত্ৰ আৰু ধৰ্মীয় যুক্তিৰ আশ্ৰয় লোৱা পৰিলক্ষিত হৈছিল। কিন্তু উত্তৰ প্ৰদেশত আগন্তুক বৰ্ষত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ আগেয়ে ‘সফলতাৰে’ পঞ্চায়ত নিৰ্বাচন আৰু কুম্ভ মেলা পতা, যি দুটা সম্পূৰ্ণ দুৰ্যোগময় নোহোৱা হ’লে সফলতাৰ কাহিনী হিচাপে প্ৰক্ষেপ কৰা গ’লহেঁতেন- এই ৰাজনৈতিক স্বাৰ্থৰ বিষয়টোত খুব কমেইহে আলোচনা হৈছিল।
উক্ত চৰম দুৰ্ভাগ্যজনক ঘটনাৰ ওপৰত পাৰিৰ (১০ মে’ৰ) এয়া মূল প্ৰতিবেদনঃ













