সেই নিশা বিক্ৰম ঘৰলৈ উভতি অহা নাছিল, মাক প্ৰিয়াও সিমান উদ্বিগ্ন হোৱা নাছিল৷ সি কামাঠিপুৰাৰ আন এটা পথত থকা ‘ঘৰৱালি’ৰ ঘৰত কাম কৰি আছিল আৰু প্ৰায়েই নিশা ২ বজাত অথবা কাম কৰি কৰ্মস্থলীতেই শুই গৈছিল আৰু পিছদিনা পুৱাহে ঘৰলৈ উভতিছিল৷
মাকে তালৈ ফোন কৰিছিল যদিও কোনো উত্তৰ পোৱা নাছিল। ৮ আগষ্টত অৰ্থাৎ পিছদিনা সন্ধিয়ালৈও যেতিয়া সি ঘৰ গৈ পোৱা নাছিল, তেতিয়া ধীৰে ধীৰে মাক উদ্বিগ্ন হৈ পৰিছিল। তেওঁ চেণ্ট্ৰেল মুম্বাইৰ নিকটৱৰ্তী নাগপাড়া আৰক্ষী থানাত ব্যক্তি নিৰুদ্দেশৰ এখন এজাহাৰ দাখিল কৰিছিল। পিছদিনা পুৱা আৰক্ষীয়ে চিচিটিভিৰ ফুটেজ পৰীক্ষণ আৰম্ভ কৰিছিল। ‘‘তাক মুম্বাই চেণ্ট্ৰেলৰ এটা মলৰ কাষত ফুটব্ৰিজ এখনৰ কাষত দেখা গৈছিল’’, প্ৰিয়াই এনেদৰে কয়।
তেওঁৰ উদ্বিগ্নতা ক্ৰমাৎ বৃদ্ধি পাইছিল। ‘‘যদি তাক কোনোবাই ধৰি লৈ গৈছে? তাৰ নতুন বেমাৰটো (ক’ভিড) হৈছে নেকি?’’ তেওঁ আশংকা কৰিছিল। ‘‘এই এলেকাত যদি কাৰোবাৰ কিবা হয়ও, কোনেও খাতিৰ নকৰে’’, তেওঁ কৈছিল।
বিক্ৰমে কিন্তু নিজৰ পৰিকল্পনা অনুসৰিয়েই যাত্ৰা আৰম্ভ কৰিছিল। ৩০ বছৰীয়া, পেছাত যৌনকৰ্মী তাৰ মাকে লকডাউনৰ সময়ত কোনো কাম কৰিব পৰা নাছিল আৰু তেওঁলোকৰ অৱস্থা দিনে দিনে বেয়ালৈ ঢাল খাইছিল, ঋণৰ বোজা বাঢ়িছিল। তাৰ ৯ বছৰীয়া ভনীয়েক ৰিদ্ধি মদনপুৰাৰ হোষ্টেলৰ পৰা ঘৰলৈ উভতি আহিছিল আৰু গোটেই পৰিয়ালটো এনজিঅ’ই বিতৰণ কৰা সাহায্যৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছিল। (এই কাহিনীৰ আটাইবোৰ চৰিত্ৰৰ নাম সলাই দিয়া হৈছে)
মাৰ্চৰ লকডাউনৰ সময়ত বাইকুল্লাৰ যি বিদ্যালয়ত বিক্ৰমে পঢ়ি আছিল, সেয়াও বন্ধ হৈ পৰিছিল। সেয়ে ১৫ বছৰীয়া বিক্ৰমে ইটো-সিটো বিভিন্ন ধৰণৰ কাম কৰিবলগীয়া হৈছিল।
পৰিয়ালটোক ৰান্ধিবলৈ কেৰাচিন ক্ৰয়ৰ বাবে প্ৰতি দিনে ৬০-৮০ টকাৰ প্ৰয়োজন হৈছিল। কামাঠিপুৰাৰ সেই সৰু ঘৰটোৰ ভাড়া দিবলৈকে তেওঁলোকে সংগ্ৰাম কৰিবলগীয়া হৈছিল। তেওঁলোকক ঔষধ ক্ৰয় কৰিবলৈ আৰু অন্যান্য ধাৰ পৰিশোধ কৰিবলৈও ধনৰ প্ৰয়োজন হৈছিল। প্ৰিয়াই তাইৰ গ্ৰাহক আৰু অন্যান্য স্থানীয় লোকৰ পৰা ধাৰ লৈছিল। বছৰ বাগৰি যোৱাৰ লগে লগে ধাৰৰ সেই পৰিমাণ গৈ সূতে-মূলে ৬২,০০০ টকা হৈছিল। প্ৰিয়াই ইয়াৰে কেৱল অৰ্ধেক অংশহে পৰিশোধ কৰিবলৈ সমৰ্থ হৈছিল, তাৰোপৰি তেওঁ ‘ঘৰৱালি’ক (যৌনকৰ্মীসকলৰ মালিক) ঘৰ ভাড়া হিচাপে মাহিলী ৬,০০০ টকাকৈ ছমাহৰ বাকী দিবলৈ থকাৰ লগতে অতিৰিক্ত ৭,০০০ টকা ‘ঘৰৱালি’ৰ পৰা ধাৰ হিচাপে লৈছিল।











