“তাই ঘণ্টাৰ পিছত ঘণ্টা ধৰি কান্দে, মাকক বিচাৰি আনিবলৈ কয়,” শিশুপাল নিষাদে তেওঁৰ সাত বছৰীয়া জীয়ৰী নব্যাৰ কথা কৈছে। “কিন্তু তাইক মই ক’ৰ পৰা ঘূৰাই আনিম? কেতিয়াবা মোৰ নিজৰে মগজু অচল হৈ পৰে। কিমান সপ্তাহ আমি ভালকৈ শোৱা নাই,” উত্তৰ প্ৰদেশৰ সিংতৌলি গাঁৱৰ ৩৮ বছৰ বয়সীয়া শ্ৰমিকজনে কয়।
শিশুপালৰ পত্নী মঞ্জু, অৰ্থাৎ নব্যাৰ মাকে ‘শিক্ষামিত্ৰ’ বা অৰ্ধশিক্ষক হিচাপে জালৌন জিলাৰ কুঠৌণ্ড ব্লকৰ সিংতৌলি প্ৰাথমিক বিদ্যালয়ত কাম কৰিছিল। উত্তৰ প্ৰদেশৰ পঞ্চায়ত নিৰ্বাচনৰ বাধ্যতামূলক দায়িত্ব নিৰ্বাহ কৰাৰ পিছত ক’ভিড-১৯ আক্ৰান্ত হৈ মৃত্যু হোৱা ১,৬২১ স্কুল শিক্ষকৰ তালিকাখনৰ ১,২৮২ নম্বৰত তেওঁৰ নাম আছে। অৱশ্যে মৃত্যুৰ আগলৈকে পাঁচজনীয়া পৰিয়ালটোৰ বাবে মঞ্জু নিষাদ কেৱল এটা নম্বৰ নাছিল।
তাই তিনিটা সন্তানৰ মাতৃ হোৱাৰ লগতে পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল। মাহেকত মাত্ৰ ১০,০০০ টকা পাইছিল, কোনো ধৰণৰ সুৰক্ষা অবিহনে ঠিকাভিত্তিক কামৰ বাবে শিক্ষামিত্ৰক দিয়া এই টকা তেনেই পুতৌজনক। তাকো ১৯ বছৰ ধৰি কাম কৰি অহা মঞ্জুৰ দৰে শিক্ষয়িত্ৰীৰ ক্ষেত্ৰতো। শিক্ষামিত্ৰই আচলতে পঢ়োৱা কামো কৰে, কিন্তু শিকন সহায়ক হিচাপে তেওঁলোকক বৰ্গীকৃত কৰা হৈছে।
শিশুপালে নিজে বুণ্ডেলখণ্ড এক্সপ্ৰেছৱেৰ নিৰ্মাণক্ষেত্ৰত শ্ৰমিক হিচাপে দিনে ৩০০ টকাত কাম কৰিছিল, কিন্তু “কাম কৰি থকা এক্সপ্ৰেছৱেৰ অংশটো সম্পূৰ্ণ হোৱাৰ দুমাহ আগলৈকেহে কাম কৰিব পালো। তাৰ পিছত ওচৰত ক’তো নিৰ্মাণৰ কাম চলি থকা নাই। মোৰ পত্নীৰ উপাৰ্জনৰ ওপৰতে আমি যোৱা কেইমাহমান ধৰি নিৰ্ভৰ কৰি আহিছো।”
উত্তৰ প্ৰদেশত ১৫, ১৯, ২৬ আৰু ২৯ এপ্ৰিলত, চাৰিটা পৰ্য্যায়ত অনুষ্ঠিত হোৱা বিয়াগোম পঞ্চায়ত নিৰ্বাচনত হাজাৰ হাজাৰ শিক্ষকক নিৰ্বাচনৰ দায়িত্ব দিয়া হৈছিল। শিক্ষকসকলক প্ৰথমে এদিনৰ প্ৰশিক্ষণ দিয়া হৈছিল, তাৰপিছত দুদিনৰ ভোটকেন্দ্ৰৰ কাম। তাৰে এদিন প্ৰস্তুতিৰ আৰু আনটো দিন আচল ভোটদানৰ দিনা। পিছলৈ হাজাৰ হাজাৰ শিক্ষকক আকৌ ২ মে’ৰ দিনা ভোটগণনাৰ বাবে দায়িত্বত থাকিবলৈ নিৰ্দেশ দিয়া হৈছিল। এই দায়িত্ববোৰ বাধ্যতামূলক আছিল আৰু ভোটগণনা স্থগিত ৰাখিবলৈ শিক্ষক সংন্থাই জনোৱা আবেদন উপেক্ষা কৰা হৈছিল।
উত্তৰ প্ৰদেশ শিক্ষক মহাসংঘ (শিক্ষকৰ সংস্থা)য়ে প্ৰস্তুত কৰা ১,৬২১ জনৰ মৃতকৰ তালিকাত ১৯৩ গৰাকী শিক্ষামিত্ৰ আছে। তাতে মঞ্জুকে ধৰি ৭২ গৰাকী মহিলা। ১৮ মে’ৰ দিনা উত্তৰ প্ৰদেশ প্ৰাথমিক শিক্ষা বিভাগে জাৰী কৰা এক প্ৰেছ বিজ্ঞপ্তিযোগে কৈছে যে নিৰ্বাচন আয়োগৰ নিৰ্দেশাৱলী মতে দায়িত্ব নিৰ্বাহ কৰোঁতে মৃত্যু হোৱাসকলক ক্ষতিপূৰণ দিয়া হ’ব। আকৌ শিক্ষকৰ ক্ষেত্ৰত যিসকলৰ কৰ্তব্যস্থলত নাইবা ঘৰলৈ আহি থকা সময়ত মৃত্যু হৈছে, তেওঁলোকহে ক্ষতিপূৰণৰ যোগ্য। প্ৰেছ বিজ্ঞপ্তিখনত কোৱা হৈছেঃ “এই সময়চোৱাত যদি কোনো ব্যক্তিৰ যিকোনো কাৰণতে হওঁক, মৃত্যু হৈছে, তেওঁক ৰাজ্যিক নিৰ্বাচন আয়োগৰ অনুমোদন সাপেক্ষে ক্ষতিপূৰণৰ বাবে যোগ্য বুলি বিবেচনা কৰা হ’ব।”








