হস্পিতালৰ বিচনাত অক্সিজেন লৈ মৃত্যুৰ সৈতে যুঁজি থকা অৱস্থাতো ৰিতেশ মিশ্ৰাৰ ফোনটো অহৰহ বাজি আছিল। তেওঁক ফোন কৰিছিল ৰাজ্যিক নিৰ্বাচন আয়োগ আৰু চৰকাৰী কৰ্তৃপক্ষই। উত্তৰ প্ৰদেশৰ পঞ্চায়ত নিৰ্বাচনৰ ২ মে’ত হ’বলগীয়া ভোট গণনাৰ দিনটোত মৃত্যুৰ দুৱাৰডলিত থকা এইজন স্কুল শিক্ষক উপস্থিত থকা-নথকাটো নিশ্চিত কৰি জনোৱাৰ দাবীত তেওঁলোকে ফোন কৰি আছিল।
“ফোনটো অহৰহ বাজিয়ে থাকে,” তেওঁৰ পত্নী অপৰ্ণাই কয়। “মই ফোনটো ধৰি ক’লো যে ৰিতেশ হস্পিতালত ভৰ্ত্তি হৈ আছে আৰু দায়িত্ব পালিব নোৱাৰিব, তেতিয়া তেওঁলোকে ৰিতেশ হস্পিতালত থকাৰ প্ৰমাণ হিচাপে তেওঁৰ ফটোগ্ৰাফ এখন বিচাৰিলে। মই দিলো। সেই ফটোখন মই আপোনালৈ পঠিয়াম,” তাই পাৰিক কয়। আৰু পঠিয়ালে।
গিৰীয়েকক নিৰ্বাচনৰ কামত নাযাবলৈ কিমান কাবৌ-কাকূতি কৰিছিল, সেই বিষয়ে ৩৪ বৰ্ষীয় অপৰ্ণা মিশ্ৰাই আমাক কয়। “কামৰ সূচীত তেওঁ নাম অহাৰ দিন ধৰি মই তেওঁক নাযাবলৈ কৈ আহিছিলো,” তাই কয়। “কিন্তু তেওঁ বাৰে বাৰে দোহাৰি কৈ থাকিল যে নিৰ্বাচনৰ কৰ্তব্য বাতিল কৰিব নোৱাৰি। কৰ্তব্য পালন নকৰিলে কৰ্তৃপক্ষই আনকি তেওঁৰ বিৰুদ্ধে এজাহাৰো দিব পাৰে।”
ক’ভিড-১৯ত ভুগি ২৯ এপ্ৰিলৰ দিনা ৰিতেশ ঢুকাল। পঞ্চায়ত নিৰ্বাচনৰ কৰ্তব্যৰ পিছত একেদৰে মৃত্যুমুখত পৰা ৭০০ৰো অধিক স্কুলীয়া শিক্ষকৰ মাজৰ এজন এই ৰিতেশ। পাৰিৰ হাতত থকা সম্পূৰ্ণ তালিকাখনৰ মতে মুঠ সংখ্যা ৭১৩, তাৰে ৫৪০ গৰাকী শিক্ষক আৰু ১৭৩ গৰাকী শিক্ষয়িত্ৰী। তালিকাখন এতিয়াও দীঘল হৈ গৈ আছে। এই ৰাজ্যখনত চৰকাৰী প্ৰাথমিক বিদ্যালয়ত প্ৰায় ৮ লাখ শিক্ষক-শিক্ষয়িত্ৰী আছে, তাৰে দহ সহস্ৰাধিকক নিৰ্বাচনৰ দায়িত্বত পঠিওৱা হৈছিল।
সীতাপুৰ সদৰ জিলাত পৰিয়ালৰ সৈতে বাস কৰা সহকাৰী অধ্যাপক ৰীতেশে লক্ষ্ণৌৰ গোসাইগঞ্জৰ এখন প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা কৰিছিল। তেওঁক ১৫, ১৯, ২৬ আৰু ২৯ এপ্ৰিলত হোৱা চাৰিটা পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনত নিৰ্বাচনী বিষয়া হিচাপে ওচৰৰে প্ৰাথমিক বিদ্যালয় এখনত দায়িত্ব দিয়া হৈছিল।












