“মই বিদ্যালয়লৈ যোৱাৰ আগতে এই কামবোৰ কৰি থৈ যাব লাগে, মই নকৰিলে কোনে কৰিব?” মাকৰ গাখীৰ খুৱাবলৈ দমৰা পোৱালীটোৰ এৰাল খুলি দিয়া ১৫ বছৰীয়া কিৰণে উত্তৰ দিয়ে। তেতিয়া পুৱা ৫ বাজিছিল। তাইৰ অসুখীয়া মাক আৰু ভায়েক ৰবি তেতিয়াও তেওঁলোকৰ একোঠালীয়া ঘৰটোত শুয়েই আছিল। তাই ঘৰ সৰা-পোচা কৰাৰ আগতে দমৰাটো আকৌ গোহালিত বান্ধিবও লাগিব। তাৰ পিচত তাইৰ ককাকে গাইজনী খীৰাব।
তাই সদায়ৰ দৰেই সোনকালেই উঠিল, কিন্তু আজি তাই কাম কৰিবলৈ বা বিদ্যালয়লৈ যোৱাৰ কথা চিন্তা কৰা নাই। আজি তাইৰ মাহেকীয়া ঋতুস্ৰাৱৰ প্ৰথম দিন আৰু তাই বৰ ভাগৰুৱা অনুভৱ কৰিছে। তাতে তাইৰ এই দিনকেইটাত পেট খামুচি ধৰাটোও অতিমাৰীৰ পিছত বাঢ়িছে। তথাপিও তাই তাইৰ কামখিনি পুৱা ৬.৩০ বজাৰ আগতে শেষ কৰিব লাগিব। “পুৱাৰ শ্ৰেণী ৭ বজাত আৰম্ভ হয় আৰু মোৰ খোজ কাঢ়ি বিদ্যালয় পাবলৈ ২০-২৫ মিনিট লাগে,” তাই কয়।
কিৰণ দেৱী পঢ়া চৰকাৰী বিদ্যালয়খন উত্তৰ প্ৰদেশৰ চিত্ৰকূট জিলাৰ কাৰৱি টেহছিলৰ সিহঁতৰ ঘৰৰ পৰা ২ কি.মি. দূৰত। কিৰণ সেই বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰী। তাই তাইৰ ভায়েক ৰবি, ৪০ বছৰীয়া মাক পুণম দেৱী আৰু ৬৭ বছৰীয়া ককাক খুশিৰামৰ সৈতে বাস কৰে। তাইৰ ককাকে তহঁতৰ ঘৰৰ ঠিক পিছফালে থকা ৮০০ বৰ্গফুট খেতি মাটিডোখৰ চোৱা-চিতা কৰে, য’ত তেওঁলোকে ঘেঁহু, বুট আৰু কেতিয়াবা বতৰৰ শাক-পাচলিৰ খেতি কৰে। পুণমৰ হাত আৰু আঠুৰ অসহনীয় বিষ যাৰ বাবে তেওঁ কাম কৰিব নোৱাৰে যাৰ ফলত কিৰণৰ দায়িত্ব দুগুণে বাঢ়িছে।
কিৰণৰ ৰুটিনখনেই তাইৰ বাবে যন্ত্ৰনাদায়ী হৈ পৰিছে। “মোৰ ঘৰৰ সৰু-সুৰা কাম কৰাত আপত্তি নাই, কেৱল মোৰ মাহেকীয়া ঋতুস্ৰাৱৰ সময়ত পোট খামুচি ধৰাটোৰ বাবেহে সমস্যা হয়।”












