‘মোৰ পাঁচ বছৰীয়া ছোৱালীজনীৰ তীব্ৰ জ্বৰ হৈছে। কিন্তু আৰক্ষীয়ে (তাইক চিকিৎসকৰ ওচৰলৈ লৈ যোৱাত) মোৰ স্বামীক বাধা দিলে। তেওঁ ভয় খালে আৰ উভতি আহিল। আমাক কলনিৰ পৰা ওলাবলৈ নিদিয়ে, আনকি হাস্পতাললৈ যাবলৈও দিয়া নাই,’ শ্বাকিলা নিজামুদ্দিনে কয়।
আহমেদাবাদ চহৰৰ চিটিজেন নগৰ সাহায্য কলনিত ৩০ বছৰীয়া শ্বাকিলাই বাস কৰে। ঘৰতে চিলা সাজি তেওঁ জীৱিকা নিৰ্বাহ কৰে। তেওঁ আৰু স্বামী, দুয়ো দৈনিক মজুদুৰ। তলাবন্ধৰ ফলত উপাৰ্জন বন্ধ হৈ পৰাৰ লগতে তেওঁলোকৰ জীৱনৰ আশাবোৰ ক্ষীণ হৈ যাবলৈ ধৰিছে। ‘ক্লিনিকবোৰ বন্ধ। সিহঁতে আমাক ঘৰলৈ যাবলৈ ক’লে আৰু ঘৰতে নিৰাময়ৰ ব্যৱস্থা কৰাৰ কথাও ক’লে। হাস্পতাললৈ যাব বিচাৰিলে আৰক্ষীয়ে ফাইল আৰু নথিপত্ৰ বিচাৰে। সেই ইমানবিলাক কাগজ-পত্ৰ আমি ক’ত বিচাৰি পাম?’ তেওঁ মোক ভিডিঅ” কলৰ দ্বাৰা কথাবিলাক ক’লে।
২০০২ৰ ভয়াৱহ সাম্প্ৰদায়িক সংঘৰ্ষৰ বাবে গৃহহীন হৈ পৰা ৫০,০০০ৰো অধিক লোকৰ বাবে ২০০৪ত গুজৰাটৰ এক দাতব্য প্ৰতিষ্ঠানে নিৰ্মাণ কৰা এনেধৰণৰ ৮১ টা আবাসিক কলনিৰ ভিতৰত এইটো এটা আৰু তলাবন্ধৰ সময়ত ইয়াৰ বাসিন্দাসকল ভয়ংকৰ দুঃস্বপ্নৰ মাজেৰে সময় পাৰ কৰিছে।
সমগ্ৰ ভাৰতত কৰ’ণাভাইৰাছ বিয়পি পৰাত বাধা দিবলৈ সকলোকে মাৰ বান্ধি ওলাই আহিবলৈ অমিতাভ বচ্চনে আহ্বান জনোৱা টেলিভিছনৰ পৰ্দাত দেখা বুলি মোক এজনে ক’লে।
‘আমি যদি হাত সাৱতি ঘৰতে বহি থাকিব লাগে, তেন্তে কি কাৰণত আমি হাত ধুব লাগে?’ মৰমতে সকলোৱে ৰেশ্মা আপ্পা বুলি কোৱা চিটিজেন নগৰ কলনীৰ এগৰাকী নেত্ৰী ৰেশ্মা ছৈয়দে কয়। ২০০২ত সংঘৰ্ষৰ বলি হোৱা নাৰোডা পাটিয়াৰ লোকৰ কাৰণে আহমেদাবাদত নিৰ্মাণ কৰা ১৫ টা পুনৰ্সংস্থাপন কলনিৰ ভিতৰত ই এটা। কলনিৰ প্ৰৱেশপথত থকা এটুকুৰা পকীত লিখি থোৱাৰ পৰা জানিব পৰা যায় যে ২০০৪ত কেৰালা ৰাজ্যিক মুছলিম সাহায্য কমিটিৰ সহায়ত এই কলনি নিৰ্মাণ কৰা হৈছিল। সংঘৰ্ষত প্ৰাণৰক্ষা পৰা ৪০ টা পৰিয়াল প্ৰথমে ইয়ালৈ আহিছিল, দুবছৰ আগতে তেওঁলোকৰ সকলো সম্পত্তি নিজৰ চকুৰ আগতে জ্বলাই ভষ্মীভূত কৰা তেওঁলোকে দেখিছিল।










