অবিভক্ত কালাহান্দি জিলাত মোৰ জন্ম। য’ত খৰাং-দুৰ্ভিক্ষ আৰু অনাহাৰত মৃত্যু তথা বিপদসংকূল প্ৰব্ৰজন মানুহৰ জীৱনৰ অভিন্ন অংশ আছিল। সৰু ল’ৰা হিচাপে আৰু পিছত সাংবাদিক হিচাপে এনে ঘটনা মই প্ৰত্যক্ষ কৰিছো। বিশদ বৰ্ণনাৰে এনে বহু ঘটনাৰ প্ৰতিবেদন প্ৰকাশ কৰিছো। বাস্তৱক নিৰ্মমভাৱে তুলি ধৰিছো। সেয়ে মই বুজি পাওঁ যে মানুহে কিয় প্ৰব্ৰজন কৰে। কি অৱস্থাই তেওঁলোকক প্ৰব্ৰজিত কৰিবলৈ বাধ্য কৰায়। তেওঁলোকে কেনেকৈ জীৱিকা অৰ্জন কৰে। নিজৰ শাৰীৰিক সামৰ্থ নেওচি তেওঁলোকে কাম কৰে।
এয়া খুব স্বাভাৱিক যে যিসময়ত তেওঁলোকক চৰকাৰী সাহায্যৰ প্ৰয়োজন হয়, তেওঁলোকক পৰিত্যাগ কৰা হয়। খাদ্য নাই, পানী নাই, যাতায়তৰ ব্যৱস্থা নাই আৰু দূৰ-দূৰণিত শত-সহস্ৰ কিলোমিটাৰ খোজ কাঢ়ি যাবলৈ তেওঁলোক বাধ্য হৈছে, আনকি তেওঁলোকৰ ভৰিত চেন্দেল এজোৰো নাছিল।
এনে পৰিস্থিতিয়ে মোক আহত কৰে। তেওঁলোকৰ সৈতে মোৰ আৱেগিক সম্পৰ্ক আছে। ইয়াৰ মানুহৰ লগত যোগাযোগ আছে। মোৰ অনুভৱ হয় যে মই তেওঁলোকৰ মাজৰে এজন। মোৰ কাৰণে তেওঁলোক নিশ্চিতভাৱে মোৰ মানুহ। সেয়ে খুব বেয়াকৈ তেওঁলোকৰ যন্ত্ৰণাই মোক আহত কৰিছে। আৰু একেখিনি মানুহ, একে সম্প্ৰদায় আৰু আন এক ঘটনাই মোক অসহায় কৰি তুলিছে। এই পৰিস্থিতিয়ে মোক উদ্ধেলিত কৰিছে। এই কথাবোৰ, শব্দবোৰ লিপিবদ্ধ কৰিবলৈ মই কবি নহয়।




